--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যিক বিজেপিত জ্যেষ্ঠ আৰু নবীনসকলৰ মাজত দ্বন্দৰ বহিঃপ্ৰকাশ ঘটিল নিৰ্বাচনী ফলাফলতো৷ পুনৰ চৰ্চাত বিজেপিৰ জ্যেষ্ঠ বিধায়ক মৃণাল শইকীয়াই সামাজিক মাধ্যমত দিয়া এটা প’ষ্ট৷

আশ্বৰ্যজনকভাৱে বিজেপি দলৰ এজন বিধায়ক হৈও শইকীয়াই যোৰহাট সমষ্টিৰ বিজয়ী কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক অভিনন্দন জ্ঞাপন কৰে৷ আনকি  কাজিৰঙা সমষ্টিত জয়ী হোৱা কামাখ্যা প্ৰসাদ তাছাকো শইকীয়াই এনেদৰে অভিনন্দন জ্ঞাপন কৰা দেখা পোৱা নাই৷ শইকীয়া কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক হোৱাৰ সূত্ৰে নিজ দলৰ তাছাৰ হৈ প্ৰচাৰো চলাইছিল৷

গৌৰৱ গগৈ বিজয়ী হোৱাৰ পাছতে শইকীয়াই লিখিছে- ‘‘যোৰহাট লোকসভা সমষ্টিত অসাধাৰণ বিজয়ৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াক বিশেষ ভাৱে অভিনন্দন। এই ফলাফল কেইবাটাও দিশত বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু ইয়ে প্ৰমাণ কৰে যে - ধন, ডাঙৰ প্ৰচাৰ অভিযান, অতিমাত্ৰাত নেতৃত্ব আৰু দৰ্পী ভাষণে নিৰ্বাচনত জয়ী হোৱাত সদায় সহায় নকৰে। লগতে অসমৰ পৰা নিৰ্বাচিত সকলো প্ৰাৰ্থীকে আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলো।’’

এই প’ষ্টৰ পাছতে ৰাজনৈতিক বিশ্লেষকসকলৰ মাজত ব্যাপক চৰ্চা চলিছে৷ শইকীয়াই ধনবল, ডাঙৰ প্ৰচাৰ অভিযান, দৰ্পী ভাষণৰ দ্বাৰা কি ইংগিত দিছে সেয়া বুজাত অনেকৰে অসুবিধা হোৱা নাই৷ ইয়াৰ দ্বাৰা মূলতঃ শইকীয়াই চলিত বিজেপি চৰকাৰৰ তাৰকা প্ৰচাৰকসকলক ইংগিত কৰিব বিচাৰিছে নেকি? অথবা অনাগত ভৱিষ্যতে শইকীয়াই কংগ্ৰেছৰ শিবিৰলৈ ৰাওনা  হ’ব নেকি তাক লৈও চৰ্চা চলিছে৷

উল্লেখ্য যে যোৱা কিছুদিন ধৰি অসম বিজেপিৰ জ্যেষ্ঠ আৰু নবীনৰ মাজত হোৱা যুঁজত মৃণাল শইকীয়াও নামি পৰিছিল৷ আনকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ স’তেও তেওঁ তৰ্কত লিপ্ত হৈছিল৷ তাৰপাছতে গৌৰৱ গগৈক অভিনন্দন জনাই পুনৰ এই বিষয়টো উদঙাই তুলিলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ