--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যিক বিজেপিত জ্যেষ্ঠ আৰু নবীনসকলৰ মাজত দ্বন্দৰ বহিঃপ্ৰকাশ ঘটিল নিৰ্বাচনী ফলাফলতো৷ পুনৰ চৰ্চাত বিজেপিৰ জ্যেষ্ঠ বিধায়ক মৃণাল শইকীয়াই সামাজিক মাধ্যমত দিয়া এটা প’ষ্ট৷

আশ্বৰ্যজনকভাৱে বিজেপি দলৰ এজন বিধায়ক হৈও শইকীয়াই যোৰহাট সমষ্টিৰ বিজয়ী কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক অভিনন্দন জ্ঞাপন কৰে৷ আনকি  কাজিৰঙা সমষ্টিত জয়ী হোৱা কামাখ্যা প্ৰসাদ তাছাকো শইকীয়াই এনেদৰে অভিনন্দন জ্ঞাপন কৰা দেখা পোৱা নাই৷ শইকীয়া কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক হোৱাৰ সূত্ৰে নিজ দলৰ তাছাৰ হৈ প্ৰচাৰো চলাইছিল৷

গৌৰৱ গগৈ বিজয়ী হোৱাৰ পাছতে শইকীয়াই লিখিছে- ‘‘যোৰহাট লোকসভা সমষ্টিত অসাধাৰণ বিজয়ৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াক বিশেষ ভাৱে অভিনন্দন। এই ফলাফল কেইবাটাও দিশত বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু ইয়ে প্ৰমাণ কৰে যে - ধন, ডাঙৰ প্ৰচাৰ অভিযান, অতিমাত্ৰাত নেতৃত্ব আৰু দৰ্পী ভাষণে নিৰ্বাচনত জয়ী হোৱাত সদায় সহায় নকৰে। লগতে অসমৰ পৰা নিৰ্বাচিত সকলো প্ৰাৰ্থীকে আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলো।’’

এই প’ষ্টৰ পাছতে ৰাজনৈতিক বিশ্লেষকসকলৰ মাজত ব্যাপক চৰ্চা চলিছে৷ শইকীয়াই ধনবল, ডাঙৰ প্ৰচাৰ অভিযান, দৰ্পী ভাষণৰ দ্বাৰা কি ইংগিত দিছে সেয়া বুজাত অনেকৰে অসুবিধা হোৱা নাই৷ ইয়াৰ দ্বাৰা মূলতঃ শইকীয়াই চলিত বিজেপি চৰকাৰৰ তাৰকা প্ৰচাৰকসকলক ইংগিত কৰিব বিচাৰিছে নেকি? অথবা অনাগত ভৱিষ্যতে শইকীয়াই কংগ্ৰেছৰ শিবিৰলৈ ৰাওনা  হ’ব নেকি তাক লৈও চৰ্চা চলিছে৷

উল্লেখ্য যে যোৱা কিছুদিন ধৰি অসম বিজেপিৰ জ্যেষ্ঠ আৰু নবীনৰ মাজত হোৱা যুঁজত মৃণাল শইকীয়াও নামি পৰিছিল৷ আনকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ স’তেও তেওঁ তৰ্কত লিপ্ত হৈছিল৷ তাৰপাছতে গৌৰৱ গগৈক অভিনন্দন জনাই পুনৰ এই বিষয়টো উদঙাই তুলিলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু