--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিগত কেছুদিনৰপৰা অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে ২ এপ্রিলত খালী হ’বলগীয়া ৰাজ্যসভাৰ দুখন আসন। এই আসন দুখনত বৰ্তমান সাংসদ হিচাপে ক্ষমতাত আছে কংগ্রেছৰ ৰিপুন বৰা আৰু ৰাণী নৰহ। আসন দুখনক লৈ কাক কিদৰে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব এই লৈ উকমুকনি বৃদ্ধি পাইছে বিৰোধী ৰাজনৈতিক দলৰ মাজত। সংখ্যাগৰিষ্ঠতাৰ অভাৱত বিশেষকৈ কংগ্ৰেছে শংকিত হৈ পৰিছে নেকি?

এয়া এতিয়া বহুচৰ্চাৰ বিষয় অসমৰ ৰাজনৈতিক মহলত। কিয়নো বৰ্তমান কংগ্ৰছী শিবিৰত বিধায়কৰ সংখ্যা যদিহে বাঘবৰৰ শ্বেৰমান আলী আৰু ৰহাৰ শশীকান্ত দাসক বাদ দিয়া হয় তেন্তে মুঠ বিধায়কৰ সংখ্যা হয় মাত্র ২৫জন।

আনহাতে এ আই ইউ ডি এফৰ ১৫ আৰু অখিল গগৈ, সৰভোগৰ মনোৰঞ্জন তালুকদাৰ মিলি বিৰোধী শিবিৰত মেজিক নম্বৰ হয় ৪২। কিন্তু লক্ষণীয় কথাটো হ'ল ২০২১ৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ সময়ত কংগ্রেছৰ নেতৃত্বত গঠিত মহাজোট বন্ধনত এ আই ইউ ডি এফ দলেও অংশীদাৰ হিচাপে আছিল যদিও, উপ-নিৰ্বাচনৰ সময়ত ভূপেন বৰাই প্ৰদেশ কংগ্রেছৰ নতুন দায়িত্বভাৰ লৈয়ে মহাজোঁটৰ পৰা বিদায় দিলে এ আই ইউ ডি এফক। তাৰ পৰিপ্ৰেক্ষিতত এ আই ইউ ডি এফৰ কেন্দ্রীয় সাধাৰণ সম্পাদক তথা সোণাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই কয় যে ৰাজ্যসভাৰ এখন আসনৰ বাবে তেওঁলোকে নিজাববীয়াকৈ প্ৰাৰ্থী দিব।

ইপিনে হয়তো আন এক অংক হ’ব পাৰে অখিল গগৈ আৰু মনোৰঞ্জন তালুকদাৰক লৈ। এই দুগৰাকী বিধায়কে কাক সমৰ্থন কৰিব সেয়াই এতিয়া লাখটকীয়া প্ৰশ্ন! নে বিজেপিৰ হৈ কংগ্রেছৰ প্ৰাক্তন কেন্দ্রীয় মন্ত্রী পৱন সিং ঘাটোৱাৰে প্ৰাৰ্থিত্ব পাব আদিবোৰ কথাই বৰ্তমান অসমৰ ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ