--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিগত কেছুদিনৰপৰা অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে ২ এপ্রিলত খালী হ’বলগীয়া ৰাজ্যসভাৰ দুখন আসন। এই আসন দুখনত বৰ্তমান সাংসদ হিচাপে ক্ষমতাত আছে কংগ্রেছৰ ৰিপুন বৰা আৰু ৰাণী নৰহ। আসন দুখনক লৈ কাক কিদৰে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব এই লৈ উকমুকনি বৃদ্ধি পাইছে বিৰোধী ৰাজনৈতিক দলৰ মাজত। সংখ্যাগৰিষ্ঠতাৰ অভাৱত বিশেষকৈ কংগ্ৰেছে শংকিত হৈ পৰিছে নেকি?

এয়া এতিয়া বহুচৰ্চাৰ বিষয় অসমৰ ৰাজনৈতিক মহলত। কিয়নো বৰ্তমান কংগ্ৰছী শিবিৰত বিধায়কৰ সংখ্যা যদিহে বাঘবৰৰ শ্বেৰমান আলী আৰু ৰহাৰ শশীকান্ত দাসক বাদ দিয়া হয় তেন্তে মুঠ বিধায়কৰ সংখ্যা হয় মাত্র ২৫জন।

আনহাতে এ আই ইউ ডি এফৰ ১৫ আৰু অখিল গগৈ, সৰভোগৰ মনোৰঞ্জন তালুকদাৰ মিলি বিৰোধী শিবিৰত মেজিক নম্বৰ হয় ৪২। কিন্তু লক্ষণীয় কথাটো হ'ল ২০২১ৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ সময়ত কংগ্রেছৰ নেতৃত্বত গঠিত মহাজোট বন্ধনত এ আই ইউ ডি এফ দলেও অংশীদাৰ হিচাপে আছিল যদিও, উপ-নিৰ্বাচনৰ সময়ত ভূপেন বৰাই প্ৰদেশ কংগ্রেছৰ নতুন দায়িত্বভাৰ লৈয়ে মহাজোঁটৰ পৰা বিদায় দিলে এ আই ইউ ডি এফক। তাৰ পৰিপ্ৰেক্ষিতত এ আই ইউ ডি এফৰ কেন্দ্রীয় সাধাৰণ সম্পাদক তথা সোণাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই কয় যে ৰাজ্যসভাৰ এখন আসনৰ বাবে তেওঁলোকে নিজাববীয়াকৈ প্ৰাৰ্থী দিব।

ইপিনে হয়তো আন এক অংক হ’ব পাৰে অখিল গগৈ আৰু মনোৰঞ্জন তালুকদাৰক লৈ। এই দুগৰাকী বিধায়কে কাক সমৰ্থন কৰিব সেয়াই এতিয়া লাখটকীয়া প্ৰশ্ন! নে বিজেপিৰ হৈ কংগ্রেছৰ প্ৰাক্তন কেন্দ্রীয় মন্ত্রী পৱন সিং ঘাটোৱাৰে প্ৰাৰ্থিত্ব পাব আদিবোৰ কথাই বৰ্তমান অসমৰ ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু