--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাগত ৰাজ্যসভাৰ নিৰ্বাচন। ৰাজ্যসভাৰ দ্বিতীয়খন আসনক লৈ টনা–আঁজোৰা বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত। AIUDFৰ স্থিতি স্পষ্ট, আমি পূৰ্বৰে পৰা বহুখিনি ত্যাগ কৰিলো, এইবাৰ আমাক এটা সুযোগ দিয়ক ৰাজ্যসভাৰ দ্বিতীয়খন আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ। শাসক–বিৰোধী সকলোৰে শেন চকু ৰাজ্যসভাৰ দ্বিতীয়খন আসনক লৈ। শাসক পক্ষ বিজেপিয়ে দুয়োখন আসনতে নিজৰ প্ৰাৰ্থিত্ব দিব বুলি নিশ্চয়তা দিছে। কংগ্ৰেছেও দ্বিতীয়খন আসনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থিত্ব দিব বুলি ঘোষণা কৰিছে। সেয়ে ৰাজ্য সভাৰ নিৰ্বাচনক লৈ দিছপুৰত জমি উঠিছে ৰাজনৈতিক অংক। সুযোগৰ অপেক্ষাত আছে বিৰোধী দল এআইইউডিএফ। ইয়াৰ মাজতে, দিছপুৰত আজি এআইউডিএফৰে প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া। আজি সন্ধিয়া ভাগত বিৰোধী দলৰ দলপতিগৰাকী উপস্থিত হয় বদৰুদ্দিন আজমলৰ বাসগৃহত। আলোচনাৰ অন্তত আমিনুল ইছলামে সংবাদ মাধ্যমৰ আগত কয় যে, এইবাৰ ৰাজ্যসভাৰ প্ৰাৰ্থী এআইইউডিএফৰ হোৱাটো বিচাৰে । তেওঁ লগতে কয় যে, কংগ্ৰেছৰ দুই এজনে প্ৰাৰ্থীত্ব বিচাৰিছে যদিও সেয়া তেওঁলোকৰ ব্যক্তিগত কথা। কিন্তু দলীয় ভাবে হোৱা আলোচনাত কেৱল আমাৰ দলৰ প্ৰাৰ্থী দিয়াৰ সন্দৰ্ভত আলোচনা চলিছে। ইফালে, বিৰোধী দলপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, বিজেপি বিৰোধী শক্তি এক হোৱাটো বিচাৰে দলপতি গৰাকীয়ে। এআইউডিএফ ৰে আলোচনা চলিছে। প্ৰাৰ্থী সন্দৰ্ভত পিছলৈ বিবেচনা কৰা হব। মাজুলী উপ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ প্ৰতি সমৰ্থন থাকিব কংগ্ৰেছৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু