--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাগত ৰাজ্যসভাৰ নিৰ্বাচন। ৰাজ্যসভাৰ দ্বিতীয়খন আসনক লৈ টনা–আঁজোৰা বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত। AIUDFৰ স্থিতি স্পষ্ট, আমি পূৰ্বৰে পৰা বহুখিনি ত্যাগ কৰিলো, এইবাৰ আমাক এটা সুযোগ দিয়ক ৰাজ্যসভাৰ দ্বিতীয়খন আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ। শাসক–বিৰোধী সকলোৰে শেন চকু ৰাজ্যসভাৰ দ্বিতীয়খন আসনক লৈ। শাসক পক্ষ বিজেপিয়ে দুয়োখন আসনতে নিজৰ প্ৰাৰ্থিত্ব দিব বুলি নিশ্চয়তা দিছে। কংগ্ৰেছেও দ্বিতীয়খন আসনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থিত্ব দিব বুলি ঘোষণা কৰিছে। সেয়ে ৰাজ্য সভাৰ নিৰ্বাচনক লৈ দিছপুৰত জমি উঠিছে ৰাজনৈতিক অংক। সুযোগৰ অপেক্ষাত আছে বিৰোধী দল এআইইউডিএফ। ইয়াৰ মাজতে, দিছপুৰত আজি এআইউডিএফৰে প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া। আজি সন্ধিয়া ভাগত বিৰোধী দলৰ দলপতিগৰাকী উপস্থিত হয় বদৰুদ্দিন আজমলৰ বাসগৃহত। আলোচনাৰ অন্তত আমিনুল ইছলামে সংবাদ মাধ্যমৰ আগত কয় যে, এইবাৰ ৰাজ্যসভাৰ প্ৰাৰ্থী এআইইউডিএফৰ হোৱাটো বিচাৰে । তেওঁ লগতে কয় যে, কংগ্ৰেছৰ দুই এজনে প্ৰাৰ্থীত্ব বিচাৰিছে যদিও সেয়া তেওঁলোকৰ ব্যক্তিগত কথা। কিন্তু দলীয় ভাবে হোৱা আলোচনাত কেৱল আমাৰ দলৰ প্ৰাৰ্থী দিয়াৰ সন্দৰ্ভত আলোচনা চলিছে। ইফালে, বিৰোধী দলপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, বিজেপি বিৰোধী শক্তি এক হোৱাটো বিচাৰে দলপতি গৰাকীয়ে। এআইউডিএফ ৰে আলোচনা চলিছে। প্ৰাৰ্থী সন্দৰ্ভত পিছলৈ বিবেচনা কৰা হব। মাজুলী উপ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ প্ৰতি সমৰ্থন থাকিব কংগ্ৰেছৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু