--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ত্ৰিপুৰা চৰকাৰৰ ছন্দপতন। বিজেপিশাসিত ত্ৰিপুৰাত বিজেপিৰ খহনীয়া আৰম্ভ হৈছে। ত্ৰিপুৰা বিজেপিৰ দুজন বিধায়ক ক্ৰমে সুদীপ ৰয় বৰ্মন আৰু আশীষ কুমাৰ সাহাই বিধায়ক পদৰ পৰা পদত্যাগ কৰিছে। দুয়োজন বিধায়কে দলৰ প্ৰাথমিক সদস্যপদৰ পৰাও পদত্যাগ কৰে। সুদীপ ৰয় বৰ্মন আৰু আশীষ কুমাৰ সাহাই কংগ্ৰেছত আজি যোগদান কৰিব। সদ্য বিজেপি ত্যাগী সুদীপ ৰয়ে কয়, "বহুতো বিধায়ক বিজেপি ত্যাগ কৰিবলৈ সাজু হৈছে, কিন্তু হয়তো তেওঁলোকে কাৰিকৰী কাৰণত আৰু কেইমাহমান অপেক্ষা কৰিব লাগিব।" ইয়াৰ পূৰ্বে ২৯ জানুৱাৰীত বিদ্ৰোহী বিজেপি বিধায়ক সুদীপ ৰয় বৰ্মনে ত্ৰিপুৰা চৰকাৰক আক্ৰমণ কৰি কৈছিল "ৰাজ্যখনত কোনো গণতন্ত্ৰ নাই আৰু ইয়াত মানুহ শ্বাসৰুদ্ধ হৈ পৰিছে। সুদীপ ৰয় ত্ৰিপুৰা চৰকাৰৰ এজন প্ৰাক্তন মন্ত্ৰী আছিল। দল বিৰোধী কাৰ্যকলাপৰ বাবে তেওঁক মন্ত্ৰীপদৰ পৰা আঁতৰাই দিয়া হৈছিল। সুদীপ ৰয়ে কয় যে "ৰাজ্যখনত গণতন্ত্ৰৰ কোনো স্থান নাই। ত্ৰিপুৰাত বাকস্বাধীনতা দমন কৰা হয়।" বিধায়কজনে লগতে কয় যে তেওঁৰ ঘনিষ্ঠ সহযোগী আশীষ কুমাৰ সাহা আৰু তেওঁৰ কৰ্মীসকলে চিপিআই(এম)ক ক্ষমতাৰ পৰা উৎখাত কৰি বিজেপিক ক্ষমতালৈ অনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল কিন্তু এই বিজেপি চৰকাৰে এতিয়া মানুহৰ হকে একো কৰা নাই। এই চৰকাৰৰ দ্বাৰা সাধাৰণ জনতা পীড়িত হৈছে। সুদীপ ৰয় বৰ্মন আৰু আশীষ কুমাৰ সাহাই কংগ্ৰেছত যোগদান কৰাক লৈ ত্ৰিপুৰা কংগ্ৰেছৰ প্ৰভাৰী অজয় কুমাৰে কয়, "এইটো মাঁথো এটা ট্ৰেইলাৰ হে, অতি সোনকালে ১১-১২ জন বিধায়কৰ যোগদানৰ কাহিনী আৰম্ভ হ'ব। আৰু দুজন বিজেপি বিধায়ক কংগ্ৰেছলৈ আহিব কিন্তু কিছু আইনী বাধাৰ বাবে তেওঁলোকে এতিয়াও দলত যোগদান কৰিব পৰা নাই। উল্লেখ্য যে ত্ৰিপুৰাৰ সুদীপ ৰয় বৰ্মন আৰু আশীষ কুমাৰ সাহাসহ ৪ বিধায়কে ইতিমধ্যে সাক্ষাৎ কৰিলে ৰাহুল গান্ধীক। সুদীপ ৰয় বৰ্মন আৰু আশীষ কুমাৰ সাহাই আজিয়েই যোগদান কৰিব কংগ্ৰেছত। কাৰিকৰী কাৰণত আজিয়েই কংগ্ৰেছত যোগদান কৰিব নোৱাৰে বাকী দুই বিধায়কে। দিনৰ ২.৩০ বজাত AICCৰ কাৰ্যালয়ত আনুষ্ঠানিকভাবে কংগ্ৰেছত যোগদান কৰিব দুই বিধায়কে। অনাগত দিনত আৰু ১৫ গৰাকী বিধায়কে কংগ্ৰেছত যোগদান কৰিব বুলি সূত্ৰ অনুসৰি প্ৰকাশ পাইছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল ২০২৩ বৰ্ষত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব বিধান সভা নিৰ্বাচন। বিধান সভা নিৰ্বাচনৰ পূৰ্বেই বিধায়ক দুগৰাকীয়ে বিধায়ক পদ ত্যাগ কৰাৰ ঘটনাই যথেষ্ট তাৎপৰ্য বহন কৰিছে৷ পূৰ্বৰ মানিক সৰকাৰৰ দীঘলীয়া শাসনৰ অন্তত ২০১৮ চনত ত্ৰিপুৰাৰ শাসনৰ বাঘজৰী হাতত ল'বলৈ সক্ষম হৈছিল বিপ্লৱ দেৱ নেৃতৃত্বাধীন বিজেপি চৰকাৰে। পৰৱৰ্তী পৰ্যায়ত ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ জনপ্ৰিয়তা লাহে লাহে বৃদ্ধি পাবলৈ ধৰে৷ এতিয়া এনে এটা সময়ত সুদীপ ৰয় বৰ্মন আৰু আশীষ কুমাৰ সাহাই বিধায়ক পদ ত্যাগ কৰা বিষয়টো নিশ্চিতভাৱে হৈ পৰিছে বিপ্লৱদেৱ নেৃতৃত্বাধীন বিজেপি চৰকাৰৰ বাবে এক মোক্ষম আঘাত। আনহাতে এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ত্ৰিপুৰা বিজেপিৰ সভাপতি ড৹ মানিক সাহাই কয় "ত্ৰিপুৰাত বিজেপিৰ দুজন বিধায়কৰ পদত্যাগক লৈ শাসকীয় দলটো একেবাৰে চিন্তিত নহয়। গণতান্ত্ৰিক ব্যৱস্থা অনুসৰি তেওঁলোকৰ বিধায়কপদৰ পৰা পদত্যাগ কৰাৰ অধিকাৰ আছে।" আৰু পঢ়কঃ মহাভাৰতৰ ‘ভীম’ প্ৰবীণ কুমাৰ সৱতীৰ মৃত্যু ;ৰোগ আৰু আৰ্থিক সংকটত হৈছিল জুৰুলা

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু