--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যসভাৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিৰে পৰা উত্তপ্ত হৈ আছে সদনৰ মজিয়া৷ এনে পৰিস্থিতিৰ মাজতে বিৰোধী সাংসদ সকলে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ অনাৰ প্ৰস্তুতি চলাইছে৷ 

সংবাদ মাধ্যমৰ খবৰ অনুসৰি অধ্যক্ষ জগদীপ ধনখৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ উত্থাপন কৰিবলৈ সাজু হৈছে বিৰোধী আৰু বিৰোধীৰ প্ৰায় ৭০ জন সাংসদে ইতিমধ্যে এই প্ৰস্তাৱত স্বাক্ষৰ প্ৰদান কৰিছে। এই প্ৰস্তাৱত সমাজবাদী পাৰ্টি আৰু টিএমচিয়েও সমৰ্থন আগবঢ়াইছে। অধ্যক্ষ ধনখৰে জৰ্জ ছ’ৰ’ছৰ সন্দৰ্ভত শাসকীয় দলক সুযোগ দিছে বুলি বিৰোধী দলৰ সাংসদসকলে অভিযোগ উত্থাপন কৰিছে৷ 

এই সন্দৰ্ভত কংগ্ৰেছৰ সূত্ৰ অনুসৰি গৌতম আদানীৰ বিষয়টো পাটলাবলৈ বিজেপিয়ে জৰ্জ ছ’ৰ’ছৰ বিষয়টো উত্থাপন কৰিছে। এনে পৰিপ্ৰেক্ষিতত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিবলৈ সাজু হৈছে কংগ্ৰেছ।  কাইলৈ ​​বিৰোধীয়ে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ উত্থাপন কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ মন কৰিবলগীয়া যে আজি সংসদৰ উচ্চ সদনত ছ’ৰ’ছৰবিষয়ত শাসকীয় দলে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয়। ইফালে সদনত শাসকীয় দল আৰু বিৰোধীৰ মাজত বাক-বিতণ্ডা পৰিলক্ষিত হ’ল। বিজেপিৰ মুৰব্বী নড্ডাইও কংগ্ৰেছৰ বিৰুদ্ধে সদনৰ মজিয়াত সৰৱ হৈ পৰে।

উল্লেখযোগ্য যে ৰাজ্যসভাৰ বিৰোধী সাংসদসকলে অধ্যক্ষগৰাকীয়ে শাসকীয় দলৰ প্ৰতি পক্ষপাতিত্ব কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে অধ্যক্ষই প্ৰায়ে বিৰোধীৰ ভাষণত বাধা দিয়ে, গুৰুত্বপূৰ্ণ বিষয়ত পৰ্যাপ্ত বিতৰ্কৰ অনুমতি নিদিয়ে আৰু আলোচনাৰ সময়ত শাসকীয় দলৰ পক্ষ গ্ৰহণ কৰে ।

প্ৰসংগক্ৰমে সংসদৰ বাজেট অধিৱেশনৰ সময়তো বিৰোধী সাংসদসকলে ৰাজ্যসভাত নিজৰ মতামত প্ৰকাশৰ সময় আৰু স্থান হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। বিৰোধীসকলে যুক্তি আগবঢ়ায় যে সংসদীয় পৰম্পৰা অনুসৰি বিৰোধী দলপতিৰ নেতাক ভাষণ দিয়াৰ সুযোগ দিয়া উচিত। বাজেট অধিৱেশনৰ সময়ত কংগ্ৰেছৰ সভাপতি তথা বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণত বাৰে বাৰে বাধা দিয়াৰ লগতে কেইবাবাৰো তেওঁৰ মাইক্ৰ’ফোন বন্ধ কৰা বুলি অভিযোগ উঠিছিল।

অধ্যক্ষ পদটো দেশৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদ। ৰাজ্য সভাৰ অধক্ষ্যক পদৰ পৰা অপসাৰণ কৰা সহজ নহয়। অনাস্থা প্ৰস্তাৱ আনিবৰ বাবে কমেও ৫০ জন সদস্যৰ স্বাক্ষৰ প্ৰয়োজন, ১৪ দিন আগতে ৰাজ্যসভাৰ সচিবালয়ত প্ৰস্তাৱ দাখিল কৰিব লাগিব, এই প্ৰস্তাৱৰ ওপৰত ৰাজ্যসভাত উপস্থিত থকা গৰিষ্ঠসংখ্যক সদস্যই সিদ্ধান্ত গ্ৰহণ কৰিব। ইয়াৰ পিছত লোকসভাত প্ৰস্তাৱটো উত্থাপন কৰা হয়, আৰু সংখ্যাগৰিষ্ঠতাৰে গৃহীত হ’ব লাগিব।

অৱশ্যে শেহতীয়াকৈ অধ্যক্ষৰ কামৰ ন্যায্যতা তথা পক্ষপাতিত্বমূলক কাৰ্যই এই পদক্ষেপ গ্ৰহণৰ সিদ্ধন্ত কৰিছে বিৰোধীয়ে। এনে পৰিস্থিতিত ২০ ডিচেম্বৰলৈকে চলিব লগীয়া শীতকালীন অধিৱেশনত এনে পৰিস্থিতিত সদনৰ মজিয়াত এই প্ৰস্তাৱ সন্দৰ্ভত তীব্ৰ বাক-বিতণ্ডা হোৱাৰ সম্ভাৱনা আছে। বিৰোধী দলসমূহে সদনত তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ আৰু ন্যায়পৰায়ণতা পুনৰুদ্ধাৰৰ বাবে এই প্ৰস্তাৱ গ্ৰহণৰ বাবে সাজু হোৱা বুলি সদৰি কৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু