--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীৰ জন্ম দিনৰ পূৰ্বে ৮ ডিচেম্বৰ দেওবাৰে বিজেপিয়ে বৰিষ্ঠ নেতাগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে তেওঁ আমেৰিকাৰ ব্যৱসায়ী জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ পুঁজিৰে চলি থকা এটা সংগঠনৰ সৈতে সম্পৰ্ক আছে৷ যিটো সংগঠনে স্বাধীন কাশ্মীৰৰ ধাৰণাক সমৰ্থন কৰিছে। এক্সৰ এটা প’ষ্টৰ জৰিয়তে ছোনিয়া গান্ধীৰ সৈতে এই সম্পৰ্কই ভাৰতৰ আভ্যন্তৰীণ বিষয় সমূহত বহিৰাষ্ট্ৰৰ প্ৰভাৱক প্ৰতিফলিত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে৷ 

প্ৰাপ্ত তথ্য অনুসৰি ছোনিয়া গান্ধী ফ’ৰাম অৱ ডেম’ক্ৰেটিক লিডাৰ্ছ ইন এছিয়া-পেচিফিক (এফডিএল-এপি) ফাউণ্ডেশ্যনৰ সহ-সভাপতি যিটো জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ পুঁজিৰে গঠিত সংগঠনটোৰ সৈতে জড়িত বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে৷ 

অৱশ্যে বিজেপিয়ে ভাৰতক অস্থিৰ কৰাৰ প্ৰচেষ্টাক সমৰ্থন কৰাৰ অভিযোগ আমেৰিকাই নাকচ কৰিছে৷ ইয়াৰ বিপৰীতে লোকসভাত এই বিষয়ত বিৰোধী নেতা ৰাহুল গান্ধীক ১০টা প্ৰশ্ন কৰাৰ কথা সদৰি কৰিছে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই৷ লগতে বিজেপিৰ সাংসদগৰাকীয়ে কয় যে মিডিয়া পৰ্টেল, সংগঠিত অপৰাধ আৰু দুৰ্নীতি প্ৰতিবেদন প্ৰকল্প (অ’চিচিআৰপি) আৰু ছ’ৰ’ছে বিৰোধীৰ সৈতে মিলি ভাৰতৰ অৰ্থনীতি ধ্বংস কৰাৰ লগতে মোডী চৰকাৰক বদনাম কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ আনিছে।

বিজেপিয়ে অভিযোগ অনুসৰি ৰাহুল গান্ধীয়ে আদানীক লৈ অনুষ্ঠিত সংবাদমেল জৰ্জ ছ’ৰ’ছৰ পুঁজিৰে অ’চিচিআৰপিয়ে লাইভ টেলিকাষ্ট কৰিছিল। ইয়াৰ দ্বাৰা তেওঁলোকৰ মাজত শক্তিশালী আৰু বিপজ্জনক সম্পৰ্ক প্ৰকাশ পাইছে আৰু ভাৰতীয় অৰ্থনীতিক নিম্নগামী কৰাৰ প্ৰচেষ্টাক স্পষ্ট কৰি তুলিছে।

কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে ৰাজহুৱাভাৱে জৰ্জ ছ’ৰ’ছক ‘পুৰণি বন্ধু’ বুলি অভিহিত কৰিছে বুলিও  উল্লেখ কৰিছে৷ ইয়াৰোপৰি আমেৰিকাৰ সহযোগত অ'চিচিআৰপি আৰু ৰাহুল গান্ধীৰ সৈতে ষড়যন্ত্ৰ কৰি ভাৰতৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত কৰিছিল বুলি বিজেপিয়ে ৫ ডিচেম্বৰত দাবী কৰিছিল।

ইফালে কংগ্ৰেছে মোডী চৰকাৰে আদানীক বচাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু এই বিষয়টোৰ সম্পূৰ্ণ তদন্তৰ বাবে যৌথ সংসদীয় সমিতি গঠনৰ দাবী জনাইছে। এই বিষয়টো কংগ্ৰেছে সদনতো উত্থাপন কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ