--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত স্বামী-স্ত্ৰীৰ মাজত বিবাদ ইমানেই বাঢ়িছে যে ই বিপজ্জনক ৰূপ ধাৰণ কৰিছে। কোনো কোনো ঠাইত হত্যাকাণ্ড আৰু বহু ঠাইত সম্পৰ্কত বিৰক্ত হৈ আত্মহত্যাৰ দৰে ঘটনা ঘটাও দেখা গৈছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা এনে এটা ঘটনা পোহৰলৈ আহিছে। 

ইয়াত স্বামীয়ে ভিডিঅ’ কলত পত্নীৰ সৈতে কথা পাতি থকা অৱস্থাতে আত্মহত্যা কৰে। তথ্য অনুসৰি বিবাহৰ পিছৰে পৰা দুয়োৰে মাজত বিবাদৰ সৃষ্টি হৈছিল। পত্নী মাতৃগৃহলৈ গুচি গৈছিল, স্বামীয়ে তেওঁক ঘৰলৈ উভতি যাবলৈ কৈ আছিল, কিন্তু পত্নী মান্তি হোৱা নাছিল। খং আৰু মানসিক চাপত থকা স্বামীয়ে পত্নীলৈ ভিডিঅ’ কল কৰি আত্মহত্যা কৰে। 

ঘটনা অনুসৰি দৰ্জী হিচাপে কাম কৰা দীনেশ ওৰফে অজয় ​​বজৰংগী (২৬)পৰিয়ালসহ নৌবস্তা হনুমন্ত বিহাৰত বাস কৰিছিল। ২০২৩ চনৰ ২২ জুনত ফতেহপুৰৰ ৰাধাৰ সৈতে বিবাহপাশত আবদ্ধ হয় দীনেশ। বিবাহৰ পিছত দুয়োৰে মাজত মতানৈক্য বাঢ়ি যায়। ৰাধাই বেলেগে থাকিবলৈ জোৰ দিবলৈ ধৰিলে, যাৰ বাবে দীনেশে বৰাদেৱীত ভাড়াতীয়া কোঠা এটা লয়। দুয়োজনেই তাত প্ৰায় আঠ মাহ একেলগে থাকিছিল যদিও শেহতীয়াকৈ কাজিয়া হোৱাৰ পিছত ৰাধা মাতৃগৃহলৈ গুচি গৈছিল।

মৃত যুৱকজনৰ মাতৃ সংগীতা দেৱীয়ে কয় যে তেওঁৰ পুত্ৰ মানসিকভাৱে ভাগি পৰিছিল। পত্নীয়ে তেওঁক মাৰপিট কৰিছিল আৰু উপযুক্ত যত্ন লোৱা নাছিল। পিতৃ ৰামবাবুৱে ক’লে যে ২ এপ্ৰিলত বোৱাৰীয়ে ফোন কৰি কৈছিল যে যদি আপুনি পুত্ৰক লগ কৰিব বিচাৰে তেন্তে এতিয়াই লগ কৰক, কাৰণ অতি সোনকালে তাই তাক জেললৈ পঠিয়াব।

পত্নীৰ আচৰণত অতীষ্ঠ হৈ ভিডিঅ’ কলৰ সময়ত দীনেশে ছুৰী হাতত লৈ ডিঙিত আঘাত কৰে। পৰিয়ালৰ লোকে দীনেশক চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি গোচৰৰ তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক