--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশ পুনৰ ধাৱমান হৈছে লকডাউনৰ দিশে৷ ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ মুখ্য চহৰসমূহৰ কিছু কিছু অঞ্চল ইতিমধ্যেই আংশিক লকডাউনৰ নিৰ্দেশনা জাৰি কৰা হৈছে৷ শেহতীয়াকৈ পশ্চিমবংগৰ ৰাজধানী কলকাতাতো বৃদ্ধি পাইছে ক'ৰনাত আক্ৰান্তৰ সংখ্যা৷ বিগত তিনি দিনত তিনি গুণ বৃদ্ধি পাইছে ৰাজ্যখনত ক'ৰনাত আক্ৰান্তৰ সংখ্যা৷ যাৰ বাবে সোমবাৰ অৰ্থাৎ তিনি জানুৱাৰীৰ পৰা ৰাজ্যখন লাঘৱ হ'ব আংশিক লকডাউন৷

উল্লেখ্য যে, শুকুৰবাৰে কেৱল ৰাজধানী চহৰতেই ১,৯৫৪জন লোকৰ দেহত ধৰা পৰিছিল ক'ভিডৰ সংক্ৰমণ৷ য'ত ৰাজ্যখনত নতুন ক'ভিড আক্ৰান্ত হয় ৩,৪৫১জন।

১৯ ডিচেম্বৰত, কলকাতাত ৫৪০জনৰ দেহত ধৰা পৰিছিল ক'ভিডৰ সংক্ৰমণ৷ আনহাতে ৰাজ্যখনত ১,0৮৯জনৰ দেহত ধৰা পৰিছিল ক'ভিড। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি কেৱল কলকাতাৰ সাপ্তাহিক পজিটিভিটীৰ হাৰ ১২.৫ শতাংশলৈ বৃদ্ধি পাইছে৷ আনহাতে সমগ্ৰ ৰাজ্যখনৰ পজিটিভিটিৰ হাৰ ৫.৪৭ শতাংশলৈ বৃদ্ধি পাইছে।

কলকাতা পৌৰ নিগম (কেএমচি) আৰু পশ্চিমবংগৰ স্বাস্থ্য বিভাগে ভাইৰাছৰ বিস্তাৰ নিয়ন্ত্ৰণ ৰখাৰ বাবে ‘চিষ্টেম এলাৰ্ট’ ঘোষণা কৰিছে।

শেহতীয়াকৈ, ৰাজ্য চৰকাৰে নতুন বছৰৰ প্ৰথম সপ্তাহত 'ছাত্ৰ সপ্তাহ' পালন কৰাৰ সিদ্ধান্ত লৈছিল। সোমবাৰে অৰ্থাৎ ৩ জানুৱাৰীত নেতাজী ইন্দোৰ ষ্টেডিয়ামত ছাত্ৰ-ছাত্ৰীৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও তাত উপস্থিত হোৱাৰ কথা আছিল। কিন্তু ক'ভিডৰ ভয়াৱহতাৰ ওপৰত লক্ষ্য ৰাখি, অনুষ্ঠানটো বাতিল কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে। অনুষ্ঠানটোত প্ৰায় ২,000 শিক্ষাৰ্থীয়ে উপস্থিত থকাৰ কথা আছিল। ৰাজ্যখনত কৰ'না সংক্ৰমণ বৃদ্ধি হোৱাৰ কোনো বিপদাশংকা ল'ব বিচৰা নাছিল চৰকাৰে। যাৰ বাবে কাইলৈ আৰম্ভ হ'বলগীয়া 'ছাত্ৰ সপ্তাহ' বাতিল কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে কলিকতা উচ্চ ন্যায়ালয় আৰু জিলা আদালতসমূহেও ৩ জানুৱাৰীৰ পৰা ভাৰ্চুৱেল মোডত কাম কৰাৰ সিদ্ধান্ত লৈছে। ইফালে, পশ্চিমবংগৰ কেবিনেট মন্ত্ৰী অৰূপ বিশ্বাস কৰ'না ভাইৰাছত আক্ৰান্ত হৈ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইপিনে শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি ৰাজ্যখনত ১১জনৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ সংক্ৰমণ৷ যাৰ বাবে উদ্বিগ্ন হৈ পৰিছে পশ্চিমবংগৰ স্বাস্থ্য বিভাগৰ লগতে প্ৰশাসনো৷ শেহতীয়াকৈ এক প্ৰশাসনিক বৈঠকত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিগম আৰু মুখ্য সচিব এইচ কে দ্বিবেদীৰ লগত হোৱা কথোপকথনত ৩ জানুৱাৰীৰ পাছত ৰাজ্যখনত ক'ভিডৰ হটছপট এলেকা চিহ্নিত কৰি মাইক্ৰ'কণ্টেনমেণ্ট জ'নৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি