--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতত পুনৰ ক’ভিডৰ তৃতীয় ঢৌৱে ত্ৰাস সৃষ্টি কৰাৰ দিশে গতি কৰি কৰ’না পৰিস্থিতিয়ে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিগত ২৪ ঘণ্টাত ভাৰতত অ’মিক্ৰন সংক্ৰমিত ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰাৰ সময়তে দেশৰ বাবে এটা আহিছে সুখবৰটো। বছৰৰ প্ৰথম দিনটোতে দেশবাসীলৈ বাবে আহিল সুখবৰ। এতিয়াৰে পৰা ১৮ বছৰৰ ঊৰ্ধ্বৰ সকলো নাগৰিকে ভেকচিন দিয়া পৰ্ব প্ৰায় সম্পন্ন হোৱাৰ পাছতেই আজিৰে পৰা আৰম্ভ হৈছে ১৫ৰ পৰা ১৮ৰ বয়সৰ কিশোৰ-কিশোৰীসকলৰ ভেকচিনৰ পঞ্জীয়ন প্ৰক্ৰিয়া। অ’মিক্ৰনৰ শংকা মাজতে কেন্দ্ৰীয় চৰকাৰী মুকলি কৰিলে এই পঞ্জীয়ন প্ৰক্ৰিয়া।

উল্লেখ্য যে কৰ’নাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ, কেৰালা আদি ৰাজ্যই কঠোৰ নিষেধ আৰোপ কৰিছে। ইপিনে, ক’ভিড পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধাৰণ কৰাৰ সয়মত কৰ’না ভাইৰাছৰ সংহাৰ ৰুধিবলৈ নতুন বছৰৰ প্ৰথম দিনটোতে দেশৰ ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীসকলক ভেকচিন প্ৰদান আৰম্ভ কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে।

উল্লেখ্য যে, ৩ জানুৱাৰীৰ পৰা দেশৰ ১৫-১৮ বছৰ বয়সৰ সকলো কিশোৰ-কিশোৰীসকলক দিব পাৰিব ভেকচিন। তাৰ বাবে আজিৰে পৰাই সকলোৱে কৰাব পাৰিব পঞ্জীয়ন। নেচনেল হেলথ অথৰীটিৰ চি ই অ’ ডাঃ আৰ এছ শৰ্মাৰ সদৰী কৰে ভেকচিন বাবে আগতীয়া পঞ্জীয়ন কৰাটো অত্যন্ত জৰুৰী। তেওঁ ২০০৭ চনৰ তথা তাৰ আগত জন্ম পোৱা সকলো কিশোৰ-কিশোৰীৰ পৰিয়ালবৰ্গক ভেকচিনৰ বাবে Cowin প’ৰ্টেলৰ মাধ্যমেৰে পঞ্জীয়ন কৰাবলৈ অনুৰোধ জনায়। এই কথা সদৰী কৰিছে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যয়ে।

আজিৰে পৰাই প্ৰায় এসপ্তাহ আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কিশোৰ-কিশোৰীৰ বাবে ঘোষণা কৰিছিল এই কথা। কৰ’না ভাইৰাছৰ পৰা বচাৰ ভেকচিনেই হ’ব একমাত্ৰ বিকল্পৰ পথ বুলি মন্তব্য কৰি দেশৰ সকলো কিশোৰ-কিশোৰীসকলক ভেকচিন লোৱাৰ প্ৰতি আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।
আনহাতে, টুইটাৰযোগে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দেশৰ সকলো পৰিয়ালৰ ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলৰ অভিভাৱকসকলক ভেকচিনৰ বাবে নাম পঞ্জীয়নৰ বাবে অনুৰোধ জনায়।

উল্লেখ্য যে, বিশ্বৰ কেইবাখনো দেশৰ শিশু-কিশোৰসকলক ভেকচিনৰ সফল পৰীক্ষণৰ তথ্য প্ৰকাশ পোৱাৰ সময়তে ভাৰতত কিশোৰ-কিশোৰীসকলক ভেকচিন দিয়া পৰ্ব আৰম্ভ কৰাটো হৈছে লক্ষ্যণীয় বিষয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি