--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতত পুনৰ ক’ভিডৰ তৃতীয় ঢৌৱে ত্ৰাস সৃষ্টি কৰাৰ দিশে গতি কৰি কৰ’না পৰিস্থিতিয়ে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিগত ২৪ ঘণ্টাত ভাৰতত অ’মিক্ৰন সংক্ৰমিত ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰাৰ সময়তে দেশৰ বাবে এটা আহিছে সুখবৰটো। বছৰৰ প্ৰথম দিনটোতে দেশবাসীলৈ বাবে আহিল সুখবৰ। এতিয়াৰে পৰা ১৮ বছৰৰ ঊৰ্ধ্বৰ সকলো নাগৰিকে ভেকচিন দিয়া পৰ্ব প্ৰায় সম্পন্ন হোৱাৰ পাছতেই আজিৰে পৰা আৰম্ভ হৈছে ১৫ৰ পৰা ১৮ৰ বয়সৰ কিশোৰ-কিশোৰীসকলৰ ভেকচিনৰ পঞ্জীয়ন প্ৰক্ৰিয়া। অ’মিক্ৰনৰ শংকা মাজতে কেন্দ্ৰীয় চৰকাৰী মুকলি কৰিলে এই পঞ্জীয়ন প্ৰক্ৰিয়া।

উল্লেখ্য যে কৰ’নাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ, কেৰালা আদি ৰাজ্যই কঠোৰ নিষেধ আৰোপ কৰিছে। ইপিনে, ক’ভিড পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধাৰণ কৰাৰ সয়মত কৰ’না ভাইৰাছৰ সংহাৰ ৰুধিবলৈ নতুন বছৰৰ প্ৰথম দিনটোতে দেশৰ ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীসকলক ভেকচিন প্ৰদান আৰম্ভ কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে।

উল্লেখ্য যে, ৩ জানুৱাৰীৰ পৰা দেশৰ ১৫-১৮ বছৰ বয়সৰ সকলো কিশোৰ-কিশোৰীসকলক দিব পাৰিব ভেকচিন। তাৰ বাবে আজিৰে পৰাই সকলোৱে কৰাব পাৰিব পঞ্জীয়ন। নেচনেল হেলথ অথৰীটিৰ চি ই অ’ ডাঃ আৰ এছ শৰ্মাৰ সদৰী কৰে ভেকচিন বাবে আগতীয়া পঞ্জীয়ন কৰাটো অত্যন্ত জৰুৰী। তেওঁ ২০০৭ চনৰ তথা তাৰ আগত জন্ম পোৱা সকলো কিশোৰ-কিশোৰীৰ পৰিয়ালবৰ্গক ভেকচিনৰ বাবে Cowin প’ৰ্টেলৰ মাধ্যমেৰে পঞ্জীয়ন কৰাবলৈ অনুৰোধ জনায়। এই কথা সদৰী কৰিছে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যয়ে।

আজিৰে পৰাই প্ৰায় এসপ্তাহ আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কিশোৰ-কিশোৰীৰ বাবে ঘোষণা কৰিছিল এই কথা। কৰ’না ভাইৰাছৰ পৰা বচাৰ ভেকচিনেই হ’ব একমাত্ৰ বিকল্পৰ পথ বুলি মন্তব্য কৰি দেশৰ সকলো কিশোৰ-কিশোৰীসকলক ভেকচিন লোৱাৰ প্ৰতি আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।
আনহাতে, টুইটাৰযোগে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দেশৰ সকলো পৰিয়ালৰ ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলৰ অভিভাৱকসকলক ভেকচিনৰ বাবে নাম পঞ্জীয়নৰ বাবে অনুৰোধ জনায়।

উল্লেখ্য যে, বিশ্বৰ কেইবাখনো দেশৰ শিশু-কিশোৰসকলক ভেকচিনৰ সফল পৰীক্ষণৰ তথ্য প্ৰকাশ পোৱাৰ সময়তে ভাৰতত কিশোৰ-কিশোৰীসকলক ভেকচিন দিয়া পৰ্ব আৰম্ভ কৰাটো হৈছে লক্ষ্যণীয় বিষয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক