--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সঘন আহযাহ চলিছে উত্তৰ প্ৰদেশলৈ। আজি প্ৰধানমন্ত্ৰী মোদী মেৰুটত উপস্থিত হয়। প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ মেৰুটৰ সাৰধানা বিধানসভাই ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। উলিওৱা হৈছে এক বৃহৎ ৰেলী। সাৰধনাৰ বিধায়ক সংগীত সোমে কৈছিল যে সমগ্ৰ সাৰধানা বিধানসভাত প্ৰায় ১০ লাখ চাকি জ্বলোৱা হয়। শ্ৰী ৰাম অযোধ্যালৈ অহাৰ পূৰ্বে যিদৰে অযোধ্যাক চাকিৰে সজোৱা হৈছিল ঠিক একেদৰে প্ৰধানমন্ত্ৰী মোদীৰ সাৰধনা বিধানসভা ৰেলী ভ্ৰমণৰ প্ৰাকমুহূৰ্তত সমগ্ৰ সাৰধানা বিধানসভা সমষ্টি চাকিৰে সজোৱা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ পূৰ্বে একেলগে জ্বলি উঠিল ১০ লাখ চাকি। পোহৰৰে আদৰণি জনোৱা হৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক।ইয়াৰ ফলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ ঠিক আগতে মেৰুটত দীপোৎসৱ উদযাপন কৰা হৈছিল। সন্ধিয়া সময়ত বিভিন্ন আকৃতিৰ চাকিৰ পোহৰেৰে সাৰধানা উজলি উঠে।

সাৰধানাৰ ৰাস্তাই ৰাস্তাই, চাৰিআলিসমূহতো চাকি জ্বলোৱা হৈছিল। কালিৰ দিনটোত একপ্ৰকাৰ আৱতৰীয়া দীপাৱলী উদযাপন হ'ল সাৰধানাত। উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে সাৰধনাৰ চালাভাত স্থাপন কৰিব উত্তৰ প্ৰদেশৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা। প্ৰধানমন্ত্ৰী মোদীক ১০ লাখ চাকিৰে আদৰণি জনোৱা কথাটোৱে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে।

আৰু পঢ়কঃ চিগাৰেট হুপি বিপদত পৰিল মোহময়ী অভিনেত্ৰী; তেওঁৰ বিৰুদ্ধে ফটোৱা জাৰিৰ দাবী


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক