--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সঘন আহযাহ চলিছে উত্তৰ প্ৰদেশলৈ। আজি প্ৰধানমন্ত্ৰী মোদী মেৰুটত উপস্থিত হয়। প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ মেৰুটৰ সাৰধানা বিধানসভাই ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। উলিওৱা হৈছে এক বৃহৎ ৰেলী। সাৰধনাৰ বিধায়ক সংগীত সোমে কৈছিল যে সমগ্ৰ সাৰধানা বিধানসভাত প্ৰায় ১০ লাখ চাকি জ্বলোৱা হয়। শ্ৰী ৰাম অযোধ্যালৈ অহাৰ পূৰ্বে যিদৰে অযোধ্যাক চাকিৰে সজোৱা হৈছিল ঠিক একেদৰে প্ৰধানমন্ত্ৰী মোদীৰ সাৰধনা বিধানসভা ৰেলী ভ্ৰমণৰ প্ৰাকমুহূৰ্তত সমগ্ৰ সাৰধানা বিধানসভা সমষ্টি চাকিৰে সজোৱা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ পূৰ্বে একেলগে জ্বলি উঠিল ১০ লাখ চাকি। পোহৰৰে আদৰণি জনোৱা হৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক।ইয়াৰ ফলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ ঠিক আগতে মেৰুটত দীপোৎসৱ উদযাপন কৰা হৈছিল। সন্ধিয়া সময়ত বিভিন্ন আকৃতিৰ চাকিৰ পোহৰেৰে সাৰধানা উজলি উঠে।

সাৰধানাৰ ৰাস্তাই ৰাস্তাই, চাৰিআলিসমূহতো চাকি জ্বলোৱা হৈছিল। কালিৰ দিনটোত একপ্ৰকাৰ আৱতৰীয়া দীপাৱলী উদযাপন হ'ল সাৰধানাত। উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে সাৰধনাৰ চালাভাত স্থাপন কৰিব উত্তৰ প্ৰদেশৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা। প্ৰধানমন্ত্ৰী মোদীক ১০ লাখ চাকিৰে আদৰণি জনোৱা কথাটোৱে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে।

আৰু পঢ়কঃ চিগাৰেট হুপি বিপদত পৰিল মোহময়ী অভিনেত্ৰী; তেওঁৰ বিৰুদ্ধে ফটোৱা জাৰিৰ দাবী


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি