--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ বায়ু-পানী-মাটি সকলোতে এতিয়া বিপদে চানি ধৰিছে দেশ খনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেক। বিমানেৰে লগত বিপুল পৰিমাণৰ ধন লৈ বিদেশলৈ পলাই যাবলৈ চেষ্টা কৰিও ব্যৰ্থ হৈছে গোটাবায়া ৰাজপাক্ষে। সেয়ে শেষ উপায় হিচাবে তেওঁ সাগৰীয় পথেৰেই দেশ এৰি যোৱাৰ পৰিকল্পনা কৰাৰ কথা পোহৰলৈ আহিছে।

প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে দ্বীপটোৰ পৰা পলায়ন কৰিবলৈ নৌসেনাৰ তহলদাৰী নাও ব্যৱহাৰ কৰিব বিচৰা বুলি এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। জনতাৰ ব্যাপক প্ৰতিবাদৰ পিছত গোটাবায়া ৰাজাপাক্ষেই বুধবাৰে পদত্যাগ কৰিছিল আৰু "ক্ষমতাৰ শান্তিপূৰ্ণ পৰিৱৰ্তন"ৰ প্ৰতিশ্ৰুতি দিছিল। 

৭৩ বছৰীয়া নেতাজনে শনিবাৰে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰাৰ ঠিক আগতে কলম্বোত থকা তেওঁৰ চৰকাৰী বাসগৃহৰ পৰা পলায়ন কৰিছিল। তাৰ পিছতে তেওঁ ডুবাইলৈ যাব বিচাৰিছিল। কিন্তু প্ৰতিবাদৰ বাবেই তেওঁ আকাশী পথেৰে বিদেশলৈ যাব পৰা নাছিল। ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীয়ে চাৰিখন বিমানেৰে বিদেশলৈ যাবলৈ চেষ্টা চলাই ব্যৰ্থ হৈছিল আৰু বন্দাৰানাইক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাষৰে এটা সামৰিক ঘাটিত ৰাতিটো কটাইছিল । 

জানিব পৰা মতে ৰাষ্ট্ৰপতি গোটাবায়াই নথিপত্ৰৰে ভৰ্তি এটা চুটকেচৰ লগতে নগদ ১৭.৮৫ নিযুত টকা লগত লৈ বিদেশলৈ যাবলৈ বিচাৰিছিল। কিন্তু জনতাৰ ৰোশত পৰাৰ ভয়ত তেওঁ বাৰে বাৰে বিমান বন্দৰৰ পৰা উভতি আহিবলগীয়া হৈছে। এতিয়া তেওঁৰ বাবে সৰ্বশ্ৰেষ্ঠ বিকল্প হৈছে সাগৰীয় পথেৰে প্ৰস্থান কৰা। এগৰাকী প্ৰতিৰক্ষা বিষয়াই এই প্ৰসংগত কয় "তেওঁ মালদ্বীপ বা ভাৰতলৈ যাব পাৰে আৰু তাৰ পৰাই তেওঁ বিমানেৰে ডুবাইলৈ যাব পাৰে।" 

ইপিনে শ্ৰীলংকাৰ সংসদে ২০ জুলাইত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব বুলি অধ্যক্ষ মহিন্দা ইয়াপা আবেৱৰ্ডনাই প্ৰকাশ কৰিছে। আবেৱৰ্ডনাই কয় যে শুকুৰবাৰে সংসদৰ বৈঠক হ’ব আৰু তাৰ কিছুদিন পিছতে নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিবলৈ ভোটদান অনুষ্ঠিত কৰা হ’ব।

কলম্বোত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ চৰকাৰী বাসভৱনত কিছুদিন পূৰ্বে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে আক্ৰমণ চলাইছিল। একেদৰে দেশ খনৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংহেৰ বাসগৃহতো প্ৰতিবাদকাৰীয়ে অগ্নি সংগযোগ কৰিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র