--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ বায়ু-পানী-মাটি সকলোতে এতিয়া বিপদে চানি ধৰিছে দেশ খনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেক। বিমানেৰে লগত বিপুল পৰিমাণৰ ধন লৈ বিদেশলৈ পলাই যাবলৈ চেষ্টা কৰিও ব্যৰ্থ হৈছে গোটাবায়া ৰাজপাক্ষে। সেয়ে শেষ উপায় হিচাবে তেওঁ সাগৰীয় পথেৰেই দেশ এৰি যোৱাৰ পৰিকল্পনা কৰাৰ কথা পোহৰলৈ আহিছে।

প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে দ্বীপটোৰ পৰা পলায়ন কৰিবলৈ নৌসেনাৰ তহলদাৰী নাও ব্যৱহাৰ কৰিব বিচৰা বুলি এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। জনতাৰ ব্যাপক প্ৰতিবাদৰ পিছত গোটাবায়া ৰাজাপাক্ষেই বুধবাৰে পদত্যাগ কৰিছিল আৰু "ক্ষমতাৰ শান্তিপূৰ্ণ পৰিৱৰ্তন"ৰ প্ৰতিশ্ৰুতি দিছিল। 

৭৩ বছৰীয়া নেতাজনে শনিবাৰে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰাৰ ঠিক আগতে কলম্বোত থকা তেওঁৰ চৰকাৰী বাসগৃহৰ পৰা পলায়ন কৰিছিল। তাৰ পিছতে তেওঁ ডুবাইলৈ যাব বিচাৰিছিল। কিন্তু প্ৰতিবাদৰ বাবেই তেওঁ আকাশী পথেৰে বিদেশলৈ যাব পৰা নাছিল। ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীয়ে চাৰিখন বিমানেৰে বিদেশলৈ যাবলৈ চেষ্টা চলাই ব্যৰ্থ হৈছিল আৰু বন্দাৰানাইক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাষৰে এটা সামৰিক ঘাটিত ৰাতিটো কটাইছিল । 

জানিব পৰা মতে ৰাষ্ট্ৰপতি গোটাবায়াই নথিপত্ৰৰে ভৰ্তি এটা চুটকেচৰ লগতে নগদ ১৭.৮৫ নিযুত টকা লগত লৈ বিদেশলৈ যাবলৈ বিচাৰিছিল। কিন্তু জনতাৰ ৰোশত পৰাৰ ভয়ত তেওঁ বাৰে বাৰে বিমান বন্দৰৰ পৰা উভতি আহিবলগীয়া হৈছে। এতিয়া তেওঁৰ বাবে সৰ্বশ্ৰেষ্ঠ বিকল্প হৈছে সাগৰীয় পথেৰে প্ৰস্থান কৰা। এগৰাকী প্ৰতিৰক্ষা বিষয়াই এই প্ৰসংগত কয় "তেওঁ মালদ্বীপ বা ভাৰতলৈ যাব পাৰে আৰু তাৰ পৰাই তেওঁ বিমানেৰে ডুবাইলৈ যাব পাৰে।" 

ইপিনে শ্ৰীলংকাৰ সংসদে ২০ জুলাইত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব বুলি অধ্যক্ষ মহিন্দা ইয়াপা আবেৱৰ্ডনাই প্ৰকাশ কৰিছে। আবেৱৰ্ডনাই কয় যে শুকুৰবাৰে সংসদৰ বৈঠক হ’ব আৰু তাৰ কিছুদিন পিছতে নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিবলৈ ভোটদান অনুষ্ঠিত কৰা হ’ব।

কলম্বোত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ চৰকাৰী বাসভৱনত কিছুদিন পূৰ্বে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে আক্ৰমণ চলাইছিল। একেদৰে দেশ খনৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংহেৰ বাসগৃহতো প্ৰতিবাদকাৰীয়ে অগ্নি সংগযোগ কৰিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে মৃত্যু দম্পতী গজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু অৰ্চনা শৰ্মাৰ
কেইদিনমানৰ পাছতে গেছ আৰু বদহজমৰ অন্ত পৰিব! প্ৰতিদিনে পুৱা খালী পেটত খাওক এইবিধ পানীয়
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে
জাঁজী নদীৰ দলঙৰ পৰা জাঁপ দিলে ছাত্ৰই! কোনোমতে প্ৰাণ ৰক্ষা