--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তীব্ৰ বিত্তীয় সংকটৰ মাজতে আকৌ এবাৰ ৰাজনৈতিক অস্থিৰতাৰ সন্মুখীন হোৱা শ্ৰীলংকাত মূল্যবৃদ্ধিয়ে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইন্ধনৰ অত্যধিক মূল্যবৃদ্ধিয়ে হাৰাশাস্তি কৰা শ্ৰীলংকাবাসীয়ে এতিয়া এসাঁজ আহাৰ যোগাৰ কৰাৰ বাবে ত্ৰাহিমধুসূদন সুঁৱৰিছে। বিশেষকৈ শ্ৰীলংকাত খাদ্যসামগ্ৰীৰ তীব্ৰ অভাৱ ঘটিছে। দেশখনৰ বজাৰত শাক-পাচলিৰ যোগান ইমানে হ্ৰাস পাইছে যে প্ৰতি কিলো বিলাহী এহেজাৰ টকা, প্ৰতি কিলো আলু ৮০০ টকাত বিক্ৰী হৈ আছে। 

ৰন্ধন গেছৰ নাটনি আৰু বিজুলী যোগান বন্ধ থকাৰ ফলত সৰহ সংখ্যক লোকে এতিয়া খাদ্য প্ৰস্তুত কৰা বাবে খৰিৰ চৌকা ব্যৱহাৰ কৰিব লগা হৈছে। দেউলীয়া হৈ পৰিল মহাকাব্য ৰামায়ণত বৰ্ণিত 'স্বৰ্ণনগৰী লংকা'। খাদ্য-ইন্ধন ক্ৰয় কৰিবলৈ সামৰ্থ হেৰুৱাইছে শ্ৰীলংকাই। ঋণত পোত যোৱা শ্ৰীলংকাৰ অৰ্থনীতিয়ে বিশ্ববাসীক চিন্তাত পেলাইছে। সৰ্বসাধাৰণৰ প্ৰতিবাদত কঁপিছে এতিয়া শ্ৰীলংকা। খাদ্য সংকটত পৰিছে সৰ্বসাধাৰণ। গতিকে চৰকাৰৰ বিৰুদ্ধে দেশখনত তীব্ৰতৰ হৈছে প্ৰতিবাদ। প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ। এখন দেশৰ এনে সংকট নিশ্চয় অতি ভয়ংকৰ।

প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতিৰ লগতে প্ৰধানমন্ত্ৰীৰ পদত্যাগ দাবী কৰি সাব্যস্ত কৰা এনে প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিবাদকাৰীৰ ৰুদ্ৰৰূপ দেখি প্ৰাণৰ মমতাত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেয়ে দেশ এৰি পলায়ন কৰিছে। উল্লেখ্য যে এখন দেশৰ আভ্যন্তৰীণ পৰিৱেশ যেতিয়া অস্থিৰ হৈ পৰে অথবা জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হয় তেতিয়া তাৰ প্ৰভাৱ ইয়াৰ চুবুৰীয়া দেশ সমূহৰ ওপৰতো পৰে। বিভিন্ন বিশ্ব প্ৰতিষ্ঠান তথা দেশৰ সহযোগত শ্ৰীলংকাৰ অৰ্থনীতি পুনৰ সুস্থিৰ অৱস্থালৈ ঘূৰি আহি দেশখনত শান্তি প্ৰতিষ্ঠা হব বুলি আশা কৰিছে বিশ্ববাসীয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র