--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তীব্ৰ বিত্তীয় সংকটৰ মাজতে আকৌ এবাৰ ৰাজনৈতিক অস্থিৰতাৰ সন্মুখীন হোৱা শ্ৰীলংকাত মূল্যবৃদ্ধিয়ে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইন্ধনৰ অত্যধিক মূল্যবৃদ্ধিয়ে হাৰাশাস্তি কৰা শ্ৰীলংকাবাসীয়ে এতিয়া এসাঁজ আহাৰ যোগাৰ কৰাৰ বাবে ত্ৰাহিমধুসূদন সুঁৱৰিছে। বিশেষকৈ শ্ৰীলংকাত খাদ্যসামগ্ৰীৰ তীব্ৰ অভাৱ ঘটিছে। দেশখনৰ বজাৰত শাক-পাচলিৰ যোগান ইমানে হ্ৰাস পাইছে যে প্ৰতি কিলো বিলাহী এহেজাৰ টকা, প্ৰতি কিলো আলু ৮০০ টকাত বিক্ৰী হৈ আছে। 

ৰন্ধন গেছৰ নাটনি আৰু বিজুলী যোগান বন্ধ থকাৰ ফলত সৰহ সংখ্যক লোকে এতিয়া খাদ্য প্ৰস্তুত কৰা বাবে খৰিৰ চৌকা ব্যৱহাৰ কৰিব লগা হৈছে। দেউলীয়া হৈ পৰিল মহাকাব্য ৰামায়ণত বৰ্ণিত 'স্বৰ্ণনগৰী লংকা'। খাদ্য-ইন্ধন ক্ৰয় কৰিবলৈ সামৰ্থ হেৰুৱাইছে শ্ৰীলংকাই। ঋণত পোত যোৱা শ্ৰীলংকাৰ অৰ্থনীতিয়ে বিশ্ববাসীক চিন্তাত পেলাইছে। সৰ্বসাধাৰণৰ প্ৰতিবাদত কঁপিছে এতিয়া শ্ৰীলংকা। খাদ্য সংকটত পৰিছে সৰ্বসাধাৰণ। গতিকে চৰকাৰৰ বিৰুদ্ধে দেশখনত তীব্ৰতৰ হৈছে প্ৰতিবাদ। প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ। এখন দেশৰ এনে সংকট নিশ্চয় অতি ভয়ংকৰ।

প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতিৰ লগতে প্ৰধানমন্ত্ৰীৰ পদত্যাগ দাবী কৰি সাব্যস্ত কৰা এনে প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিবাদকাৰীৰ ৰুদ্ৰৰূপ দেখি প্ৰাণৰ মমতাত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেয়ে দেশ এৰি পলায়ন কৰিছে। উল্লেখ্য যে এখন দেশৰ আভ্যন্তৰীণ পৰিৱেশ যেতিয়া অস্থিৰ হৈ পৰে অথবা জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হয় তেতিয়া তাৰ প্ৰভাৱ ইয়াৰ চুবুৰীয়া দেশ সমূহৰ ওপৰতো পৰে। বিভিন্ন বিশ্ব প্ৰতিষ্ঠান তথা দেশৰ সহযোগত শ্ৰীলংকাৰ অৰ্থনীতি পুনৰ সুস্থিৰ অৱস্থালৈ ঘূৰি আহি দেশখনত শান্তি প্ৰতিষ্ঠা হব বুলি আশা কৰিছে বিশ্ববাসীয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে