--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক’ভিড ১৯ ৷ সমগ্ৰ বিশ্ববাসীৰ বাবে এক ত্ৰাসৰ নাম ক’ভিড ১৯৷ ক’ভিডৰ কৰাল গ্ৰাসত পৰি বহুলোকে প্ৰাণ হেৰুৱালে৷ এই মাৰাত্মক ভাইৰাছৰ পৰা আজিও বিশ্ববাসী মুক্ত হ’ব পৰা নাই৷ উল্লেখ্য যে, ক’ভিড কালত বিমান বন্দৰতো যাত্ৰীসকলক নিৰাপত্তা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল, কিন্ত তাৰ মাজতে বহুতো বিমানৰ যাত্ৰীয়ে বিমান বন্দৰ কৰ্তৃপক্ষৰ অজ্ঞাতে কোনো ক’ভিড পৰীক্ষা নকৰাকৈ অৰ্ন্তধান হোৱা খবৰো আমি শুনিবলৈ পাইছিলো, সমান্তৰালকৈ বহুতো যাত্ৰীয়ে ক’ভিড বিধি উলংঘন কৰি ঘুৰি-ফুৰি ক’ৰোনা বিয়পাইছিল বুলি বহুতে অভিযোগ কৰে৷

কিন্তু ইয়াৰ মাজতে এগৰাকী বিমান যাত্ৰীয়ে দেখুৱাইছে উৎকৃষ্ট নিৰ্দশন৷ বিমান যাত্ৰীগৰাকীৰ নাম মাৰিছা ফটিঅ'৷ যাত্ৰীগৰাকীয়ে চিকাগোৰ পৰা আইচলেণ্ডলৈ বিমানেৰে ভ্ৰমণ কৰিছিল৷ যাত্ৰাকালতে মহিলাগৰাকীৰ প্ৰচণ্ড ডিঙিৰ বিষৰ বাবে তেওঁ বিমান কৰ্মচাৰীৰ সহায়ৰ ৰেপিড’ পৰীক্ষা কিটৰে কৰো’না পৰীক্ষা কৰিছিল, আৰু ফলাফলত তেওঁৰ শৰীৰত ক’ভিড ১৯ ৰ উপস্থিতি ধৰা পৰিছিল৷ তাৰ পাছত, মহিলাগৰাকীয়ে পাঁচ ঘণ্টাৰ বাবে নিজকে বিমানৰ ৱাছৰুমত নিজকে আৱদ্ধ কৰি ৰাখিছিল৷

তেওঁ আত্ম উপলদ্ধি কৰিছিল যে, বিমানখনত যিহেতু প্ৰায় ২৫০ জন যাত্ৰী আছিল, আৰু সকলো লোকৰে ভালৰ বাবে তেওঁ নিজকে এক আছুতীয়া কোঠাত আবদ্ধ কৰি ৰখাটোৱেই ভাল হ’ব বুলি ভাবি সেই কাম কৰিলে৷ সেই সময়ত, বিমানৰ কৰ্মচাৰীসকলে মহিলাগৰাকীক ৱাছৰুমতে খাদ্য আৰু পানীয় সামগ্ৰী প্ৰদান কৰিছিল৷ মাৰিছা ফুটিঅ'ৰ বিমানৰ ৱাছৰুমতে এক ভিডিঅ’ৰ যোগেদি সমগ্ৰ ঘটনাটোৰ বিষয়ে বৰ্ণনা কৰে আৰু তাৰ পাছতে ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে৷ মাৰিছা আইচলেণ্ডত উপস্থিত হোৱাৰ লগে লগে তেওঁক এখন হোটেলৰ কোঠাত কোৱাৰেণ্টাইন কৰা হৈছে৷ মহিলাগৰাকীয়ে দেখুওৱা এই পদক্ষেপৰ প্ৰতি সকলো লোকে তেওঁক প্ৰশংসা কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু