--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক’ভিড ১৯ ৷ সমগ্ৰ বিশ্ববাসীৰ বাবে এক ত্ৰাসৰ নাম ক’ভিড ১৯৷ ক’ভিডৰ কৰাল গ্ৰাসত পৰি বহুলোকে প্ৰাণ হেৰুৱালে৷ এই মাৰাত্মক ভাইৰাছৰ পৰা আজিও বিশ্ববাসী মুক্ত হ’ব পৰা নাই৷ উল্লেখ্য যে, ক’ভিড কালত বিমান বন্দৰতো যাত্ৰীসকলক নিৰাপত্তা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল, কিন্ত তাৰ মাজতে বহুতো বিমানৰ যাত্ৰীয়ে বিমান বন্দৰ কৰ্তৃপক্ষৰ অজ্ঞাতে কোনো ক’ভিড পৰীক্ষা নকৰাকৈ অৰ্ন্তধান হোৱা খবৰো আমি শুনিবলৈ পাইছিলো, সমান্তৰালকৈ বহুতো যাত্ৰীয়ে ক’ভিড বিধি উলংঘন কৰি ঘুৰি-ফুৰি ক’ৰোনা বিয়পাইছিল বুলি বহুতে অভিযোগ কৰে৷

কিন্তু ইয়াৰ মাজতে এগৰাকী বিমান যাত্ৰীয়ে দেখুৱাইছে উৎকৃষ্ট নিৰ্দশন৷ বিমান যাত্ৰীগৰাকীৰ নাম মাৰিছা ফটিঅ'৷ যাত্ৰীগৰাকীয়ে চিকাগোৰ পৰা আইচলেণ্ডলৈ বিমানেৰে ভ্ৰমণ কৰিছিল৷ যাত্ৰাকালতে মহিলাগৰাকীৰ প্ৰচণ্ড ডিঙিৰ বিষৰ বাবে তেওঁ বিমান কৰ্মচাৰীৰ সহায়ৰ ৰেপিড’ পৰীক্ষা কিটৰে কৰো’না পৰীক্ষা কৰিছিল, আৰু ফলাফলত তেওঁৰ শৰীৰত ক’ভিড ১৯ ৰ উপস্থিতি ধৰা পৰিছিল৷ তাৰ পাছত, মহিলাগৰাকীয়ে পাঁচ ঘণ্টাৰ বাবে নিজকে বিমানৰ ৱাছৰুমত নিজকে আৱদ্ধ কৰি ৰাখিছিল৷

তেওঁ আত্ম উপলদ্ধি কৰিছিল যে, বিমানখনত যিহেতু প্ৰায় ২৫০ জন যাত্ৰী আছিল, আৰু সকলো লোকৰে ভালৰ বাবে তেওঁ নিজকে এক আছুতীয়া কোঠাত আবদ্ধ কৰি ৰখাটোৱেই ভাল হ’ব বুলি ভাবি সেই কাম কৰিলে৷ সেই সময়ত, বিমানৰ কৰ্মচাৰীসকলে মহিলাগৰাকীক ৱাছৰুমতে খাদ্য আৰু পানীয় সামগ্ৰী প্ৰদান কৰিছিল৷ মাৰিছা ফুটিঅ'ৰ বিমানৰ ৱাছৰুমতে এক ভিডিঅ’ৰ যোগেদি সমগ্ৰ ঘটনাটোৰ বিষয়ে বৰ্ণনা কৰে আৰু তাৰ পাছতে ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে৷ মাৰিছা আইচলেণ্ডত উপস্থিত হোৱাৰ লগে লগে তেওঁক এখন হোটেলৰ কোঠাত কোৱাৰেণ্টাইন কৰা হৈছে৷ মহিলাগৰাকীয়ে দেখুওৱা এই পদক্ষেপৰ প্ৰতি সকলো লোকে তেওঁক প্ৰশংসা কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ