--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকোঁৰগোজ ৰূপ লৈছে আপ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ ২৩ জুন শুকুৰবাৰে পাটনাত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ প্ৰচেষ্টাত নিয়োজিত বিৰোধী দলসমূহৰ বৈঠক আহ্বান জনাইছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। ইফালে, এটা সূত্ৰই জনোৱা মতে, দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে বৈঠকত কেন্দ্ৰৰ অধ্যাদেশৰ বিষয়টো উত্থাপন কৰিব।

আপৰ সূত্ৰই জনোৱা মতে, যদি কংগ্ৰেছে এই অধ্যাদেশৰ বিৰুদ্ধে কেজৰিৱালক সমৰ্থন ঘোষণা নকৰে, তেন্তে আপ এই বৈঠকৰ পৰা আঁতৰি যাব ।আপৰ স্থিতিৰ ওপৰত কংগ্ৰেছৰ উচ্চ সূত্ৰই কয় যে কংগ্ৰেছ কোনো ধৰণৰ হেঁচাত নাহে। পাটনাত অনুষ্ঠিত হোৱা বৈঠকত লোকসভা নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভত আলোচনা কৰা হ’ব, য’ত নিৰ্দিষ্ট এজেণ্ডা সন্দৰ্ভত আলোচনা কৰা হ’ব।

কংগ্ৰেছে ইতিমধ্যে স্পষ্ট কৰি দিছে যে দিল্লীত বদলি পদবীৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা অধ্যাদেশ বিধেয়ক সংসদৰ অধিৱেশনত আহিলেহে কৌশল অৱলম্বন কৰা হ’ব। অৱশ্যে দলীয় সূত্ৰৰ ইংগিতত স্পষ্ট হৈ পৰিছে যে কংগ্ৰেছে সংসদত এই অধ্যাদেশৰ বিৰোধিতা কৰিব।

কেজৰিৱালে বিৰোধী দলসমূহক চিঠি লিখি নিজৰ স্থিতি স্পষ্ট কৰিবলৈও কয়। তেওঁ নিজৰ পত্ৰত লিখিছে যে প্ৰধানমন্ত্ৰীয়ে ৩৩খন ৰাজ্যৰ লেফটেনেণ্ট গৱৰ্ণৰ আৰু গৱৰ্ণৰৰ জৰিয়তে চৰকাৰ চলাব সেই দিনটো বহু দূৰৈত নহয়। এনে পৰিস্থিতিত সংসদত অধ্যাদেশখন গৃহীত হ’বলৈ নিদিয়াৰ কৌশল আলোচনা কৰিবলৈ সকলো পক্ষকে অনুৰোধ জনালোঁ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু