--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ বিহাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অখিলেশ প্ৰসাদ সিঙে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে বিশেষ বাৰ্তালাপ কৰে। তেওঁ কয় যে ২০০৯ চনৰ পিছত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ পাইছিল। ৰাহুলৰ বাবেই কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিছিল। তেওঁক এই বিষয়ে বহুবাৰ কোৱা হৈছিল যদিও তেওঁ মানি লোৱা নাছিল৷তদুপৰি অখিলেশ প্ৰসাদ সিঙে কয় যে দেশৰ প্ৰতিজন শিশুৱে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হোৱাটো কামনা কৰিব আৰু ৰাইজে তেওঁ প্ৰধানমন্ত্ৰী হোৱাটো সদায়েই বিচাৰি আহিছে।

কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে আৰু কয় যে লোকসভা নিৰ্বাচনত যদি বিৰোধী দলত একতা থাকে তেন্তে বিজেপিৰ আসন ১০০ৰ তলত হ’ব। অখিলেশ প্ৰসাদ সিঙে হিন্দু ৰাষ্ট্ৰ সন্দৰ্ভত কয় যে,বিজেপিয়ে ভাৰতক হিন্দু ৰাষ্ট্ৰ বনাব বিচাৰে, গতিকে বিজেপিক আঁতৰাই ৰখাটো উচিত, সকলোৱে এইটো বিচাৰে, কাৰণ ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ আৰু দেশখন সংবিধান অনুসৰি চলাব লাগে।

অহা ২৩ জুনত বিহাৰৰ পাটনাত অনুষ্ঠিত হ’বলগীয়া বিৰোধী দলসমূহৰ বৈঠক সন্দৰ্ভত অখিলেশ প্ৰসাদ সিঙে কয় যে আমি আশা কৰিছো যে সকলো নেতাই একেলগে বহিব আৰু আগবাঢ়ি যাবলৈ সৌহাৰ্দ্যপূৰ্ণ সমাধানৰ সন্ধান পোৱা যাব। প্ৰধানমন্ত্ৰী পদৰ বাবে কোনো মুখ নথকাৰ বিষয়ত অখিলেশ প্ৰসাদ সিঙে কয় যে ২০০৪ চনত মনমোহন সিং প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নাছিল আৰু ইয়াৰ পাছতো কংগ্ৰেছে মিত্ৰতাৰে বিজেপিক পৰাস্ত কৰিছিল।ইউনিফৰ্ম চিভিল কোড সন্দৰ্ভত অখিলেশ প্ৰসাদ সিঙে কয় যে যেতিয়া ইউনিফৰ্ম কণ্ডাক্ট কাৰ্যকৰী হ’ব, তেতিয়া কেৱল ইয়াৰ ওপৰতে ভিত্তি কৰি নীতি স্পষ্ট কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু