--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আদালত গুচি যেন এতিয়া হৈছে ৰণক্ষেত্ৰহে! কিছুদিন পূৰ্বে দিল্লীৰ ৰোহিণী আদালতৰ গেংৱাৰৰ ঘটনাই সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ। আদালতৰ মজিয়াতে প্ৰতিদ্বন্দ্বী গেংষ্টাৰে গুলীয়াই হত্যা কৰিছিল কাৰাবন্দী গেংষ্টাৰ জিতেন্দ্ৰ গোগীক। ইয়াৰ সৈতে সাঙোৰ খাইছিল আন এজন কাৰাবন্দী গেংষ্টাৰ তিল্লু তাজপুৰীয়াৰ নাম। কাৰাগাৰৰ ভিতৰৰ পৰাই তিল্লু তাজপুৰীয়াই এই গেংৱাৰ নিয়ন্ত্ৰণ কৰিছিল বুলি চৰ্চা চলিছিল। এইবাৰ পুনৰ সংঘটিত হৈছে অনুৰূপ ঘটনা।

নিহত ভূপেন্দৰ সিং

এইবাৰ আদালতৰ ভিতৰতে গুলীয়াই হত্যা কৰা হ’ল অধিবক্তাক। এই ঘটনা সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ শ্বাহজাহানপুৰৰ এখন জিলা আদালতৰ ভিতৰত। নিহত হোৱা লোকজন ভূপেন্দৰ সিং বুলি জানিব পৰা গৈছে। আদালত ভৱনত তৃতীয় মহলাত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। তেওঁৰ মৃতদেহৰ কাষত এটা দেশীয়ভাৱে নিৰ্মিত পিষ্টলো উদ্ধাৰ হৈছে। প্ৰাথমিক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, এই ঘটনা ঘটাৰ সময়ত লোকজন অকলশৰে আছিল। তেওঁৰ আশে-পাশে কোনো লোক নাছিল।

নিহত ভূপেন্দৰ সিং

কোনে কি কাৰণে তেওঁক হত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই। ফৰেনচিক বিশেষজ্ঞই ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে। শ্বাহজাহানপুৰৰ আৰক্ষী অধীক্ষককে ধৰি শীৰ্ষ পৰ্যায়ৰ আৰক্ষীৰ লোকসকল ঘটনাস্থলীত উপস্থিত হৈছে আৰু ঘটনাৰ তদন্ত কৰি আছে। পূৰ্বে বেংকত চাকৰি কৰা ভূপেন্দৰ সিঙে চাৰি পাঁচ বছৰ মানৰপৰা ওকালতি কৰি আছিল। তেওঁৰ হত্যাৰ আঁৰত কোনো অপৰাধিক চক্ৰৰ হাত থকাৰ সন্দেহ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক