--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আদালত গুচি যেন এতিয়া হৈছে ৰণক্ষেত্ৰহে! কিছুদিন পূৰ্বে দিল্লীৰ ৰোহিণী আদালতৰ গেংৱাৰৰ ঘটনাই সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ। আদালতৰ মজিয়াতে প্ৰতিদ্বন্দ্বী গেংষ্টাৰে গুলীয়াই হত্যা কৰিছিল কাৰাবন্দী গেংষ্টাৰ জিতেন্দ্ৰ গোগীক। ইয়াৰ সৈতে সাঙোৰ খাইছিল আন এজন কাৰাবন্দী গেংষ্টাৰ তিল্লু তাজপুৰীয়াৰ নাম। কাৰাগাৰৰ ভিতৰৰ পৰাই তিল্লু তাজপুৰীয়াই এই গেংৱাৰ নিয়ন্ত্ৰণ কৰিছিল বুলি চৰ্চা চলিছিল। এইবাৰ পুনৰ সংঘটিত হৈছে অনুৰূপ ঘটনা।

নিহত ভূপেন্দৰ সিং

এইবাৰ আদালতৰ ভিতৰতে গুলীয়াই হত্যা কৰা হ’ল অধিবক্তাক। এই ঘটনা সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ শ্বাহজাহানপুৰৰ এখন জিলা আদালতৰ ভিতৰত। নিহত হোৱা লোকজন ভূপেন্দৰ সিং বুলি জানিব পৰা গৈছে। আদালত ভৱনত তৃতীয় মহলাত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। তেওঁৰ মৃতদেহৰ কাষত এটা দেশীয়ভাৱে নিৰ্মিত পিষ্টলো উদ্ধাৰ হৈছে। প্ৰাথমিক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, এই ঘটনা ঘটাৰ সময়ত লোকজন অকলশৰে আছিল। তেওঁৰ আশে-পাশে কোনো লোক নাছিল।

নিহত ভূপেন্দৰ সিং

কোনে কি কাৰণে তেওঁক হত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই। ফৰেনচিক বিশেষজ্ঞই ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে। শ্বাহজাহানপুৰৰ আৰক্ষী অধীক্ষককে ধৰি শীৰ্ষ পৰ্যায়ৰ আৰক্ষীৰ লোকসকল ঘটনাস্থলীত উপস্থিত হৈছে আৰু ঘটনাৰ তদন্ত কৰি আছে। পূৰ্বে বেংকত চাকৰি কৰা ভূপেন্দৰ সিঙে চাৰি পাঁচ বছৰ মানৰপৰা ওকালতি কৰি আছিল। তেওঁৰ হত্যাৰ আঁৰত কোনো অপৰাধিক চক্ৰৰ হাত থকাৰ সন্দেহ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন