--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিয়াৰ পিছত অন্য নাৰীৰ সৈতে মিতিৰালি কৰাত দহ বাৰ ভাবক নহ'লে আপুনি হ'ব পাৰে পত্নীৰ ৰোষৰ বলি। মধ্যপ্ৰদেশৰ ভূপালৰ পৰা আহিছে তেনেকুৱাই এক খবৰ। ভূপালৰ কোহেফিজা নামৰ অঞ্চলত থকা এটা জিমত এগৰাকী মহিলাই দেখুৱালে ৰণচণ্ডী ৰূপ। মহিলাগৰাকীয়ে যি কাণ্ড কৰিলে সেয়া বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। মহিলাগৰাকীয়ে জিমত প্ৰৱেশ কৰি দেখে যে তেওঁৰ স্বামীয়ে অন্য এগৰাকী মহিলাৰ সৈতে ব্যায়াম কৰাত ব্যস্ত। এই দৃশ্য দেখি খঙত টিঙিৰিতুলা হৈ উঠে মহিলাগৰাকী। লগালগ তেওঁ স্বামীৰ বান্ধৱীগৰাকীক চেন্দেল খুলি মাৰিবলৈ ধৰে আৰু চুলিত ধৰি ঘটালি দিয়ে।

স্বামীয়ে পত্নীৰ এই আকস্মিক আক্ৰমণত হতভম্ব হৈ উঠে আৰু কি কৰো কি নকৰো ভাবি থাকোতেই সিফালে পত্নীয়ে স্বামীৰ বান্ধৱীক কোবাই কোবাই অৱস্থা কাহিল কৰিলে। স্বামীয়ে বান্ধৱীক পত্নীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ চাওতে স্বামীকো মাৰপিট কৰে মহিলাগৰাকীয়ে। অৱশেষত স্বামীও পত্নীৰ সৈতে হতাহতিত লিপ্ত হয়।

অৱশেষত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। মহিলাগৰাকীয়ে আৰক্ষীক দিয়া ভাষ্য অনুসৰি বহুদিনৰ পৰা তেওঁৰ স্বামীৰ ওপৰত সন্দেহ হৈ আছিল। স্বামীৰ অন্য কোনো নাৰীৰ সৈতে অবৈধ সম্পৰ্ক থকা বুলি তেওঁ বহুবাৰ সন্দেহ কৰিছিল কিন্তু স্বামীক এই বিষয়ে সুধিলে একাষাৰতে নাকচ কৰে আৰু ওলোটাই পত্নীকহে গালি-গালাজ কৰে।

সন্দেহ সঁচা নে মিছা প্ৰমাণ চাবৰ বাবে পত্নী সেইদিনা স্বামীৰ পিছে পিছে যায় আৰু তেওঁ দেখা পায় যে বাটতে স্বামীয়ে অন্য এগৰাকী নাৰীক লৈ জিমত সোমাই গৈছে আৰু একেলগে দুয়ো ব্যায়াম কৰাত মচগুল হৈ পৰিছে। সেই দৃশ্য দেখা পায়ে তেওঁ খঙত ক'ব নোৱাৰা হৈ এই কাণ্ড সংঘটিত কৰে। আৰক্ষীয়ে তিনিওকে আটক কৰি থানালৈ আনে আৰু সোধাপোচা অব্যাহত ৰাখিছে। এই সমগ্ৰ দৃশ্য কোনোৱে ভিডিঅ' কৰি ৰাখে আৰু ছ'চিয়েল মিডিয়াত এৰি দিয়ে। বৰ্তমান বিজুলী গতিত সেই মাৰপিটৰ দৃশ্য ভাইৰেল হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন