--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিয়াৰ পিছত অন্য নাৰীৰ সৈতে মিতিৰালি কৰাত দহ বাৰ ভাবক নহ'লে আপুনি হ'ব পাৰে পত্নীৰ ৰোষৰ বলি। মধ্যপ্ৰদেশৰ ভূপালৰ পৰা আহিছে তেনেকুৱাই এক খবৰ। ভূপালৰ কোহেফিজা নামৰ অঞ্চলত থকা এটা জিমত এগৰাকী মহিলাই দেখুৱালে ৰণচণ্ডী ৰূপ। মহিলাগৰাকীয়ে যি কাণ্ড কৰিলে সেয়া বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। মহিলাগৰাকীয়ে জিমত প্ৰৱেশ কৰি দেখে যে তেওঁৰ স্বামীয়ে অন্য এগৰাকী মহিলাৰ সৈতে ব্যায়াম কৰাত ব্যস্ত। এই দৃশ্য দেখি খঙত টিঙিৰিতুলা হৈ উঠে মহিলাগৰাকী। লগালগ তেওঁ স্বামীৰ বান্ধৱীগৰাকীক চেন্দেল খুলি মাৰিবলৈ ধৰে আৰু চুলিত ধৰি ঘটালি দিয়ে।

স্বামীয়ে পত্নীৰ এই আকস্মিক আক্ৰমণত হতভম্ব হৈ উঠে আৰু কি কৰো কি নকৰো ভাবি থাকোতেই সিফালে পত্নীয়ে স্বামীৰ বান্ধৱীক কোবাই কোবাই অৱস্থা কাহিল কৰিলে। স্বামীয়ে বান্ধৱীক পত্নীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ চাওতে স্বামীকো মাৰপিট কৰে মহিলাগৰাকীয়ে। অৱশেষত স্বামীও পত্নীৰ সৈতে হতাহতিত লিপ্ত হয়।

অৱশেষত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। মহিলাগৰাকীয়ে আৰক্ষীক দিয়া ভাষ্য অনুসৰি বহুদিনৰ পৰা তেওঁৰ স্বামীৰ ওপৰত সন্দেহ হৈ আছিল। স্বামীৰ অন্য কোনো নাৰীৰ সৈতে অবৈধ সম্পৰ্ক থকা বুলি তেওঁ বহুবাৰ সন্দেহ কৰিছিল কিন্তু স্বামীক এই বিষয়ে সুধিলে একাষাৰতে নাকচ কৰে আৰু ওলোটাই পত্নীকহে গালি-গালাজ কৰে।

সন্দেহ সঁচা নে মিছা প্ৰমাণ চাবৰ বাবে পত্নী সেইদিনা স্বামীৰ পিছে পিছে যায় আৰু তেওঁ দেখা পায় যে বাটতে স্বামীয়ে অন্য এগৰাকী নাৰীক লৈ জিমত সোমাই গৈছে আৰু একেলগে দুয়ো ব্যায়াম কৰাত মচগুল হৈ পৰিছে। সেই দৃশ্য দেখা পায়ে তেওঁ খঙত ক'ব নোৱাৰা হৈ এই কাণ্ড সংঘটিত কৰে। আৰক্ষীয়ে তিনিওকে আটক কৰি থানালৈ আনে আৰু সোধাপোচা অব্যাহত ৰাখিছে। এই সমগ্ৰ দৃশ্য কোনোৱে ভিডিঅ' কৰি ৰাখে আৰু ছ'চিয়েল মিডিয়াত এৰি দিয়ে। বৰ্তমান বিজুলী গতিত সেই মাৰপিটৰ দৃশ্য ভাইৰেল হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক