--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰত সোমাইছে পাকিস্তানী কমাণ্ডো। বিগত এসপ্তহাৰো অধিক সময় ধৰি জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ এটা দলে সংঘাতত লিপ্ত হৈছে ভাৰতীয় সেনা আৰু নিৰাপত্তাবাহিনীৰ বিশাল বাহিনীৰ সৈতে। কিন্তু ভাৰতীয় সেনাৰ অশেষ চেষ্টায়ো কাবু কৰিব পৰা নাই এই সন্ত্ৰাসবাদীৰ দলটোক। কেন্দ্ৰশাসিত অঞ্চলটোৰ পুঞ্চ জিলাৰ ঘন অৰণ্য অঞ্চলত লুকাই লুকাই এই সন্ত্ৰাসবাদীৰ দলটোৱে আঠদিনে চলাই গৈছে আক্ৰমণ। এতিয়ালৈ দুগৰাকী সেনা বিষয়াসহ ৯জন সেনাৰ মৃত্যু হৈছে এই আক্ৰমণত। সন্ত্ৰাসবাদবিৰোধী বৃহৎ অভিযান সেনা-আৰক্ষীয়ে চলাই আছে যদিও এইপৰ্যন্ত সফল হ’বপৰা নাই। এনে পৰিপ্ৰেক্ষিতত এটা আশংকা গাঢ় হৈ উঠিছে নিৰাপত্তাবাহিনীৰ মাজত। উপত্যকাটোত বিগত আঠোটা দিনে এনে ভয়াৱহ কূটাঘাত সংঘটিত কৰি থকা সন্ত্ৰাসবাদী দলটোত আছে পাকিস্তানৰ কমাণ্ডো। কেৱল এয়াই নহয়, দলটোক পাকিস্তানী কমাণ্ডোৰ অধীনতে উচ্চ প্ৰশিক্ষণ দিয়া বুলিও প্ৰকাশ কৰিছে সেনা আৰক্ষীৰ এক সূত্ৰই।

যোৱা সোমবাৰৰ পৰা সেনাৰ ওপৰত আক্ৰমণ চলাই থকা সন্ত্ৰাসবাদীৰ দলটোৰ এজনো সদস্যক এতিয়ালৈ কাবু কৰাটো সম্ভৱ হোৱা নাই ভাৰতীয় সেনা তথা নিৰাপত্তা বাহিনীসমূহৰ বাবে। গুলীয়াগুলীত এজনো সন্ত্ৰাসবাদী হতাহত হৈছে নে নাই সেই লৈও কোনো নিশ্চিত তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। এয়া ভাৰতৰ বাবে হৈ পৰিছে গভীৰ উদ্বেগৰ বিষয়।
সমুখৰ পৰা নোৱাৰি এনেদৰে পিছ দুৱাৰেৰে পাক সেনাৰ কমাণ্ডোই কাশ্মীৰ উপত্যকাক পুনৰ অশান্ত-অস্থিৰ কৰি তোলাৰ চেষ্টা কৰা বুলিও সন্দেহ ব্যক্ত কৰা হৈছে। ১০ অক্টোবৰত প্ৰথম পুঞ্চৰ ডেৰা ৱালী গলীত সন্ত্ৰাসবাদীয়ে চলাইছিল ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত এগৰাকী বিষয়াসহ ৫জনলৈ সেনা শ্বহীদ হৈছিল। নিয়ন্ত্ৰণৰেখাৰ সমীপতে সংঘটিত হৈছিল এই ঘটনা।

বৃহস্পতিবাৰে নাৰ খাচ এলেকাত সন্ত্ৰাসবাদীয়ে পুনৰ চলায় ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত দুজন জোৱান নিহত হোৱাৰ লগতে এগৰাকী বিষয়াসহ দুজন সন্ধানহীন হৈ পৰে। সেনাই অভিযান চলাই দুদিন পাছতহে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। হাজাৰ হাজাৰ সৈন্যৰ চকুত ধূলি দি, এনে প্ৰাণান্তক আক্ৰমণ চলাই থকাৰ লগতে নিজৰ গা বচাই থাকিব পৰা এই সন্ত্ৰাসবাদীৰ দলটোক সহজভাৱে ল’ব পৰা নাই সেনা তথা ভাৰতৰ নিৰাপত্তাবাহিনীয়ে।

পাক সেনাবাহিনীৰ বিশেষ কমাণ্ডো গোটৰ উচ্চ প্ৰশিক্ষণেৰে দলটোক সাজু কৰি তোলা বুলি সন্দেহ কৰা হৈছে। কেৱল এয়াই নহয় এগৰাকীৰ সেনা বিষয়াই প্ৰকাশ কৰিছে যে, দলটোত পাক কমাণ্ডোৰ সদস্য থকাৰো আশংকা আছে যিয়ে এনে গেৰিলাযুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু কাশ্মীৰক পুনৰ অশান্ত কৰি তোলাৰ চেষ্টা কৰি আছে। ইফালে, উপত্যকাটোত অনা কাশ্মীৰী সাধাৰণ নাগৰিকৰ হত্যালীলাও আন এক উদ্বেগ বিষয় হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক