--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰত সোমাইছে পাকিস্তানী কমাণ্ডো। বিগত এসপ্তহাৰো অধিক সময় ধৰি জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ এটা দলে সংঘাতত লিপ্ত হৈছে ভাৰতীয় সেনা আৰু নিৰাপত্তাবাহিনীৰ বিশাল বাহিনীৰ সৈতে। কিন্তু ভাৰতীয় সেনাৰ অশেষ চেষ্টায়ো কাবু কৰিব পৰা নাই এই সন্ত্ৰাসবাদীৰ দলটোক। কেন্দ্ৰশাসিত অঞ্চলটোৰ পুঞ্চ জিলাৰ ঘন অৰণ্য অঞ্চলত লুকাই লুকাই এই সন্ত্ৰাসবাদীৰ দলটোৱে আঠদিনে চলাই গৈছে আক্ৰমণ। এতিয়ালৈ দুগৰাকী সেনা বিষয়াসহ ৯জন সেনাৰ মৃত্যু হৈছে এই আক্ৰমণত। সন্ত্ৰাসবাদবিৰোধী বৃহৎ অভিযান সেনা-আৰক্ষীয়ে চলাই আছে যদিও এইপৰ্যন্ত সফল হ’বপৰা নাই। এনে পৰিপ্ৰেক্ষিতত এটা আশংকা গাঢ় হৈ উঠিছে নিৰাপত্তাবাহিনীৰ মাজত। উপত্যকাটোত বিগত আঠোটা দিনে এনে ভয়াৱহ কূটাঘাত সংঘটিত কৰি থকা সন্ত্ৰাসবাদী দলটোত আছে পাকিস্তানৰ কমাণ্ডো। কেৱল এয়াই নহয়, দলটোক পাকিস্তানী কমাণ্ডোৰ অধীনতে উচ্চ প্ৰশিক্ষণ দিয়া বুলিও প্ৰকাশ কৰিছে সেনা আৰক্ষীৰ এক সূত্ৰই।

যোৱা সোমবাৰৰ পৰা সেনাৰ ওপৰত আক্ৰমণ চলাই থকা সন্ত্ৰাসবাদীৰ দলটোৰ এজনো সদস্যক এতিয়ালৈ কাবু কৰাটো সম্ভৱ হোৱা নাই ভাৰতীয় সেনা তথা নিৰাপত্তা বাহিনীসমূহৰ বাবে। গুলীয়াগুলীত এজনো সন্ত্ৰাসবাদী হতাহত হৈছে নে নাই সেই লৈও কোনো নিশ্চিত তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। এয়া ভাৰতৰ বাবে হৈ পৰিছে গভীৰ উদ্বেগৰ বিষয়।
সমুখৰ পৰা নোৱাৰি এনেদৰে পিছ দুৱাৰেৰে পাক সেনাৰ কমাণ্ডোই কাশ্মীৰ উপত্যকাক পুনৰ অশান্ত-অস্থিৰ কৰি তোলাৰ চেষ্টা কৰা বুলিও সন্দেহ ব্যক্ত কৰা হৈছে। ১০ অক্টোবৰত প্ৰথম পুঞ্চৰ ডেৰা ৱালী গলীত সন্ত্ৰাসবাদীয়ে চলাইছিল ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত এগৰাকী বিষয়াসহ ৫জনলৈ সেনা শ্বহীদ হৈছিল। নিয়ন্ত্ৰণৰেখাৰ সমীপতে সংঘটিত হৈছিল এই ঘটনা।

বৃহস্পতিবাৰে নাৰ খাচ এলেকাত সন্ত্ৰাসবাদীয়ে পুনৰ চলায় ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত দুজন জোৱান নিহত হোৱাৰ লগতে এগৰাকী বিষয়াসহ দুজন সন্ধানহীন হৈ পৰে। সেনাই অভিযান চলাই দুদিন পাছতহে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। হাজাৰ হাজাৰ সৈন্যৰ চকুত ধূলি দি, এনে প্ৰাণান্তক আক্ৰমণ চলাই থকাৰ লগতে নিজৰ গা বচাই থাকিব পৰা এই সন্ত্ৰাসবাদীৰ দলটোক সহজভাৱে ল’ব পৰা নাই সেনা তথা ভাৰতৰ নিৰাপত্তাবাহিনীয়ে।

পাক সেনাবাহিনীৰ বিশেষ কমাণ্ডো গোটৰ উচ্চ প্ৰশিক্ষণেৰে দলটোক সাজু কৰি তোলা বুলি সন্দেহ কৰা হৈছে। কেৱল এয়াই নহয় এগৰাকীৰ সেনা বিষয়াই প্ৰকাশ কৰিছে যে, দলটোত পাক কমাণ্ডোৰ সদস্য থকাৰো আশংকা আছে যিয়ে এনে গেৰিলাযুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু কাশ্মীৰক পুনৰ অশান্ত কৰি তোলাৰ চেষ্টা কৰি আছে। ইফালে, উপত্যকাটোত অনা কাশ্মীৰী সাধাৰণ নাগৰিকৰ হত্যালীলাও আন এক উদ্বেগ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
ফেচবুক, ইনষ্টাগ্ৰামে ভাঙিলে সোমনাথ বাঢ়ৈৰ সুখৰ সংসাৰ! ৭ বছৰীয়া কন্যাৰ সৈতে নিৰুদ্দেশ পত্নী
প্ৰথমটো হাইড্ৰ’জেন চালিত ডবাৰ সফল পৰীক্ষণ ভাৰতীয় ৰে’ল বিভাগৰ
প্ৰথম ইনিংছত ভাৰতৰ ৩৫৮ ৰান
চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
মেঘালয়ত অসমৰ উচ্ছেদিতৰ প্ৰৱেশ নিষিদ্ধ
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!