--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ মাক হ’বলৈ আগবাঢ়িছে আম্বানী পৰিয়ালৰ বোৱাৰী শ্লোকা মেহতা ।  নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত এই খবৰটো পোহৰলৈ আহিছে  পাইছিল। শ্লোকাৰ মেকআপ শিল্পীয়ে  গৰ্ভৱতী শ্লোকাৰ এখন ফটো শ্বেয়াৰ কৰিছে। 

শেহতীয়াকৈ নীতা আম্বানীৰ সপোনৰ প্ৰকল্প সাংস্কৃতিক কেন্দ্ৰ এনএমএচিচিৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছে ।বলীউডৰ আগশাৰীৰ  সকলো তাৰকাকে নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰ এনএমএচিচিৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল। শ্বাহৰুখ খান, চলমান খান, আমিৰ খান, ৰণবীৰ সিং, হৃত্বিক ৰোশন, আলিয়া ভাট, প্ৰিয়ংকা চোপ্ৰা, কাজল মাধুৰী দীক্ষিতৰ উপৰি বহু তাৰকাই উপস্থিত থাকে  অনুষ্ঠানটোত। টম হ'লেণ্ড, জিজি হাদিদ, জেণ্ডায়াৰ দৰে আন্তৰ্জাতিক তাৰকাকো অনুষ্ঠানটোত উপস্থিত থকা দেখা গ’ল।

 
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Celebrity Makeup Artist Puneet B Saini (@puneetbsaini)


 অনুষ্ঠানটোৰ দ্বিতীয় দিনা নীতা আম্বানীৰ বোৱাৰী শ্লোকা মেহতাই এটা ইণ্ডো-ৱেষ্টাৰ্ণ লেহেঙ্গা পিন্ধিছিল। মাক হ’বলৈ অগ্ৰসৰ হোৱা  ছবিখন তেওঁৰ  মেকআপ শিল্পী পুনিত বি ছাহানীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। পুনিতে শ্লোকাৰ কেইবাখনো ছবি আপলোড কৰিছে। প্ৰতিখন ছবিতে শ্লোকাই কেমেৰাৰ সন্মুখত ধুনীয়াকৈ প’জ দিছে।
উল্লেখ্য শ্লোকাই ২০১৯ চনত মুকেশ আৰু নীতা আম্বানীৰ পুত্ৰ আকাশৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দুয়ো সৰুৰে পৰা বন্ধু আছিল। তেওঁলোকে মুম্বাইত একেলগে পঢ়িছিল। বন্ধুত্ব কম সময়ৰ ভিতৰতে প্ৰেমলৈ ৰূপান্তৰিত হৈছিল। আকাশ-শ্লোকাৰ বিয়া খন ধুমধুমীয়াকৈ অনুষ্ঠিত  হৈছিল। শ্লোকাই দুবছৰ আগতে  পুত্ৰ সন্তান পৃথ্বীৰ জন্ম দিছিল। তেওঁ এতিয়া  দ্বিতীয় সন্তানৰ বাবে অপেক্ষা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ