--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ মাক হ’বলৈ আগবাঢ়িছে আম্বানী পৰিয়ালৰ বোৱাৰী শ্লোকা মেহতা ।  নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত এই খবৰটো পোহৰলৈ আহিছে  পাইছিল। শ্লোকাৰ মেকআপ শিল্পীয়ে  গৰ্ভৱতী শ্লোকাৰ এখন ফটো শ্বেয়াৰ কৰিছে। 

শেহতীয়াকৈ নীতা আম্বানীৰ সপোনৰ প্ৰকল্প সাংস্কৃতিক কেন্দ্ৰ এনএমএচিচিৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছে ।বলীউডৰ আগশাৰীৰ  সকলো তাৰকাকে নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰ এনএমএচিচিৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল। শ্বাহৰুখ খান, চলমান খান, আমিৰ খান, ৰণবীৰ সিং, হৃত্বিক ৰোশন, আলিয়া ভাট, প্ৰিয়ংকা চোপ্ৰা, কাজল মাধুৰী দীক্ষিতৰ উপৰি বহু তাৰকাই উপস্থিত থাকে  অনুষ্ঠানটোত। টম হ'লেণ্ড, জিজি হাদিদ, জেণ্ডায়াৰ দৰে আন্তৰ্জাতিক তাৰকাকো অনুষ্ঠানটোত উপস্থিত থকা দেখা গ’ল।

 
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Celebrity Makeup Artist Puneet B Saini (@puneetbsaini)


 অনুষ্ঠানটোৰ দ্বিতীয় দিনা নীতা আম্বানীৰ বোৱাৰী শ্লোকা মেহতাই এটা ইণ্ডো-ৱেষ্টাৰ্ণ লেহেঙ্গা পিন্ধিছিল। মাক হ’বলৈ অগ্ৰসৰ হোৱা  ছবিখন তেওঁৰ  মেকআপ শিল্পী পুনিত বি ছাহানীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। পুনিতে শ্লোকাৰ কেইবাখনো ছবি আপলোড কৰিছে। প্ৰতিখন ছবিতে শ্লোকাই কেমেৰাৰ সন্মুখত ধুনীয়াকৈ প’জ দিছে।
উল্লেখ্য শ্লোকাই ২০১৯ চনত মুকেশ আৰু নীতা আম্বানীৰ পুত্ৰ আকাশৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দুয়ো সৰুৰে পৰা বন্ধু আছিল। তেওঁলোকে মুম্বাইত একেলগে পঢ়িছিল। বন্ধুত্ব কম সময়ৰ ভিতৰতে প্ৰেমলৈ ৰূপান্তৰিত হৈছিল। আকাশ-শ্লোকাৰ বিয়া খন ধুমধুমীয়াকৈ অনুষ্ঠিত  হৈছিল। শ্লোকাই দুবছৰ আগতে  পুত্ৰ সন্তান পৃথ্বীৰ জন্ম দিছিল। তেওঁ এতিয়া  দ্বিতীয় সন্তানৰ বাবে অপেক্ষা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement