--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হঠাতে গেৰুৱা হৈ পৰিল  ভূপাল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়! গেৰুৱা মানেই বিজেপি বুলি সকলোৱে জানে যদিও কংগ্ৰেছেও গেৰুৱা ৰংটোকে আঁকোৱালি লোৱাত এতিয়া বহুতেই আচৰিত হৈ পৰা পৰিলক্ষিত হৈছে।ভূপালৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয়টো গেৰুৱা পতাকাৰে কিয়  ঢাকি দিয়া হৈছে সেয়া জানিবলৈ বহুতেই কৌতূহলী হৈ পৰাও দেখা গৈছে। 

প্ৰকৃততে  মধ্য প্ৰদেশৰ ভূপালত  কংগ্ৰেছৰ মুখ্য কাৰ্যালয়টো গেৰুৱা পতাকাৰে  সজাই তোলাৰ এক বিশেষ কাৰণ আছে। ৰাজ্যিক কংগ্ৰেছে ভূপালত পূজাৰী সন্মিলনৰ আয়োজন কৰিছে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা প্ৰায় ১,২০০গৰাকী পূজাৰীয়ে সেই সন্মিলনত ভাগ লৈছে। 'পূজাৰী প্ৰকোষ' সন্মিলন উপলক্ষ্যেই কংগ্ৰেছৰ কাৰ্যালয়টো গেৰুৱা ৰঙৰ পতাকাৰে সজোৱা হৈছে। 

পূজাৰীসকলক লৈ  কংগ্ৰেছৰ এটা সংগঠনো আছে। তেওঁলোকৰ পতাকাৰ ৰঙো গেৰুৱা।  উল্লেখ্য  মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচন এই বছৰৰ নৱেম্বৰত অনুষ্ঠিত হ'ব। কংগ্ৰেছ যোৱা বাৰ ক্ষমতালৈ ঘূৰি আহিছিল, কিন্তু চৰকাৰখন বেছি দিন স্থায়ী হৈ নৰ’ল। জ্যোতিৰাদিত্য সিন্ধিয়াই ক্ষুব্ধ কংগ্ৰেছ বিধায়কসকলৰ সৈতে পদ্ম শিবিৰত যোগদান কৰিছিল। ফলস্বৰূপে কংগ্ৰেছ চৰকাৰ খন ভাঙি গৈছিল আৰু শিৱৰাজ সিং চৌহানৰ নেতৃত্বত  বিজেপি ক্ষমতালৈ আহিছিল।

আগন্তুক নিৰ্বাচনলৈ লক্ষ্য ৰাখি কংগ্ৰেছে দলীয় কৰ্মীসকলক একত্ৰিত কৰাৰ লগতে ধৰ্মীয় ৰীতি-নীতিক এক অস্ত্ৰ  হিচাপে ব্যৱহাৰ কৰাৰ  চেষ্টা কৰি আছে। ৰাজ্যিক কংগ্ৰেছৰ সভাপতি কমল নাথে অনুভৱ কৰে যে দলৰ স্বাৰ্থত হিন্দুসকলৰ বাবে পূজা পাৰ্বন আয়োজন কৰাটো প্ৰয়োজনীয়। যদি দলটোৱে ইয়াৰ পৰা আঁতৰি যায়,সেয়া বিজেপিৰ বাবে লাভজনক কথা হ’ব।  পূজাৰী কোষৰ মুৰব্বী সুধীৰ ভাৰতীয়ে কয় যে যদি কংগ্ৰেছে চৰকাৰ গঠন কৰে, তেন্তে মন্দিৰত পুৰোহিত নিয়োগৰ পুৰণি ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত