--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হঠাতে গেৰুৱা হৈ পৰিল  ভূপাল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়! গেৰুৱা মানেই বিজেপি বুলি সকলোৱে জানে যদিও কংগ্ৰেছেও গেৰুৱা ৰংটোকে আঁকোৱালি লোৱাত এতিয়া বহুতেই আচৰিত হৈ পৰা পৰিলক্ষিত হৈছে।ভূপালৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয়টো গেৰুৱা পতাকাৰে কিয়  ঢাকি দিয়া হৈছে সেয়া জানিবলৈ বহুতেই কৌতূহলী হৈ পৰাও দেখা গৈছে। 

প্ৰকৃততে  মধ্য প্ৰদেশৰ ভূপালত  কংগ্ৰেছৰ মুখ্য কাৰ্যালয়টো গেৰুৱা পতাকাৰে  সজাই তোলাৰ এক বিশেষ কাৰণ আছে। ৰাজ্যিক কংগ্ৰেছে ভূপালত পূজাৰী সন্মিলনৰ আয়োজন কৰিছে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা প্ৰায় ১,২০০গৰাকী পূজাৰীয়ে সেই সন্মিলনত ভাগ লৈছে। 'পূজাৰী প্ৰকোষ' সন্মিলন উপলক্ষ্যেই কংগ্ৰেছৰ কাৰ্যালয়টো গেৰুৱা ৰঙৰ পতাকাৰে সজোৱা হৈছে। 

পূজাৰীসকলক লৈ  কংগ্ৰেছৰ এটা সংগঠনো আছে। তেওঁলোকৰ পতাকাৰ ৰঙো গেৰুৱা।  উল্লেখ্য  মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচন এই বছৰৰ নৱেম্বৰত অনুষ্ঠিত হ'ব। কংগ্ৰেছ যোৱা বাৰ ক্ষমতালৈ ঘূৰি আহিছিল, কিন্তু চৰকাৰখন বেছি দিন স্থায়ী হৈ নৰ’ল। জ্যোতিৰাদিত্য সিন্ধিয়াই ক্ষুব্ধ কংগ্ৰেছ বিধায়কসকলৰ সৈতে পদ্ম শিবিৰত যোগদান কৰিছিল। ফলস্বৰূপে কংগ্ৰেছ চৰকাৰ খন ভাঙি গৈছিল আৰু শিৱৰাজ সিং চৌহানৰ নেতৃত্বত  বিজেপি ক্ষমতালৈ আহিছিল।

আগন্তুক নিৰ্বাচনলৈ লক্ষ্য ৰাখি কংগ্ৰেছে দলীয় কৰ্মীসকলক একত্ৰিত কৰাৰ লগতে ধৰ্মীয় ৰীতি-নীতিক এক অস্ত্ৰ  হিচাপে ব্যৱহাৰ কৰাৰ  চেষ্টা কৰি আছে। ৰাজ্যিক কংগ্ৰেছৰ সভাপতি কমল নাথে অনুভৱ কৰে যে দলৰ স্বাৰ্থত হিন্দুসকলৰ বাবে পূজা পাৰ্বন আয়োজন কৰাটো প্ৰয়োজনীয়। যদি দলটোৱে ইয়াৰ পৰা আঁতৰি যায়,সেয়া বিজেপিৰ বাবে লাভজনক কথা হ’ব।  পূজাৰী কোষৰ মুৰব্বী সুধীৰ ভাৰতীয়ে কয় যে যদি কংগ্ৰেছে চৰকাৰ গঠন কৰে, তেন্তে মন্দিৰত পুৰোহিত নিয়োগৰ পুৰণি ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ