--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী সন্ত্ৰাসবাদীয়ে পুনৰ অৰাজকতাৰ সৃষ্টি কৰিছে কাশ্মীৰত ৷ নতুন বছৰৰ আৰম্ভনিতে উপত্যকাটো  আকৌ এবাৰ অস্থিৰ হৈ পৰিছে। দেওবাৰে নিশা  সন্ত্ৰাসবাদীয়ে জম্মুৰ ৰাজৌৰী অঞ্চলৰ পৰা ১০ কিলোমিটাৰ দক্ষিণে ধানগৰী গাঁৱত আক্ৰমণ কৰে। 

সন্ত্ৰাসবাদীৰ  গুলীচালনাৰ ফলত চাৰিজন লোক নিহত হয়। এই ঘটনাত ৯ জন লোক গুৰুতৰভাৱে আহত হয়৷  স্থানীয় সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদীয়ে দেওবাৰে এখন এছইউভিত আহি  ধানগ্ৰী গাঁৱত আক্ৰমণ কৰে। তেওঁলোকে গাড়ীৰ পৰা নামি গুলী চালনা কৰিবলৈ ধৰে । স্থানীয় লোকে আহতসকলক ৰাজৌৰীৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যায়।

চিকিৎসালয়ত  তিনিজন লোকক মৃত ঘোষণা কৰা হয় । মাজনিশা আন এজন ব্যক্তিৰ মৃত্যু হয়। মৃতসকলক সতীশ কুমাৰ (৪৫), দীপক কুমাৰ (২৩) আৰু প্ৰীতম লাল (৫৭) বুলি চিনাক্ত কৰা হৈছে। চিকিৎসালয়ত মাজনিশা মৃত্যু হোৱা ব্যক্তিজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

 আহতসকলৰ শৰীৰত একাধিক গুলীৰ আঘাত লাগিছে। গুৰুতৰভাৱে আহত সকলক পিছত জম্মু চহৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি সন্ত্ৰাসবাদীয়ে  অঞ্চলটোত বাস কৰা হিন্দু বাসিন্দাসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল৷  দুজন সন্ত্ৰাসবাদীয়ে অঞ্চলটোৰ তিনিটা ঘৰত আক্ৰমণ কৰিছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু