--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী সন্ত্ৰাসবাদীয়ে পুনৰ অৰাজকতাৰ সৃষ্টি কৰিছে কাশ্মীৰত ৷ নতুন বছৰৰ আৰম্ভনিতে উপত্যকাটো  আকৌ এবাৰ অস্থিৰ হৈ পৰিছে। দেওবাৰে নিশা  সন্ত্ৰাসবাদীয়ে জম্মুৰ ৰাজৌৰী অঞ্চলৰ পৰা ১০ কিলোমিটাৰ দক্ষিণে ধানগৰী গাঁৱত আক্ৰমণ কৰে। 

সন্ত্ৰাসবাদীৰ  গুলীচালনাৰ ফলত চাৰিজন লোক নিহত হয়। এই ঘটনাত ৯ জন লোক গুৰুতৰভাৱে আহত হয়৷  স্থানীয় সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদীয়ে দেওবাৰে এখন এছইউভিত আহি  ধানগ্ৰী গাঁৱত আক্ৰমণ কৰে। তেওঁলোকে গাড়ীৰ পৰা নামি গুলী চালনা কৰিবলৈ ধৰে । স্থানীয় লোকে আহতসকলক ৰাজৌৰীৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যায়।

চিকিৎসালয়ত  তিনিজন লোকক মৃত ঘোষণা কৰা হয় । মাজনিশা আন এজন ব্যক্তিৰ মৃত্যু হয়। মৃতসকলক সতীশ কুমাৰ (৪৫), দীপক কুমাৰ (২৩) আৰু প্ৰীতম লাল (৫৭) বুলি চিনাক্ত কৰা হৈছে। চিকিৎসালয়ত মাজনিশা মৃত্যু হোৱা ব্যক্তিজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

 আহতসকলৰ শৰীৰত একাধিক গুলীৰ আঘাত লাগিছে। গুৰুতৰভাৱে আহত সকলক পিছত জম্মু চহৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি সন্ত্ৰাসবাদীয়ে  অঞ্চলটোত বাস কৰা হিন্দু বাসিন্দাসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল৷  দুজন সন্ত্ৰাসবাদীয়ে অঞ্চলটোৰ তিনিটা ঘৰত আক্ৰমণ কৰিছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক