--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এথলেটিকছ প্ৰশিক্ষিকাৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উঠাৰ পিছতে  হাৰিয়ানাৰ মন্ত্ৰী আৰু ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক সন্দীপ সিঙে পদত্যাগ কৰিবলৈ বাধ্য হৈছে। অভিযোগ অনুসৰি  সন্দীপ সিঙে মহিলা প্ৰশিক্ষিকাগৰাকীক ঘৰলৈ মাতিছিল আৰু তেওঁক যৌন নিৰ্যাতন কৰিছিল। সন্দীপে সকলো অভিযোগ অস্বীকাৰ কৰিছে৷  কিন্তু তদন্তৰ বাবে পদত্যাগ কৰিছে। ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়কজনে দাবী কৰিছে  যে এয়া তেওঁৰ চৰিত্ৰহননৰ অপচেষ্টা৷  

যৌন নিৰ্যাতনৰ ভুক্তভোগীগৰাকীয়ে  হাৰিয়ানাৰ জুনিয়ৰ এথলেটিকছ দলৰ প্ৰশিক্ষিকা হিচাপে কাম কৰি আছে। বৃহস্পতিবাৰে, তেওঁ স্থানীয় ৰাজনৈতিক দল আইএনএলডিৰ কাৰ্যালয়ত বহি আছিল ৷ তেতিয়া সন্দীপে তেওঁক তেওঁৰ নিজৰ ঘৰলৈ মাতিছিল আৰু যৌন নিৰ্যাতন কৰিছিল।  তেওঁ শেহতীয়াকৈ  আৰক্ষীৰ ওচৰত  অভিযোগ দাখিল কৰিছে।এজাহাৰত তেওঁ কয় "মই আশা কৰোঁ চণ্ডীগড় আৰক্ষীয়ে মোৰ অভিযোগৰ নিৰপেক্ষ তদন্ত কৰিব।" 

মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে মন্ত্ৰীগৰাকীয়ে তেওঁক প্ৰথমবাৰ জিমত লগ পোৱাৰ পিছৰে পৰা সামাজিক মাধ্যমত তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছিল। ভুক্তভোগীগৰাকীয়ে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰকো তেওঁৰ অভিযোগৰ দাখিল কৰিছে। হাৰিয়ানা আৰক্ষীয়ে কৈছিল যে সন্দীপৰ বিৰুদ্ধে বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু