--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দক্ষিণ চিনেমাই ধাৰাবাহিকভাৱে সকলোৰে মন মোহিবলৈ সক্ষম হৈ পৰিছে। চাউথৰ কাহিনী আৰু তাৰকাবোৰ সকলোতে জিলিকি আছে। দক্ষিণৰ মূল ছবিয়েই হওক বা বলীউডত ইয়াৰ পুনৰ্নিৰ্মাণেই হওক, সকলোৰে ওপৰত তীব্ৰ আধিপত্য। এতিয়া দক্ষিণৰ নায়িকাসকলেও জনপ্ৰিয়তাৰ ক্ষেত্ৰত বলীউডক ছাঁ পেলোৱা দেখা গৈছে। এইবাৰ অমৰেস্কে প্ৰকাশ কৰিছে সৰ্বাধিক জনপ্ৰিয় মহিলা তাৰকাৰ তালিকা। এই তালিকাত চাউথৰ নায়িকা আছে শীৰ্ষত আৰু শীৰ্ষ ১০ টা স্থানৰ ভিতৰত কেৱল চাউথৰ অভিনেত্ৰীয়েহে জয়লাভ কৰিছে। এই তালিকাত শীৰ্ষস্থান দখল কৰিছে সামান্থা ৰুথ প্ৰভুৱে।শেহতীয়াকৈ মুক্তি পোৱা সামান্থা ৰুথ প্ৰভুৰ ছবি যশোদা ছবিখনে সমাদৰ লাভ কৰিছে। ইয়াৰ আগতে পুষ্পাত সামান্থাৰ গীতটোৱেও দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। 

Top 10 Most Popular Actress: टॉप 10 मोस्ट पॉपुलर एक्ट्रेस की लिस्ट में समांथा आईं टॉप पर, दस में से सात हीरोइनें साउथ की

এই তালিকাত  দ্বিতীয় নম্বৰত আছে আলিয়া ভাট। শেহতীয়াকৈ আলিয়া ভাট এগৰাকী মাতৃ হোৱাৰ লগতে তেওঁৰ কোনো নতুন প্ৰজেক্ট যেন অতি সোনকালে মুক্তি নাপাব বুলি জানিব পৰা গৈছে। জনপ্ৰিয়ভাৱে লেডী ছুপাৰষ্টাৰ অৱ চাউথ নামেৰে পৰিচিত নয়ন্তৰাই তৃতীয় নম্বৰত স্থান লাভ কৰিছে। চাৰি নম্বৰত কাজল আগৰৱালা আৰু পাঁচ নম্বৰত দীপিকা পাডুকন। 

ছয় নম্বৰত আছে ৰশ্মিকা মন্দনা। কিছুদিন পূৰ্বে গুডবাইৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল ৰশ্মিকা মন্দনাই। কিন্তু ছবিখনে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম নহ'ল। আনহাতে কেটৰিনা কাইফে সাত নম্বৰত আছে। অষ্টম নম্বৰ হৈছে অনুষ্কা শ্বেট্টী, নৱম স্থানত কীৰ্তি সুৰেশ আৰু দশম স্থানত আছে তৃষা কৃষ্ণন। এইদৰে দক্ষিণৰ নায়িকাসকলে এই তালিকাত আধিপত্য বিস্তাৰ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু