--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপেক্ষা শেষ! অৱশেষত কন্যাসন্তানৰ নাম প্ৰকাশ কৰিলে বলিউডৰ তাৰকা দম্পত্তি ৰণবীৰ কাপুৰ আৰু আলিয়া আলিয়া ভাটে। বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰি কন্যাসন্তানৰ নাম প্ৰকাশ কৰে আলিয়াই।

ফটোখনত দেখা গৈছে ৰণবীৰৰ কোলাত কন্যাসন্তানটি আছে। কাষতে আলিয়াই ৰৈ সন্তানৰ ফালে চাই আছে। তেওঁলোকৰ বেকগ্ৰাউণ্ডৰ ৱালত এটা ফুটবল জাৰ্চি আঁৰি থোৱা আছে। বাৰ্চিলোনা ফুটবল ক্লাবৰ জাৰ্চিটোত এটা বিশেষ নাম লিখা আছে।

জাৰ্চটোত লিখা নামটো হৈছে- 'ৰাহা’। এই 'ৰাহা’ই হৈছে ৰণবীৰ-আলিয়াৰ কন্যাৰ নাম। এই নামটো ৰাখিছে ৰণবীৰৰ মাক নীতু কাপুৰে।

ইনষ্টাগ্ৰাম প’ষ্টটোত আলিয়াই কন্যাৰ নাম ৰাহা ৰখাক লৈও বিস্তৰভাৱে ব্যাখ্যা দাঙি ধৰিছে। 'ৰাহা’ নামটোৰ অৰ্থসমূহ তেওঁ উল্লেখ কৰিছে।

আলিয়াই লিখিছে যে স্বাহিলি ভাষাত 'ৰাহা’ শব্দৰ অৰ্থ আনন্দ, সংস্কৃতত বংশ, বাংলাত স্বস্তি আৰু আৰৱী ভাষাত শান্তি। ৰাহা মানে আনন্দ আৰু স্বাধিনতাও।

উল্লেখ্য যে চলিত মাহৰ ৬ তাৰিখে কন্যাসন্তানৰ জন্ম দিছিল আলিয়াই। তাৰপাছৰে কন্যাৰ নাম কি ৰখা হ’ব সেই লৈ চৰ্চা চলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক