--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বৰ সক্ৰিয়তাহীন অৱস্থা আৰু স্থিতাৱস্থাকামী পৰিস্থিতিয়ে এতিয়া হতাশ কৰিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছৰ নতুন প্ৰজন্মক। ইজনৰ পাছত সিজন যুৱ নেতাই দল ত্যাগ কৰি বিকল্প বাছি লোৱাৰ পাছত আন একাধিক যুৱ প্ৰতিনিধিয়ে বিকল্পৰ সন্ধান কৰা দেখিবলৈ পোৱা গৈছে। এইবাৰ গান্ধী পৰিয়ালৰ এগৰাকী অতি ঘনিষ্ঠ নেতাৰ পুত্ৰই বিকল্পৰ সন্ধান কৰা বুলি প্ৰকাশ কৰাক লৈ তীব্ৰ চৰ্চা লাভ কৰিছে।

এইবাৰ বিকল্পৰ সন্ধান কৰিছে কংগ্ৰেছৰ এগৰাকী অতি নিষ্ঠাৱান নেতা তথা সভাপতি ছোনিয়া গান্ধীৰ অতি ঘনিষ্ঠ আহমদ পেটেলৰ পুত্ৰই। আহমদ পেটেল আছিল ছোনিয়া গান্ধীৰ ৰাজনৈতিক সচিব। আহমদ পেটেলৰ পৰামৰ্শক্ৰমেই ছোনিয়াই লৈছিল যিকোনো গুৰুত্বপূৰ্ণ ৰাজনৈতিক সিদ্ধান্ত। কিন্তু পিতৃৰ মৃত্যুৰ পাছত এতিয়া যেন দলৰ পৰা সমুচিত আশ্বাস বা আশা দেখিবলৈ পোৱা নাই এইগৰাকী যুৱ প্ৰতিনিধিয়ে। ৪১ বছৰীয়া ফইজল পেটেলে শেহতীয়াকৈ কৰা এটা মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। তেওঁ কয় যে, তেওঁ আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰা সম্পৰ্কত এতিয়াও নিশ্চিত হ’ব পৰা নাই। তেওঁ অপেক্ষা কৰি কৰি এতিয়া বিমুখ হৈ পৰিছে বুলিও মন্তব্য কৰিছে।


আহমদ পেটেলৰ পুত্ৰ ফইজল পেটেলে অভিযোগ কৰিছে যে, কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ পৰা কোনো উৎসাহজনক বাৰ্তা লাভ কৰি তেওঁ হতাশ হৈ পৰিছে। সেইবাবে তেওঁ সকলো বিকল্প খোলা ৰাখিছে। তেওঁ টুইটযোগে কৰা এই মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে। তেওঁৰ গৃহৰাজ্য গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ সময়তে তেওঁ ৰাজনৈতিক অভিষেক ঘটাব বুলি চৰ্চা চলিছিল। আৰু এতিয়া বিকল্প কোনো দলৰ হৈ তেওঁ ৰাজনৈতিক পথাৰত নামিব বুলিও এতিয়া চৰ্চা চলিছে। তেওঁ আম আদমী পাৰ্টীৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও এতিয়া চৰ্চা চলিছে।  
শেহতীয়াকৈ তেওঁ আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰাক লৈও বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি কৰিছিল। আম আদমী পাৰ্টীয়ে গুজৰাটৰ ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰৱেশ কৰাৰ বাবে চেষ্টা কৰি আছে। এনে পৰিপ্ৰেক্ষিতত গুজৰাটৰ ৰাজ্যসভাৰ সাংসদ তথা কংগ্ৰেছৰ সংকট মোচক হিচাপে পৰিচিত আহমদ পেটেলৰ পুত্ৰ তেওঁলোকৰ বাবে এক সচাৰ কাঠী হিচাপে চিহ্নিত হ’ব পাৰে।
ইফালে, ইজনৰ পাছত সিজন যুৱ নেতাই কংগ্ৰেছত আশাহত হ’বলৈ ধৰাৰ এই পৰম্পৰা অব্যাহত থাকিলে দলটোৰ ভৱিষ্যৎ যে অধিক অনিশ্চিত হৈ পৰিব সেয়া নিশ্চিত। আহমদ পেটেলৰ পুত্ৰই কংগ্ৰেছত কোনো আশা নেদেখা তথা নিৰাপত্তা অনুভৱ নকৰাটোৱে কংগ্ৰেছ দলটোৰ শেহতীয়া স্থিতিকে যেন প্ৰতিপন্ন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ