--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পঞ্জাব বিজয়ৰ পাছত নিজৰ ৰাজনৈতিক সাম্ৰাজ্যৰ অধিক সম্প্ৰসাৰণৰ বাবে তৎপৰ হৈ পৰিছে আম আদমী পাৰ্টী। গোৱা, পশ্চিম বংগ, হাৰিয়ানা, গুজৰাট আদি ৰাজ্যবোৰতো নিজৰ ৰাজনৈতিক অভিযান আৰম্ভ কৰিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বৰ আম আদমী পাৰ্টীয়ে। দলটোৱে গুজৰাটৰ দৰে বিজেপিৰ দুৰ্গসদৃশ ৰাজ্যখনৰ ক্ষমতা নিজৰ হাতলৈ নিয়াৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। এই তৎপৰতাৰ মাজতে এতিয়া আন এখন ৰাজ্যৰ প্ৰসংগই বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে। এই বিশেষ ৰাজ্যখনত আম আদমী পাৰ্টীৰ ৰাজনৈতিক উত্থানৰ গুৰি ধৰিবলৈ সাজু হৈছে এগৰাকী প্ৰাক্তন অসামৰিক বিষয়াই।  

আলোচনা কৰিব বিচৰা হৈছে কৰ্ণাটকৰ ৰাজনীতিৰ প্ৰসংগ। ব্যাপক উত্থান পতনেৰে ভৰা কৰ্ণাটকৰ ৰাজনীতিত একেটা কাৰ্যকালতে কংগ্ৰেছ বিজেপি উভয়ে শাসন কৰিছে। প্ৰথমে এইচ ডি কুমাৰস্বামীৰ নেতৃত্বত ৰাজ্যখনত ২০১৮চনত কংগ্ৰেছ মিত্ৰজোঁটৰ তৰকাৰ প্ৰতিষ্ঠা হৈছিল। কিন্তু এবছৰৰ পাছচতে সেই ক্ষমতা হস্তগত কৰে বি এছ য়েডিয়ুৰাপ্পাৰ নেতৃত্বত বিজেপিয়ে। তাৰ পাছত চৰকাৰ একেই থাকিলেও মুখ্যমন্ত্ৰী সলনি হয় আৰু  য়েডিয়ুৰাপ্পাৰ স্থান লয় বাসৱৰাজ বোম্মাইয়ে। এতিয়া ৰাজ্যখনৰ ৰাজনীতিত নিজৰ স্থিতি সুদৃঢ় কৰাৰ চেষ্টা কৰিছে আম আদমী পাৰ্টীয়ে আৰু তেওঁলোকে প্ৰাক্তন আইএএছ বিষয়া ভাস্কৰ ৰাৱক বাছনি কৰিছে নেতৃত্বৰ বাবে।

যেতিয়া ২০২১চনৰ ছেপ্টেম্বৰ মাহত ৰাৱে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল তেতিয়াই তেওঁ ৰাজনীতিত প্ৰৱেশ কৰাক লৈ জল্পনা-কল্পনা চলিছিল। ভাস্কৰ ৰাৱে ৰাজনীতিত প্ৰৱেশ কৰাৰ কথা বিবেচনা কৰি থকাৰ সময়তে তেওঁ বিভিন্ন বিকল্পবোৰৰ কথা বিবেচনা কৰিবলৈ আৰম্ভ কৰিছিল।

তেওঁৰ দুটা বিকল্প আছিল,  এটা কংগ্ৰেছ, যি বৰ্তমান বিৰোধী দল হিচাপে ৰাজ্যখনত আছে, বা আম আদমী পাৰ্টী। ৰাষ্ট্ৰীয় ৰাজনীতিত আপে নিজৰ পৰিসৰ সম্প্ৰসাৰিত কৰিবলৈ চেষ্টা কৰি গৈছিল।
অৱসৰ লোৱাৰ দুদিন পাছত অৰ্থাৎ যোৱা সোমবাৰে কৰ্ণাটক কেডাৰৰ ১৯৯০-বেটচৰ বিষয়াজনে তেওঁৰ পচন্দ নিৰ্বাচন কৰে আৰু প্ৰাক্তন অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে আম আদমী পাৰ্টীত যোগদান কৰে।

যদিও ৰাওৱে এতিয়াহে আনুষ্ঠানিকভাৱে মূলসুঁতিৰ ৰাজনীতিত যোগদান কৰিছে, ৰাজনৈতিক ক্ষেত্ৰত তেওঁৰ সম্ভাৱ্য প্ৰৱেশক লৈ গুঞ্জন এবছৰৰো অধিক সময় ধৰি চলি আছিল। ২০২০ চনৰ জুন মাহত, বেংগালুৰুৰ পৰা ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনাৰ বিষয়ে চৰ্চা চলিছিল।

তেওঁ নিজৰ পচন্দ নিশ্চিত কৰাৰ আগতে, তেওঁক কেৱল কংগ্ৰেছেই নহয়, ভাৰতীয় জনতা পাৰ্টীয়েও নিজৰ সৈতে চামিলৰ প্ৰস্তাৱ দিছিল। এই সম্পৰ্কত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, ‘মই গোটেই জীৱন কৰ্ণাটকত আছোঁ আৰু ৰাজনৈতিক দলসমূহত মোৰ বন্ধুও আছে। কংগ্ৰেছ আৰু বিজেপিৰ বহুতে মোক তেওঁলোকৰ দলত যোগদান কৰিবলৈ আহ্বান জনাইছিল।’
কিন্তু তেওঁ আম আদমী পাৰ্টীক নিৰ্বাচন কৰে আরু আপে এতিয়া তেওঁৰ হাতত ধৰিয়েই কৰ্ণাটকৰ ৰাজনীতিত নিজৰ সক্ৰিয়তা বৃদ্ধিৰ পৰিকল্পনা কৰিছে। আপৰ ল’ প্ৰফাইল ৰাজনীতিয়ে তেওঁক আকৰ্ষিত কৰা বুলি তেওঁ সংবাদ মাধ্যমক অৱগত কৰে। এতিয়া কৰ্ণাটকত ৰাৱে কিমান সফলতা দিয়ে সেয়া লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ