--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পঞ্জাব বিজয়ৰ পাছত নিজৰ ৰাজনৈতিক সাম্ৰাজ্যৰ অধিক সম্প্ৰসাৰণৰ বাবে তৎপৰ হৈ পৰিছে আম আদমী পাৰ্টী। গোৱা, পশ্চিম বংগ, হাৰিয়ানা, গুজৰাট আদি ৰাজ্যবোৰতো নিজৰ ৰাজনৈতিক অভিযান আৰম্ভ কৰিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বৰ আম আদমী পাৰ্টীয়ে। দলটোৱে গুজৰাটৰ দৰে বিজেপিৰ দুৰ্গসদৃশ ৰাজ্যখনৰ ক্ষমতা নিজৰ হাতলৈ নিয়াৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। এই তৎপৰতাৰ মাজতে এতিয়া আন এখন ৰাজ্যৰ প্ৰসংগই বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে। এই বিশেষ ৰাজ্যখনত আম আদমী পাৰ্টীৰ ৰাজনৈতিক উত্থানৰ গুৰি ধৰিবলৈ সাজু হৈছে এগৰাকী প্ৰাক্তন অসামৰিক বিষয়াই।  

আলোচনা কৰিব বিচৰা হৈছে কৰ্ণাটকৰ ৰাজনীতিৰ প্ৰসংগ। ব্যাপক উত্থান পতনেৰে ভৰা কৰ্ণাটকৰ ৰাজনীতিত একেটা কাৰ্যকালতে কংগ্ৰেছ বিজেপি উভয়ে শাসন কৰিছে। প্ৰথমে এইচ ডি কুমাৰস্বামীৰ নেতৃত্বত ৰাজ্যখনত ২০১৮চনত কংগ্ৰেছ মিত্ৰজোঁটৰ তৰকাৰ প্ৰতিষ্ঠা হৈছিল। কিন্তু এবছৰৰ পাছচতে সেই ক্ষমতা হস্তগত কৰে বি এছ য়েডিয়ুৰাপ্পাৰ নেতৃত্বত বিজেপিয়ে। তাৰ পাছত চৰকাৰ একেই থাকিলেও মুখ্যমন্ত্ৰী সলনি হয় আৰু  য়েডিয়ুৰাপ্পাৰ স্থান লয় বাসৱৰাজ বোম্মাইয়ে। এতিয়া ৰাজ্যখনৰ ৰাজনীতিত নিজৰ স্থিতি সুদৃঢ় কৰাৰ চেষ্টা কৰিছে আম আদমী পাৰ্টীয়ে আৰু তেওঁলোকে প্ৰাক্তন আইএএছ বিষয়া ভাস্কৰ ৰাৱক বাছনি কৰিছে নেতৃত্বৰ বাবে।

যেতিয়া ২০২১চনৰ ছেপ্টেম্বৰ মাহত ৰাৱে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল তেতিয়াই তেওঁ ৰাজনীতিত প্ৰৱেশ কৰাক লৈ জল্পনা-কল্পনা চলিছিল। ভাস্কৰ ৰাৱে ৰাজনীতিত প্ৰৱেশ কৰাৰ কথা বিবেচনা কৰি থকাৰ সময়তে তেওঁ বিভিন্ন বিকল্পবোৰৰ কথা বিবেচনা কৰিবলৈ আৰম্ভ কৰিছিল।

তেওঁৰ দুটা বিকল্প আছিল,  এটা কংগ্ৰেছ, যি বৰ্তমান বিৰোধী দল হিচাপে ৰাজ্যখনত আছে, বা আম আদমী পাৰ্টী। ৰাষ্ট্ৰীয় ৰাজনীতিত আপে নিজৰ পৰিসৰ সম্প্ৰসাৰিত কৰিবলৈ চেষ্টা কৰি গৈছিল।
অৱসৰ লোৱাৰ দুদিন পাছত অৰ্থাৎ যোৱা সোমবাৰে কৰ্ণাটক কেডাৰৰ ১৯৯০-বেটচৰ বিষয়াজনে তেওঁৰ পচন্দ নিৰ্বাচন কৰে আৰু প্ৰাক্তন অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে আম আদমী পাৰ্টীত যোগদান কৰে।

যদিও ৰাওৱে এতিয়াহে আনুষ্ঠানিকভাৱে মূলসুঁতিৰ ৰাজনীতিত যোগদান কৰিছে, ৰাজনৈতিক ক্ষেত্ৰত তেওঁৰ সম্ভাৱ্য প্ৰৱেশক লৈ গুঞ্জন এবছৰৰো অধিক সময় ধৰি চলি আছিল। ২০২০ চনৰ জুন মাহত, বেংগালুৰুৰ পৰা ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনাৰ বিষয়ে চৰ্চা চলিছিল।

তেওঁ নিজৰ পচন্দ নিশ্চিত কৰাৰ আগতে, তেওঁক কেৱল কংগ্ৰেছেই নহয়, ভাৰতীয় জনতা পাৰ্টীয়েও নিজৰ সৈতে চামিলৰ প্ৰস্তাৱ দিছিল। এই সম্পৰ্কত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, ‘মই গোটেই জীৱন কৰ্ণাটকত আছোঁ আৰু ৰাজনৈতিক দলসমূহত মোৰ বন্ধুও আছে। কংগ্ৰেছ আৰু বিজেপিৰ বহুতে মোক তেওঁলোকৰ দলত যোগদান কৰিবলৈ আহ্বান জনাইছিল।’
কিন্তু তেওঁ আম আদমী পাৰ্টীক নিৰ্বাচন কৰে আরু আপে এতিয়া তেওঁৰ হাতত ধৰিয়েই কৰ্ণাটকৰ ৰাজনীতিত নিজৰ সক্ৰিয়তা বৃদ্ধিৰ পৰিকল্পনা কৰিছে। আপৰ ল’ প্ৰফাইল ৰাজনীতিয়ে তেওঁক আকৰ্ষিত কৰা বুলি তেওঁ সংবাদ মাধ্যমক অৱগত কৰে। এতিয়া কৰ্ণাটকত ৰাৱে কিমান সফলতা দিয়ে সেয়া লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু