--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  'ৰাম' হোৱা মুখৰ কথা নহয়। ৰামৰ দৰে ধীৰ-স্থিৰ-বুদ্ধিসম্পন্ন হ’বলৈ সাধনাৰ প্ৰয়োজন। ৰণবীৰ কাপুৰেও সেয়ে  'ৰাম' হ’বলৈ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে। হয়, ৰণবীৰ কাপুৰে এই মুহূৰ্তত 'ৰাম' হোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। 'এনিমেল'ৰ সফলতাৰ পিছত  তেওঁক 'ৰামায়ণ' ছবিখনত দেখা যাব। 

শেহতীয়াকৈ ৰণবীৰৰ এটা ভিডিঅ' পোহৰলৈ আহিছে।ভিডিঅ’টোত  দেখা গৈছে যে ৰণবীৰে কেতিয়াবা খালি ভৰিৰে দৌৰিছে,  কেতিয়াবা চাইকেল চলাইছে, কেতিয়াবা পুখুৰীৰ পানীত জঁপিয়াই সাঁতুৰিছে। ৰণবীৰৰ এনে কঠোৰ পৰিশ্ৰমৰ সময়ত তেওঁৰ সৈতে তেওঁৰ পত্নী আলিয়া ভাটো আছে।পোহৰলৈ অহা ভিডিঅ'টোলৈ চাই  এয়া স্পষ্ট হৈছে  যে অভিনেতাজনে চহৰৰ  পৰা কিছু সময় আঁতৰত কটাইছে। 

  অভিনেতাজনে ছবিখনৰ বাবে ধনুৰ্বিদ্যা শিকি আছে। কেৱল সেয়াই নহয়, তেওঁ তেওঁৰ হিন্দী ভাষাৰ উচ্চাৰণো কিছু পৰিৱৰ্তন অনাৰ চেষ্টা কৰিছে।  ৰণবীৰে 'এনিমেল' ছবিখনৰ বাবে প্ৰায় ৭০ কোটি টকা লৈছিল। কিন্তু 'ৰামায়ণ'ত, ই তিনিগুণ বৃদ্ধি হৈ ২২৫ কোটি টকা হৈছে। এই ছবিখনৰ দৃশ্যগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। নিতেশ তিৱাৰীৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন তথ্য আহি আছে। কেমেৰা, কাষ্টিং বা ভিজুৱেল ইফেক্ট – সকলো দিশতে এখন উল্লেখীয় ছবি হ’ব পাৰে  'ৰামায়ণ' ।  'ৰামায়ণ' ত ৰামৰ চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া ৰণবীৰে ইতিমধ্যে মদ-মাংস এৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ