--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  'ৰাম' হোৱা মুখৰ কথা নহয়। ৰামৰ দৰে ধীৰ-স্থিৰ-বুদ্ধিসম্পন্ন হ’বলৈ সাধনাৰ প্ৰয়োজন। ৰণবীৰ কাপুৰেও সেয়ে  'ৰাম' হ’বলৈ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে। হয়, ৰণবীৰ কাপুৰে এই মুহূৰ্তত 'ৰাম' হোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। 'এনিমেল'ৰ সফলতাৰ পিছত  তেওঁক 'ৰামায়ণ' ছবিখনত দেখা যাব। 

শেহতীয়াকৈ ৰণবীৰৰ এটা ভিডিঅ' পোহৰলৈ আহিছে।ভিডিঅ’টোত  দেখা গৈছে যে ৰণবীৰে কেতিয়াবা খালি ভৰিৰে দৌৰিছে,  কেতিয়াবা চাইকেল চলাইছে, কেতিয়াবা পুখুৰীৰ পানীত জঁপিয়াই সাঁতুৰিছে। ৰণবীৰৰ এনে কঠোৰ পৰিশ্ৰমৰ সময়ত তেওঁৰ সৈতে তেওঁৰ পত্নী আলিয়া ভাটো আছে।পোহৰলৈ অহা ভিডিঅ'টোলৈ চাই  এয়া স্পষ্ট হৈছে  যে অভিনেতাজনে চহৰৰ  পৰা কিছু সময় আঁতৰত কটাইছে। 

  অভিনেতাজনে ছবিখনৰ বাবে ধনুৰ্বিদ্যা শিকি আছে। কেৱল সেয়াই নহয়, তেওঁ তেওঁৰ হিন্দী ভাষাৰ উচ্চাৰণো কিছু পৰিৱৰ্তন অনাৰ চেষ্টা কৰিছে।  ৰণবীৰে 'এনিমেল' ছবিখনৰ বাবে প্ৰায় ৭০ কোটি টকা লৈছিল। কিন্তু 'ৰামায়ণ'ত, ই তিনিগুণ বৃদ্ধি হৈ ২২৫ কোটি টকা হৈছে। এই ছবিখনৰ দৃশ্যগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। নিতেশ তিৱাৰীৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন তথ্য আহি আছে। কেমেৰা, কাষ্টিং বা ভিজুৱেল ইফেক্ট – সকলো দিশতে এখন উল্লেখীয় ছবি হ’ব পাৰে  'ৰামায়ণ' ।  'ৰামায়ণ' ত ৰামৰ চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া ৰণবীৰে ইতিমধ্যে মদ-মাংস এৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু