--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ জানুৱাৰীত মুকলি হ’ব অযোধ্যাৰ ৰাম মন্দিৰ । মন্দিৰত স্থাপিত ৰাম লালাক সুৰক্ষা দিব 'ব্লেক কেট'-এ।  উত্তৰ প্ৰদেশ আৰক্ষীৰ দ্বাৰা নিৰ্বাচিত ২০০ জন বিষয়া আৰু জোৱানক অযোধ্যাৰ ৰাম মন্দিৰত পহৰা দিয়া এই বিশেষ বাহিনীৰ বাবে বাছনি কৰা হৈছে। তেওঁলোকক এনএছজি-এ  প্ৰশিক্ষণ দিছে । যদি সকলো ঠিকে থাকে তেন্তে  বিশেষ বাহিনীয়ে ২২  জানুৱাৰীত মন্দিৰ উদ্বোধনৰ পূৰ্বেই  দায়িত্ব গ্ৰহণ কৰিব।

যোগী আদিত্যনাথ চৰকাৰৰ উদ্যোগত এই বিশেষ বাহিনী গঠন কৰা হৈছে। হাৰিয়ানাৰ মানেচাৰত এনএচি কমাণ্ডোসকলে বাহিনীটোক প্ৰশিক্ষণ দিছে। ২০০ জন বিষয়া আৰু জোৱানৰ এই বাহিনীয়ে ৰাম মন্দিৰত যিকোনো ধৰণৰ বিশৃংখল পৰিস্থিতি, আনকি সন্ত্ৰাসবাদীৰ আক্ৰমণৰো প্ৰতিৰোধ কৰিব পাৰিব। সৈনিকসকলে পৰিস্থিতি অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। এনএছজিয়ে সাধাৰণতে ভিভিআইপি আদিৰ সুৰক্ষাৰ  সৈতে সম্পৰ্কিত। উত্তৰ প্ৰদেশ আৰক্ষীৰ এই বাহিনীটোকো এনএছজিয়ে  একেধৰণৰ প্ৰশিক্ষণেই  দিছে। জানিব পৰা মতে এই বাহিনীৰ জোৱানসকলৰ পোছাক 'ব্লেক কেট' কমাণ্ডোৰ শৈলীত প্ৰস্তুত কৰা হৈছে।

গুজৰাটৰ অক্ষৰধাম মন্দিৰত অতীততে আক্ৰমণ কৰা হৈছিল। অযোধ্যাতো সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। এই কথা মনত ৰাখি  কঠিন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এই বাহিনীৰ  আৰক্ষী কৰ্মীসকলক বিশেষ প্ৰশিক্ষণ দিয়া হৈছে। এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই কয় "আমি আমাৰ বিষয়া আৰু জোৱানসকলৰ ওপৰত বিশ্বাসী। তেওঁলোকক ৰাম মন্দিৰত  আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ  বিশেষ প্ৰশিক্ষণ দিয়া হৈছে"। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক