--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ জানুৱাৰীত মুকলি হ’ব অযোধ্যাৰ ৰাম মন্দিৰ । মন্দিৰত স্থাপিত ৰাম লালাক সুৰক্ষা দিব 'ব্লেক কেট'-এ।  উত্তৰ প্ৰদেশ আৰক্ষীৰ দ্বাৰা নিৰ্বাচিত ২০০ জন বিষয়া আৰু জোৱানক অযোধ্যাৰ ৰাম মন্দিৰত পহৰা দিয়া এই বিশেষ বাহিনীৰ বাবে বাছনি কৰা হৈছে। তেওঁলোকক এনএছজি-এ  প্ৰশিক্ষণ দিছে । যদি সকলো ঠিকে থাকে তেন্তে  বিশেষ বাহিনীয়ে ২২  জানুৱাৰীত মন্দিৰ উদ্বোধনৰ পূৰ্বেই  দায়িত্ব গ্ৰহণ কৰিব।

যোগী আদিত্যনাথ চৰকাৰৰ উদ্যোগত এই বিশেষ বাহিনী গঠন কৰা হৈছে। হাৰিয়ানাৰ মানেচাৰত এনএচি কমাণ্ডোসকলে বাহিনীটোক প্ৰশিক্ষণ দিছে। ২০০ জন বিষয়া আৰু জোৱানৰ এই বাহিনীয়ে ৰাম মন্দিৰত যিকোনো ধৰণৰ বিশৃংখল পৰিস্থিতি, আনকি সন্ত্ৰাসবাদীৰ আক্ৰমণৰো প্ৰতিৰোধ কৰিব পাৰিব। সৈনিকসকলে পৰিস্থিতি অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। এনএছজিয়ে সাধাৰণতে ভিভিআইপি আদিৰ সুৰক্ষাৰ  সৈতে সম্পৰ্কিত। উত্তৰ প্ৰদেশ আৰক্ষীৰ এই বাহিনীটোকো এনএছজিয়ে  একেধৰণৰ প্ৰশিক্ষণেই  দিছে। জানিব পৰা মতে এই বাহিনীৰ জোৱানসকলৰ পোছাক 'ব্লেক কেট' কমাণ্ডোৰ শৈলীত প্ৰস্তুত কৰা হৈছে।

গুজৰাটৰ অক্ষৰধাম মন্দিৰত অতীততে আক্ৰমণ কৰা হৈছিল। অযোধ্যাতো সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। এই কথা মনত ৰাখি  কঠিন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এই বাহিনীৰ  আৰক্ষী কৰ্মীসকলক বিশেষ প্ৰশিক্ষণ দিয়া হৈছে। এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই কয় "আমি আমাৰ বিষয়া আৰু জোৱানসকলৰ ওপৰত বিশ্বাসী। তেওঁলোকক ৰাম মন্দিৰত  আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ  বিশেষ প্ৰশিক্ষণ দিয়া হৈছে"। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু