--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাবৰি মছজিদ-ৰাম জন্মভূমি গোচৰৰ অন্যতম প্ৰতিনিধি আছিল তেওঁ। মুছলমান পক্ষৰ অন্যতম মূল বিবাদী ইকবাল আনছাৰীক ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰ মুকলি অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে।

অযোধ্যাৰ মন্দিৰ নিৰ্মাণৰ দায়িত্বত থকা ‘শ্ৰীৰাম জন্মভূমি থিৰথক্ষেত্ৰ ট্ৰাষ্ট’ই শুকুৰবাৰে ইকবালক আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অযোধ্যাৰ ৰামপাথৰ সমীপৰ কোটিয়া পাঞ্জিতোলা অঞ্চলৰ বাসিন্দা ইকবালে শনিবাৰে নিমন্ত্ৰণী পত্ৰ লাভ কৰা বুলি জানিবলৈ দিয়ে। ট্ৰাষ্টৰ হৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৰ্মীসকলে ইকবালৰ ঘৰলৈ গৈ নিমন্ত্ৰণী পত্ৰ প্ৰদান কৰে।

প্ৰসংগক্ৰমে যোৱা শনিবাৰে অযোধ্যাত বাবৰি মছজিদৰ লিটিগেটৰ ইকবালক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰণি জনোৱা দেখা গৈছিল। সেইদিনা তেওঁ কয় যে তেওঁক নিমন্ত্ৰণ পালে ২২ জানুৱাৰীৰ অনুষ্ঠানত উপস্থিত থাকিব। আনছাৰীয়ে কয় যে যদি নিমন্ত্ৰণ পাওঁ তেন্তে নিশ্চয় যাব বিচাৰো।

ইয়াৰ পূৰ্বে ২০২০ চনৰ আগষ্ট মাহত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজা অনুষ্ঠানলৈও তেওঁক নিমন্ত্ৰণ জনোৱা হৈছিল। আনছাৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে, "মই নিমন্ত্ৰণ লাভ কৰি গ্ৰহণ কৰাটো ভগৱান ৰামৰ ইচ্ছা আছিল।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক