--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাবৰি মছজিদ-ৰাম জন্মভূমি গোচৰৰ অন্যতম প্ৰতিনিধি আছিল তেওঁ। মুছলমান পক্ষৰ অন্যতম মূল বিবাদী ইকবাল আনছাৰীক ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰ মুকলি অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে।

অযোধ্যাৰ মন্দিৰ নিৰ্মাণৰ দায়িত্বত থকা ‘শ্ৰীৰাম জন্মভূমি থিৰথক্ষেত্ৰ ট্ৰাষ্ট’ই শুকুৰবাৰে ইকবালক আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অযোধ্যাৰ ৰামপাথৰ সমীপৰ কোটিয়া পাঞ্জিতোলা অঞ্চলৰ বাসিন্দা ইকবালে শনিবাৰে নিমন্ত্ৰণী পত্ৰ লাভ কৰা বুলি জানিবলৈ দিয়ে। ট্ৰাষ্টৰ হৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৰ্মীসকলে ইকবালৰ ঘৰলৈ গৈ নিমন্ত্ৰণী পত্ৰ প্ৰদান কৰে।

প্ৰসংগক্ৰমে যোৱা শনিবাৰে অযোধ্যাত বাবৰি মছজিদৰ লিটিগেটৰ ইকবালক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰণি জনোৱা দেখা গৈছিল। সেইদিনা তেওঁ কয় যে তেওঁক নিমন্ত্ৰণ পালে ২২ জানুৱাৰীৰ অনুষ্ঠানত উপস্থিত থাকিব। আনছাৰীয়ে কয় যে যদি নিমন্ত্ৰণ পাওঁ তেন্তে নিশ্চয় যাব বিচাৰো।

ইয়াৰ পূৰ্বে ২০২০ চনৰ আগষ্ট মাহত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজা অনুষ্ঠানলৈও তেওঁক নিমন্ত্ৰণ জনোৱা হৈছিল। আনছাৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে, "মই নিমন্ত্ৰণ লাভ কৰি গ্ৰহণ কৰাটো ভগৱান ৰামৰ ইচ্ছা আছিল।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু