--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানত বাস কৰা এহাল পুৰুষ-মহিলাই ৩৩ বছৰ পূৰ্বে সংকল্প লৈছিল যে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ হ’লেহে বিয়া পাতিব। এতিয়া এই দম্পতীৰ সংকল্প পূৰণ হৈছে। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ হ’ল আৰু এতিয়া চৌদিশে গুঞ্জৰিত হৈছে জয় শ্ৰী ৰাম ধ্বনি। ৰাম মন্দিৰ নিৰ্মাণ হোৱাৰ পাছত তেওঁলোকৰ সংকল্প পূৰণ হ’ল আৰু শেহতীয়াকৈ দুয়ো ইজনে সিজনক বৰমালা পিন্ধাই বিবাহপাশত আৱদ্ধ হয়।
डॉ. शालिनी गौतम, डॉ. महेंद्र भारती.
আপোনালোকক জনাওঁ যে ৰাজস্থানৰ জয়পুৰৰ বাসিন্দা ডাঃ মহেন্দ্ৰ ভাৰতীয়ে ১৯৯০ চনতে বিবাহ উপযুক্ত হৈছিল। সেই সময়তে ৰাম মন্দিৰৰ কৰ সেৱকৰ ওপৰত হোৱা গুলীচালনাৰ ঘটনাত তেওঁ ইমানেই বিচলিত হৈছিল যে তেওঁ তেতিয়াই সিদ্ধান্ত লৈছিল যেতিয়ালৈকে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ নহয় তেতিয়ালৈকে তেওঁ বিয়া নাপাতে। 
अयोध्या में डॉक्टर दंपति ने लिए सात फेरे
এতিয়া ৰাম মন্দিৰত ৰামলালা বিৰাজমান হোৱাৰ পাছতেই আজমেৰৰ বাসিন্দা ডাঃ শালিনী গৌতমৰ সৈতে ডা° মহেন্দ্ৰ ভাৰতী বিবাহপাশত আবদ্ধ হয়। ৩৩ বছৰীয়া সংকল্প সম্পূৰ্ণ কৰি বিবাহপাশত আবদ্ধ হয় এই দম্পতী। অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰাৰ পাছতেই হোমৰ জুইক সাক্ষী কৰি চিৰজীৱনলৈ এক হয় ডাঃ মহেন্দ্ৰ ভাৰতী আৰু ডাঃ শালিনী গৌতম।
राम मंदिर बनने पर शादी का लिया था संकल्प, 33 साल बाद अब अयोध्या में रचाई शादी
ডা° মহেন্দ্ৰ ভাৰতীয়ে কয় যে ''মই অতি সুখী, অতি আপ্লুত। এই মুহূৰ্তটো মোৰ জীৱনৰ সৌভাগ্য হিচাপে আহিছে। ১৯৯০ চনত মই সংকল্প লৈছিলোঁ যে ভগৱান শ্ৰীৰামৰ মন্দিৰ নিৰ্মাণ হ’লেহে মই বিয়া পাতিম। সেই ইচ্ছা পূৰণ হৈছে। প্ৰভু ৰামে সকলোৰে কুশল-মংগল কৰক।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু