--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানত বাস কৰা এহাল পুৰুষ-মহিলাই ৩৩ বছৰ পূৰ্বে সংকল্প লৈছিল যে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ হ’লেহে বিয়া পাতিব। এতিয়া এই দম্পতীৰ সংকল্প পূৰণ হৈছে। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ হ’ল আৰু এতিয়া চৌদিশে গুঞ্জৰিত হৈছে জয় শ্ৰী ৰাম ধ্বনি। ৰাম মন্দিৰ নিৰ্মাণ হোৱাৰ পাছত তেওঁলোকৰ সংকল্প পূৰণ হ’ল আৰু শেহতীয়াকৈ দুয়ো ইজনে সিজনক বৰমালা পিন্ধাই বিবাহপাশত আৱদ্ধ হয়।
डॉ. शालिनी गौतम, डॉ. महेंद्र भारती.
আপোনালোকক জনাওঁ যে ৰাজস্থানৰ জয়পুৰৰ বাসিন্দা ডাঃ মহেন্দ্ৰ ভাৰতীয়ে ১৯৯০ চনতে বিবাহ উপযুক্ত হৈছিল। সেই সময়তে ৰাম মন্দিৰৰ কৰ সেৱকৰ ওপৰত হোৱা গুলীচালনাৰ ঘটনাত তেওঁ ইমানেই বিচলিত হৈছিল যে তেওঁ তেতিয়াই সিদ্ধান্ত লৈছিল যেতিয়ালৈকে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ নহয় তেতিয়ালৈকে তেওঁ বিয়া নাপাতে। 
अयोध्या में डॉक्टर दंपति ने लिए सात फेरे
এতিয়া ৰাম মন্দিৰত ৰামলালা বিৰাজমান হোৱাৰ পাছতেই আজমেৰৰ বাসিন্দা ডাঃ শালিনী গৌতমৰ সৈতে ডা° মহেন্দ্ৰ ভাৰতী বিবাহপাশত আবদ্ধ হয়। ৩৩ বছৰীয়া সংকল্প সম্পূৰ্ণ কৰি বিবাহপাশত আবদ্ধ হয় এই দম্পতী। অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰাৰ পাছতেই হোমৰ জুইক সাক্ষী কৰি চিৰজীৱনলৈ এক হয় ডাঃ মহেন্দ্ৰ ভাৰতী আৰু ডাঃ শালিনী গৌতম।
राम मंदिर बनने पर शादी का लिया था संकल्प, 33 साल बाद अब अयोध्या में रचाई शादी
ডা° মহেন্দ্ৰ ভাৰতীয়ে কয় যে ''মই অতি সুখী, অতি আপ্লুত। এই মুহূৰ্তটো মোৰ জীৱনৰ সৌভাগ্য হিচাপে আহিছে। ১৯৯০ চনত মই সংকল্প লৈছিলোঁ যে ভগৱান শ্ৰীৰামৰ মন্দিৰ নিৰ্মাণ হ’লেহে মই বিয়া পাতিম। সেই ইচ্ছা পূৰণ হৈছে। প্ৰভু ৰামে সকলোৰে কুশল-মংগল কৰক।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক