--°C
Loading...
Listen to Article
2 min read
80%
  ডিজিটেল ডেস্কঃ নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত  পৃথিৱীৰ আটাইতকৈ ওখ শিৱৰ মূৰ্তিটো স্থাপন কৰা হ'ব।উত্তৰ প্ৰদেশৰ  মুখ্যমন্ত্ৰীয়ে যোগী আদিত্যনাথেও  ইয়াৰ বাবে সন্মতি প্ৰদান কৰিছে। একেদৰে  বিমানবন্দৰৰ ওচৰত থকাৰ বাবে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ অনুমতি প্ৰয়োজন আছিল যদিও সেই অনুমতি প্ৰদান কৰা বুলিও জানিব পৰা গৈছে। 

 মূৰ্তিটোৰ উচ্চতা ২৬০  ফুট হ'ব বুলি জানিব পৰা গৈছে। অৱশ্যে কেতবোৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যমে মূৰ্তিটোৰ উচ্চতা ২৪২ ফুট হ’ব বুলিও বাতৰি প্ৰকাশ কৰিছে। উল্লেখ্য নয়ডাত স্থাপন কৰিবলগীয়া এই মূৰ্তিটো তামিলনাডুৰ কইম্বাটুৰৰ ঈশা যোগ কমপ্লেক্সত স্থাপন কৰা  ১১২ ফুট ওখ শিৱৰ মূৰ্তিটোতকৈ  প্ৰায় দুগুণ উচ্চতাৰ হ’ব।   

 ঈশা ফাউণ্ডেচনে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক নয়ডাৰ এই মূৰ্তিটো নিৰ্মাণৰ  প্ৰস্তাৱ দিছিল। মুখ্যমন্ত্ৰী যোগীয়ে বিষয়টোত  সন্মতি দিছে। পাঁচশ টন তীখাৰে নিৰ্মাণ কৰিবলগীয়া নয়ডাৰ  আদি যোগী শিৱৰ এই মূৰ্তিটো বিশ্বৰ সৰ্ববৃহৎ শিৱ মূৰ্তি হ’ব বুলি ঈশা ফাউণ্ডেচনে প্ৰকাশ কৰিছে। 

ঈশা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সাধগুৰু জগ্গী বাসুদেৱে  মুখ্যমন্ত্ৰী আদিত্যনাথৰ সৈতে  আলোচনা কৰি মূৰ্তিটো নিৰ্মাণৰ সিদ্ধান্ত লৈছে।ঈশা ফাউণ্ডেচনে আশ্ৰমৰ বাবে ৰাজ্য চৰকাৰৰ পৰা ২০০ একৰ ভূমি বিচাৰিছে। নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰৰ অমৰপুৰ পালাকা গাওঁখন মূৰ্তিটো স্থাপনৰ বাবে বাছনি কৰা হৈছে বুলি জানি পৰা গৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ