--°C
Loading...
Listen to Article
2 min read
80%
  ডিজিটেল ডেস্কঃ নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত  পৃথিৱীৰ আটাইতকৈ ওখ শিৱৰ মূৰ্তিটো স্থাপন কৰা হ'ব।উত্তৰ প্ৰদেশৰ  মুখ্যমন্ত্ৰীয়ে যোগী আদিত্যনাথেও  ইয়াৰ বাবে সন্মতি প্ৰদান কৰিছে। একেদৰে  বিমানবন্দৰৰ ওচৰত থকাৰ বাবে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ অনুমতি প্ৰয়োজন আছিল যদিও সেই অনুমতি প্ৰদান কৰা বুলিও জানিব পৰা গৈছে। 

 মূৰ্তিটোৰ উচ্চতা ২৬০  ফুট হ'ব বুলি জানিব পৰা গৈছে। অৱশ্যে কেতবোৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যমে মূৰ্তিটোৰ উচ্চতা ২৪২ ফুট হ’ব বুলিও বাতৰি প্ৰকাশ কৰিছে। উল্লেখ্য নয়ডাত স্থাপন কৰিবলগীয়া এই মূৰ্তিটো তামিলনাডুৰ কইম্বাটুৰৰ ঈশা যোগ কমপ্লেক্সত স্থাপন কৰা  ১১২ ফুট ওখ শিৱৰ মূৰ্তিটোতকৈ  প্ৰায় দুগুণ উচ্চতাৰ হ’ব।   

 ঈশা ফাউণ্ডেচনে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক নয়ডাৰ এই মূৰ্তিটো নিৰ্মাণৰ  প্ৰস্তাৱ দিছিল। মুখ্যমন্ত্ৰী যোগীয়ে বিষয়টোত  সন্মতি দিছে। পাঁচশ টন তীখাৰে নিৰ্মাণ কৰিবলগীয়া নয়ডাৰ  আদি যোগী শিৱৰ এই মূৰ্তিটো বিশ্বৰ সৰ্ববৃহৎ শিৱ মূৰ্তি হ’ব বুলি ঈশা ফাউণ্ডেচনে প্ৰকাশ কৰিছে। 

ঈশা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সাধগুৰু জগ্গী বাসুদেৱে  মুখ্যমন্ত্ৰী আদিত্যনাথৰ সৈতে  আলোচনা কৰি মূৰ্তিটো নিৰ্মাণৰ সিদ্ধান্ত লৈছে।ঈশা ফাউণ্ডেচনে আশ্ৰমৰ বাবে ৰাজ্য চৰকাৰৰ পৰা ২০০ একৰ ভূমি বিচাৰিছে। নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰৰ অমৰপুৰ পালাকা গাওঁখন মূৰ্তিটো স্থাপনৰ বাবে বাছনি কৰা হৈছে বুলি জানি পৰা গৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক