--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাম মন্দিৰ অভিষেকৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। ২২ জানুৱাৰীত হব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা। এই সময়তে নেপালৰ পৰা পোহৰলৈ আহিছে ৫৭ বছৰীয়া পুৰণি শ্ৰীৰাম-সীতাৰ ডাক টিকট। এই ডাকটিকট ১৯৬৭ চনৰ ১৮ এপ্ৰিলত ৰাম নৱমীৰ দিনা মুকলি কৰা হৈছিল। লগতে ইয়াৰ ওপৰত বিক্ৰম সম্বত বুলি লিখা আছিল। বিক্ৰম সম্বত বিক্ৰমী বৰ্ষপঞ্জী বুলিও জনা যায়। ইয়াক হিন্দু বৰ্ষপঞ্জি আৰু এতিয়াও কেইবাখনো ৰাজ্যত ব্যৱহৃত হয়। 

বিক্ৰম সম্বতৰ এই টিকটত ২০২৪ চনৰ কথা উল্লেখ আছে। প্ৰকৃততে বিক্ৰম সম্বত ইংৰাজী কেলেণ্ডাৰতকৈ প্ৰায় ৫৭ বছৰ আগতে চলে। এইকাৰণেই ১৯৬৭ চনত বিক্ৰম সম্বত আছিল ২০২৪। সেয়েহে ১৯৬৭ চনৰ ৰাম-সীতাৰ ছবি থকা ডাক টিকটত লিখা হৈছিল ২০২৪ বুলি । সেই সময়ত কোনোৱে ভৱা নাছিল যে ২০২৪ চনত ৰাম মন্দিৰ নিৰ্মাণ হ'ব। 

আপোনালোকক কওঁ যে ৰাম মন্দিৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ আচৰিত কাকতলীয়া ঘটনা পোহৰলৈ আহিছে। নেপালৰ ডাক টিকটৰ কাকতলীয় ঘটনা দেখি সকলো আচৰিত হৈ পৰিছে। ৫৭ বছৰ পূৰ্বে যেতিয়া এই টিকট জাৰি কৰা হৈছিল তেতিয়া কোনেও ভবা নাছিল যে ২০২৪ চনত ভগৱান শ্ৰী ৰাম নিজৰ মন্দিৰলৈ ঘূৰি আহিব।

জানি থওক ৰামভক্তৰ ৫৫০ বছৰীয়া অপেক্ষাৰ অন্ত পৰিবলৈ ওলাইছে। ২২ জানুৱাৰীত ভগৱান ৰাম তেওঁৰ নিজৰ মন্দিৰত পদাৰ্পণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু