--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাম মন্দিৰক লৈ গুজৰাট কংগ্ৰেছত মোক্ষম আঘাত৷ দলত্যাগ কৰিলে এজন বিধায়কে৷ উল্লেখযোগ্য যে ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান বৰ্জন কৰিছে কংগ্ৰেছে৷ শুকুৰবাৰে গুজৰাটৰ জ্যেষ্ঠ কংগ্ৰেছ বিধায়ক চি জে চাৱদাই বিধানসভাৰ সদস্যপদৰ পৰা ত্যাগ কৰি কয় যে ৰাম মন্দিৰৰ প্ৰতি দলৰ দৃষ্টিভংগীৰ বাবে তেওঁ অসন্তুষ্ট৷

গুজৰাটৰ বিজাপুৰ সমষ্টিৰ তিনিবাৰৰ বিধায়কজনে পুৱা গান্ধীনগৰত অধ্যক্ষ শংকৰ চৌধুৰীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে৷ কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ সন্দৰ্ভত চি জে চাৱদাই কয়, মই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছোঁ। মই কংগ্ৰেছত ২৫ বছৰ কাম কৰিছোঁ। কাৰণটো হ’ল যে যিসময়ত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ বাবে সমগ্ৰ দেশৰ জনসাধাৰণ আনন্দিত হৈছে আৰু সেই আনন্দৰ অংশীদাৰ হোৱাৰ পৰিৱৰ্তে কংগ্ৰেছে দেখুওৱা দৃষ্টিভংগীয়ে মই বিচলিত হোৱাৰ কাৰণ।

পদত্যাগী বিধায়কগৰাকীয়ে লগতে কয়, আমি প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাম আৰু নীতিক সমৰ্থন কৰা উচিত। কিন্তু কংগ্ৰেছত থাকোতে মই সেইটো কৰিব নোৱাৰিলোঁহেঁতেন। সেয়েহে, মই পদত্যাগ কৰিছোঁ৷

চাৱদাৰ প্ৰস্থানৰ লগে লগে ১৮২ জনীয়া গুজৰাট বিধানসভাত কংগ্ৰেছ দলৰ বিধায়কৰ সংখ্যা হ’লগৈ ১৫জন। তেওঁ বিজেপিত যোগদান কৰিব বুলি আশা কৰা হৈছে। অৱশ্যে, এতিয়ালৈকে কোনো নিশ্চিত খবৰ লাভ কৰা হোৱা নাই। ইয়াৰ পূৰ্বে আনন্দ জিলাৰ খাম্বাটৰ কংগ্ৰেছ বিধায়ক চিৰাগ পেটেলেও বিধানসভাৰ পৰা পদত্যাগ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু