--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ কেইবাটাও বিৰোধী দলে ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান বৰ্জন কৰাৰ সময়তে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা আপৰ সাংসদ হৰভজন সিঙৰ ঘোষণা— 
‘ঈশ্বৰক বিশ্বাস কৰা এগৰাকী ব্যক্তি হিচাপে মই সেই অনুষ্ঠানত উপস্থিত থাকিম৷’ শনিবাৰে হৰভজন সিঙে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে তেওঁ অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত থাকিব৷

বিৰোধী দলে এই অনুষ্ঠান বৰ্জন কৰা প্ৰসংগত তেওঁ কয়, সেই অনুষ্ঠানলৈ কোনে যাব বিচাৰে অথবা যাবলৈ নিবিচাৰে, সেয়া মোৰ বিচাৰ্য বিষয় নহয়৷ কিন্তু মই নিশ্চিতভাৱে যাম। যদি মই ৰাম মন্দিৰলৈ যোৱাত কাৰোবাৰ সমস্যা হয়, তেওঁলোকে যি বিচাৰে সেয়া কৰিব পাৰে৷

উল্লেখযোগ্য যে বিৰোধী দলসমূহে ২২ জানুৱাৰীৰ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান বৰ্জন কৰাৰ মাজতে হৰভজনে এই মন্তব্য কৰিছে৷ তেওঁ লগতে কয় যে বিজেপিয়ে অনুষ্ঠানটোক লৈ ৰাজনীতি কৰিছে৷

তেওঁ কয়, এই সময়ত এই মন্দিৰটো নিৰ্মাণ কৰাটো আমাৰ সৌভাগ্য, সেয়েহে আমি সকলোৱে তালৈ গৈ ভগৱান ৰামচন্দ্ৰৰ পৰা আশীৰ্বাদ লাভ কৰা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু