--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰামভক্ত  কংগনা ৰাণাৱট আৰম্ভণিৰে পৰা ৰাম মন্দিৰ কাৰ্যসূচীক লৈ উৎসাহিত হৈ আছিল। অনুষ্ঠানটোৰ কেইদিনমান পূৰ্বেই সেয়ে  তেওঁ অযোধ্যাত উপস্থিত হৈছিল।ৰাম মন্দিৰৰ পৰা উভতি আহি  সাংবাদিকক কংগনাই কয়, "মই ভগৱান ৰামৰ ভক্ত। ৰামায়ণৰ ভক্ত। ৰামৰ কথাৰ অনুৰাগী। আপুনি কল্পনা কৰিব নোৱাৰে যে মই আজি কিমান সুখী। এয়া হৈছে জনআন্দোলনৰ সফলতা।সমগ্ৰ ভাৰত একত্ৰিত হৈছে, সেয়েহে আমি আজিৰ দিনটো চাবলৈ সক্ষম হৈছো। মই অযোধ্যা ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি অতিকৈ সুখী।। "

কংগনাই ৰাম মন্দিৰৰ পৰা উভতি আহিয়েই আন এটা খবৰো দিলে। তেওঁ এতিয়া নিজৰ  চিনেমাৰ প্ৰচাৰত মনোনিৱেশ কৰিছে। কংগনা ৰাণাৱটে তেওঁৰ মুক্ত পাবলগীয়া ছবি 'ইমাৰ্জেন্সি' মুক্তিৰ দিনটোৰ কথা অৱশেষত  ঘোষণা কৰিছে। কংগনা ৰাণাৱটে ছচিয়েল মিডিয়াত ইন্দিৰা গান্ধীৰ জীৱনকলৈ নিৰ্মিত আহিবলগীয়া ছবি 'ইমাৰ্জেন্সি'ৰ নতুন পোষ্টাৰ শ্বেয়াৰ কৰিছে আৰু ঘোষণা কৰিছে যে তেওঁৰ বহু প্ৰতীক্ষিত ছবিখনে ১৪ জুনত মুক্তি পাব। ছবিখনত কংগনাক ইন্দিৰা গান্ধীৰ চৰিত্ৰত দেখা যাব।
কেৱল অভিনয়েই নহয়, কংগনাই নিজেই  এই ছবিখন পৰিচালনাও কৰিছে।

কংগনাই কয়, "পৰিচালক হিচাপে এয়া মোৰ দ্বিতীয় খন ছবি। মই ইন্দিৰা গান্ধীৰ দৰে ব্যক্তিত্বক চিনেমাৰ পৰ্দালৈ অনাৰ বাবে সকলো ধৰণে সাজু হৈছো। কিন্তু মই ইয়াক ইন্দিৰাৰ জীৱনীমূলক ছবি বুলি নকওঁ। '

কংগনাই লগতে কয়, "দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু ভাৰতীয় ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ অধ্যায় ইন্দিৰা গান্ধীৰ জীৱনত বহু অজ্ঞাত কথা আছে। এইবোৰ ছবি খনত আলোকপাত কৰা হ'ব’’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু