--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰামভক্ত  কংগনা ৰাণাৱট আৰম্ভণিৰে পৰা ৰাম মন্দিৰ কাৰ্যসূচীক লৈ উৎসাহিত হৈ আছিল। অনুষ্ঠানটোৰ কেইদিনমান পূৰ্বেই সেয়ে  তেওঁ অযোধ্যাত উপস্থিত হৈছিল।ৰাম মন্দিৰৰ পৰা উভতি আহি  সাংবাদিকক কংগনাই কয়, "মই ভগৱান ৰামৰ ভক্ত। ৰামায়ণৰ ভক্ত। ৰামৰ কথাৰ অনুৰাগী। আপুনি কল্পনা কৰিব নোৱাৰে যে মই আজি কিমান সুখী। এয়া হৈছে জনআন্দোলনৰ সফলতা।সমগ্ৰ ভাৰত একত্ৰিত হৈছে, সেয়েহে আমি আজিৰ দিনটো চাবলৈ সক্ষম হৈছো। মই অযোধ্যা ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি অতিকৈ সুখী।। "

কংগনাই ৰাম মন্দিৰৰ পৰা উভতি আহিয়েই আন এটা খবৰো দিলে। তেওঁ এতিয়া নিজৰ  চিনেমাৰ প্ৰচাৰত মনোনিৱেশ কৰিছে। কংগনা ৰাণাৱটে তেওঁৰ মুক্ত পাবলগীয়া ছবি 'ইমাৰ্জেন্সি' মুক্তিৰ দিনটোৰ কথা অৱশেষত  ঘোষণা কৰিছে। কংগনা ৰাণাৱটে ছচিয়েল মিডিয়াত ইন্দিৰা গান্ধীৰ জীৱনকলৈ নিৰ্মিত আহিবলগীয়া ছবি 'ইমাৰ্জেন্সি'ৰ নতুন পোষ্টাৰ শ্বেয়াৰ কৰিছে আৰু ঘোষণা কৰিছে যে তেওঁৰ বহু প্ৰতীক্ষিত ছবিখনে ১৪ জুনত মুক্তি পাব। ছবিখনত কংগনাক ইন্দিৰা গান্ধীৰ চৰিত্ৰত দেখা যাব।
কেৱল অভিনয়েই নহয়, কংগনাই নিজেই  এই ছবিখন পৰিচালনাও কৰিছে।

কংগনাই কয়, "পৰিচালক হিচাপে এয়া মোৰ দ্বিতীয় খন ছবি। মই ইন্দিৰা গান্ধীৰ দৰে ব্যক্তিত্বক চিনেমাৰ পৰ্দালৈ অনাৰ বাবে সকলো ধৰণে সাজু হৈছো। কিন্তু মই ইয়াক ইন্দিৰাৰ জীৱনীমূলক ছবি বুলি নকওঁ। '

কংগনাই লগতে কয়, "দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু ভাৰতীয় ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ অধ্যায় ইন্দিৰা গান্ধীৰ জীৱনত বহু অজ্ঞাত কথা আছে। এইবোৰ ছবি খনত আলোকপাত কৰা হ'ব’’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক