--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিকৰ তৃতীয় বিবাহক লৈ চলা চৰ্চাৰ মাজতে ইণ্টাৰনেটত এক আলোড়নৰ সৃষ্টি হৈছে৷শেহতীয়াকৈ ভাইৰেল হৈছে বিচ্ছেদ হোৱা ছোৱেইব-ছানিয়াৰ এক বিশেষ ভিডিঅ’৷ভিডিঅ’টোত বলীউডৰ কিং শ্বাহৰুখ খানে ছানিয়া মিৰ্জা আৰু শ্বোয়েইব মালিকক প্ৰশ্ন সোধা দেখা গৈছে। বলীউডৰ তাৰকাগৰাকীৰ প্ৰতি প্ৰশ্ন আছিল- আপোনালোকে কিয় বিয়া পাতিলে? চাও আহক দম্পতীহালৰ উত্তৰ আছিল কেনেধৰণৰ?


২০ জানুৱাৰীত শ্বোৱেইবে হঠাতে তেওঁৰ আৰু ছানা জাভেদৰ বিবাহৰ খবৰ ছচিয়েল মিডিয়াত ঘোষণা কৰিছিল। পাছত ছানিয়াৰ পৰিয়ালেও প্ৰকাশ কৰে যে ভাৰতীয় টেনিছ তাৰকা আৰু শ্বোৱেইবৰ কিছু মাহ পূৰ্বে বিচ্ছেদ হৈছিল। ২০১০ চনত ছানিয়া আৰু শ্বোৱেইবৰ বিবাহ হয়। এটা অনুষ্ঠানত শ্বাহৰুখে ছানিয়া আৰু শ্বোৱেইবক সুধিলে, "আপোনালোকে ইমান সোনকালে কিয় বিয়া পাতিলে?"


এই প্ৰশ্নৰ উত্তৰত ছানিয়াই হাঁহি হাঁহি ক’লে, “শ্বোৱেইবৰ বহু গুণ আছে। কিন্তু সি বৰ লাজকুৰীয়া। বেছি কথা নকয়।" ইয়াৰ পাছত ছানিয়াই শ্বাহৰুখক ক'লে, "আপুনি তেওঁক অলপ কথা ক'বলৈ শিকাব।" শ্বাহৰুখে শ্বোৱেইবক একেটা প্ৰশ্নই সুধিছিল। পাক ক্ৰিকেটাৰজনে উত্তৰে কয় যে আমি কোনো কথা ভবাৰ আগতেই বিয়া হৈছিলোঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু