--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ অযোধ্যাত বিৰাজ কৰিছে আনন্দমুখৰ পৰিবেশ৷ আৰম্ভ হৈছে প্ৰাণ প্ৰতিষ্ঠাৰ বিভিন্ন পৰ্ব৷ যজ্ঞ মণ্ডপত উপাসনা আৰু ৰীতি-নীতি সম্পন্ন কৰা আৰম্ভ হৈছে। 

ডাঃ অনিল মিশ্ৰ আৰু তেওঁৰ পত্নী ঊষা মিশ্ৰক মন্দিৰ ন্যাসৰ ট্ৰাষ্টী হিচাপে নিযুক্তি দিয়া হৈছে, আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতীকী যজমান হ'ব। বুধবাৰে পুৱা ৯ বজাৰ পৰা ৰামলালাৰ শিশুৰূপৰ প্ৰতিমূৰ্তিৰ প্ৰায়শ্চিত্ত কৰ্ম কুটি পূজাৰ সৈতে ধৰ্মীয় ৰীতি-নীতিৰ প্ৰক্ৰিয়া আৰম্ভ হয়। ৰাম লাল্লাৰ এই স্থাৱৰ মূৰ্তিটো বুধবাৰে ৰাম জন্মভূমি চৌহদত প্ৰৱেশ কৰে৷

বুধবাৰে ৫১ ইঞ্চিৰ ৰামলালাক মন্দিৰ চৌহদত ভ্ৰমণলৈ লৈ যোৱা হয় আৰু আজি মন্দিৰৰ গৰ্ভগৃহৰ আসনত স্থান  দিয়া হ'ব। তাৰ পাছত ৰামলালাৰ বিশেষ ৰীতি-নীতিৰ নিয়মীয়া কাৰ্যসূচী আৰম্ভ হ'ব। ভাস্কৰ্যশিল্পী অৰুণ যোগীৰাজৰ এটা ভাস্কৰ্যযুক্ত ক'লা মূৰ্তি বিশাল মন্দিৰত স্থাপন কৰা হ'ব।

পিছে কোন এই ডাঃ অনিল মিশ্ৰ?

ৰাম মন্দিৰ ন্যাসৰ সদস্য ডাঃ অনিল মিশ্ৰ প্ৰাণ প্ৰতিষ্ঠাৰ মুখ্য যজমান হ'ব। অনিল মিশ্ৰ আম্বেদকাৰ নগৰৰ বাসিন্দা। তেওঁক চৰকাৰী হোমিঅ'পেথিক চিকিৎসক হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁলোকে ফৈজাবাদৰ লক্ষ্মণপুৰী কলনীত বাস কৰে। তেওঁ আৰ এছ এছৰ প্ৰাদেশিক কাৰ্যালয়ৰ সৈতে হোমিঅ'পেথিক বোৰ্ডৰ অধ্যক্ষো আছিল। চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত তেওঁ মন্দিৰ নিৰ্মাণ ন্যাসৰ ট্ৰাষ্টী হিচাপে অংশগ্ৰহণ কৰিছে। অনিল মন্দিৰ ন্যাসৰ ১১ জন স্থায়ী সদস্যৰ মাজৰ এজন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement