--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিটামিন ই আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। শৰীৰ স্বাস্থ্যৱান ৰখা আৰু ছাল, চুলি আৰু পেশী গঠনত এই ভিটামিনৰ ভূমিকা আছে। ভিটামিন ই ছালৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভিটামিন ই-ত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে। যি আমাৰ ছালক অতিবেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষিত কৰে। এই ভিটামিনে ছাল গঠনত সহায় কৰে। 

ভিটামিন ই-য়ে ছালৰ কোলাজেনৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে। সেইকাৰণে বৃদ্ধ বয়সৰ লক্ষণবোৰ বহু দিনৰ পিছত আহে। ভিটামিন ই-য়ে মূৰৰ ছাললৈ ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু চুলিৰ পুষ্টি প্ৰদান কৰে। একে সময়তে, চুলিবোৰ গুৰিৰ পৰা শক্তিশালী হয়।যদি ভিটামিন ই-ৰ অভাৱ হয়, কিন্তু হাড়, দাঁত ভঙ্গুৰ হৈ পৰিব পাৰে। ই ভিটামিনৰ অভাৱ হ’লে শৰীৰে পৰ্যাপ্ত পুষ্টি নাপায়।

ৰোগ প্ৰতিৰোধ  ক্ষমতাও হ্ৰাস হয়। সেয়েহে, প্ৰথমে, দৈনিক আহাৰৰ ওপৰত এবাৰ চকু দিয়ক।বিভিন্ন খাদ্য যেনে চিনাবাদাম, আখৰোট, বাদাম, বনস্পতি তেল, কণীৰ কুহুম, ঘেঁহু, চয়াবীন আৰু সূৰ্যমুখী তেল আদি হৈছে ভিটামিন ই-ৰ প্ৰাকৃতিক উৎস। ইয়াৰ লগতে, সেউজীয়া শাক-পাচলি আদিতো ভিটামিন ই পোৱা যায়।

যিসকলে দীৰ্ঘদিন ধৰি কম চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰি আহিছে, তেওঁলোকে একেবাৰে চৰ্বি নাখায়, তেওঁলোকৰ দেহতো ই ভিটামিনৰ অভাৱ ঘটিব পাৰে। বহুলোকে  প্ৰয়োজনতকৈ কম তেল খায়। আৰু তেওঁলোকৰ ক্ষেত্ৰত, এই ভিটামিন ই-ৰ অভাৱৰ ঘটাৰ আশংকা থাকে। উদ্ভিদৰ পৰা পোৱা তেল হৈছে এই ভিটামিন ই-ৰ সৰ্বশ্ৰেষ্ঠ উৎস। 

পেশীৰ দুৰ্বলতা, পেশীৰ সংকোচন, পেশীৰ মাজত কোনো  এংশত ভাৰসাম্য নোহোৱা যেন হোৱা, সঠিকভাৱে খোজ কাঢ়িব নোৱাৰা আদি হৈছে ভিটামিন ই-ৰ অভাৱত দেখা দিব পৰা সাধাৰণ লক্ষণ। 
ইয়াৰ বাহিৰেও, যদি চৰ্দি, কাহ, জ্বৰ আদিৰ দৰে সঘনাই হোৱা  সমস্যা, শৰীৰৰ বিভিন্ন অংশত বিষ হোৱা আদিও  ভিটামিন ই-ৰ অভাৱত হ’ব পাৰে ।

ভিটামিন ই চকুৰ বাবেও অতি গুৰুত্বপূৰ্ণ। এই ভিটামিনৰ অভাৱৰ ফলত ৰেটিনাত সমস্যা হ'ব পাৰে। ফলস্বৰূপে, দৃষ্টিশক্তি দুৰ্বল হৈ পৰে।

বহুলোকৰ স্নায়ুৰ বিভিন্ন সমস্যা যেনে ডিঙিত, পেশীত বিষ হ’ব পাৰে ।  সেয়েহে যদি আপোনাৰ এনে  সমস্যাই দেখা  দিয়ে , তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ  কৰক। 

ভিটামিন ই-য়ে আমাৰ শৰীৰক পুষ্টি প্ৰদান কৰে। সেয়েহে আপোনাৰ দৈনন্দিন আহাৰত ভিটামিন সমৃদ্ধ খাদ্য ৰাখিব। বিভিন্ন বীজ, বাদাম, সেউজীয়া পাচলি অধিক খাব।

ভিটামিন ই-ৰ অভাৱ পূৰণ কৰিবলৈ ভিটামিন ই-ৰ ব্যৱহাৰ হয়। এইটো অতি অসাধাৰণ যদিও সংক্ৰমণৰ সম্ভাৱনা থকা লোকৰ লগতে অতি কম ওজনৰ শিশুৰ ক্ষেত্ৰত এইটো ঘটে।

ভিটামিন-ই লগতে আন কিছুমান পৰিস্থিতিটো সঘনে ব্যৱহাৰ হয় যদিও ইয়াৰ আন ব্যৱহাৰসমূহৰ ক্ষেত্ৰত কোনো সঠিক পদ্ধতিগত সংকেত দেখা নাযায়।

ভিটামিন-ই হৈছে চৰ্বি-সংম্পৃক্ত ভিটামিন যি এন্টি অক্সিডেন্ট হিচাপে কাম কৰে।

সাধাৰমতে ইয়াক আঠটা সুকীয়া ৰূপত পোৱা যায় যাৰ ভিতৰত আলফা-টক’ফেৰল হৈছে আটাইকৈ ব্যৱহৃত তথা অত্যন্ত সজীৱ ৰূপ।

ভিটামিন ই-য়ে এন্টি অক্সিডেন্ট হিচাপে, কোষসমূহক ৰক্ষা কৰা, অধিকতৰ ছালৰ কোষক ক্ষতিৰ কৰাৰ পৰা প্ৰতিৰক্ষা কৰা আদিত সহায় কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ