--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হিন্দুসকল নিৰ্যাতনৰ বলি হৈছে। বাংলাদেশৰ এই হিংসাত্মক ঘটনা ৰাজধানী ঢাকাৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিখন সৰু-বৰ চহৰত দেখা যায়। এই সময়ছোৱাত একাংশ দুস্কৃতিকাৰীয়ে হিন্দুসকলৰ ঘৰ-দুৱাৰ, দোকান-পোহাৰ আৰু মন্দিৰৰ ক্ষতিসাধন কৰে। যোৱা ৫ আগষ্টত বাংলাদেশৰ খুলনা সংমণ্ডলৰ মেহেৰপুৰত থকা ইস্কন মন্দিৰ এটা ধ্বংস কৰি জ্বলাই দিয়া হৈছিল। এতিয়া এই সন্দৰ্ভত ইস্কনৰ সাধাৰণ সম্পাদকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

এক সাক্ষাৎকাৰত ইস্কনৰ সাধাৰণ সম্পাদক চাৰু চন্দ্ৰ দাসে কয়, "যোৱা কিছুদিন ধৰি হিন্দু সম্প্ৰদায়ৰ লোকসকলে ভয় খাই আছে। যিকোনো সময়তে আক্ৰমণ হ'ব পাৰে বুলি তেওঁলোক আতংকিত। মন্দিৰ, ঘৰ, দোকান সুৰক্ষিত নহয়,কাৰণ বহু হিন্দুৰ ঘৰ,দোকান আৰু লগতে ৰাজনীতিবিদৰ ঘৰকো লক্ষ্য কৰা হৈছে।" ইস্কনৰ সাধাৰণ সম্পাদকজনে কয় যে ইয়াৰ বাবেই তেওঁলোক ভয় খাইছে। মেহেৰপুৰৰ ইস্কন মন্দিৰত সংঘটিত হোৱা অগ্নিসংযোগৰ কথা উল্লেখ কৰি তেওঁ কয় যে মন্দিৰৰ পৰা পূজাৰীসকল পলায়নৰ খবৰবোৰ ভুৱা।

চাৰু চন্দ্ৰ দাসে আৰু কয়, ‘‘আমাৰ ইস্কনৰ কোনো পূজাৰীয়ে মন্দিৰ এৰি পলাই যোৱা নাই । তেওঁলোক সজাগ যে যদি কিবা হয় তেন্তে সামৰিক বাহিনীক ফোন কৰিব নাইবা বিএনপি আৰু জামাতৰ সৈতে জড়িত মুছলমান নেতাৰ পৰা সহায় বিচাৰিব।তথাপি তেওঁলোকে ৰাতি ভয়তে শুৱ পৰা নাই। এইটো কেৱল ঢাকাৰ কথা নহয়, প্ৰতিটো মন্দিৰ আৰু ঘৰৰ অৱস্থাও একেই ৷’’
তেওঁ কয় যে পৰিস্থিতি ইমানেই বেয়া হৈ পৰিল যে একাংশ লোকে সহায়ৰ বাবে আনকি ধন বিচাৰিবলগীয়া হ’ল। পূজাৰীয়ে কয়, "কিছুমানে সহায়ৰ বাবে ধন বিচাৰিছিল, তাৰ পিছত মই তেওঁলোকক মুছলমান নেতা, বিএনপি নেতা, জামাত-ই-ইছলামী নেতাৰ সৈতে কথা পাতিবলৈ কলোঁ।"

ইস্কনৰ সাধাৰণ সম্পাদক চাৰু চন্দ্ৰ দাসে কয় যে এই আক্ৰমণত ইস্কনৰ এটা মন্দিৰহে ক্ষতিগ্ৰস্ত হৈছে। সেই মন্দিৰটো ৰাজহুৱা স্থানত আছিল ৷ যেতিয়া তেওঁক সোধা হ’ল যে মন্দিৰটো ক’ত আছে যিটোত জুই লগাই দিয়া হৈছিল? ইয়াৰ উত্তৰত পূজাৰীজনে ক’লে যে সেই মন্দিৰটো মেহেৰপুৰত আছে। অৱশ্যে বাকী মন্দিৰবোৰ নিৰাপদ। একাংশ হিন্দুৱেও মন্দিৰত আশ্ৰয় লৈছিল। এতিয়া ঘৰলৈ উভতি গৈছে। অৱশ্যে তেওঁলোকে এতিয়াও অনুভৱ কৰে যে তেওঁলোকৰ ঘৰখন সুৰক্ষিত নহয়। নতুন চৰকাৰে আমাক সুৰক্ষা দিব বুলি মই ভাবোঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?