--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হিন্দুসকল নিৰ্যাতনৰ বলি হৈছে। বাংলাদেশৰ এই হিংসাত্মক ঘটনা ৰাজধানী ঢাকাৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিখন সৰু-বৰ চহৰত দেখা যায়। এই সময়ছোৱাত একাংশ দুস্কৃতিকাৰীয়ে হিন্দুসকলৰ ঘৰ-দুৱাৰ, দোকান-পোহাৰ আৰু মন্দিৰৰ ক্ষতিসাধন কৰে। যোৱা ৫ আগষ্টত বাংলাদেশৰ খুলনা সংমণ্ডলৰ মেহেৰপুৰত থকা ইস্কন মন্দিৰ এটা ধ্বংস কৰি জ্বলাই দিয়া হৈছিল। এতিয়া এই সন্দৰ্ভত ইস্কনৰ সাধাৰণ সম্পাদকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

এক সাক্ষাৎকাৰত ইস্কনৰ সাধাৰণ সম্পাদক চাৰু চন্দ্ৰ দাসে কয়, "যোৱা কিছুদিন ধৰি হিন্দু সম্প্ৰদায়ৰ লোকসকলে ভয় খাই আছে। যিকোনো সময়তে আক্ৰমণ হ'ব পাৰে বুলি তেওঁলোক আতংকিত। মন্দিৰ, ঘৰ, দোকান সুৰক্ষিত নহয়,কাৰণ বহু হিন্দুৰ ঘৰ,দোকান আৰু লগতে ৰাজনীতিবিদৰ ঘৰকো লক্ষ্য কৰা হৈছে।" ইস্কনৰ সাধাৰণ সম্পাদকজনে কয় যে ইয়াৰ বাবেই তেওঁলোক ভয় খাইছে। মেহেৰপুৰৰ ইস্কন মন্দিৰত সংঘটিত হোৱা অগ্নিসংযোগৰ কথা উল্লেখ কৰি তেওঁ কয় যে মন্দিৰৰ পৰা পূজাৰীসকল পলায়নৰ খবৰবোৰ ভুৱা।

চাৰু চন্দ্ৰ দাসে আৰু কয়, ‘‘আমাৰ ইস্কনৰ কোনো পূজাৰীয়ে মন্দিৰ এৰি পলাই যোৱা নাই । তেওঁলোক সজাগ যে যদি কিবা হয় তেন্তে সামৰিক বাহিনীক ফোন কৰিব নাইবা বিএনপি আৰু জামাতৰ সৈতে জড়িত মুছলমান নেতাৰ পৰা সহায় বিচাৰিব।তথাপি তেওঁলোকে ৰাতি ভয়তে শুৱ পৰা নাই। এইটো কেৱল ঢাকাৰ কথা নহয়, প্ৰতিটো মন্দিৰ আৰু ঘৰৰ অৱস্থাও একেই ৷’’
তেওঁ কয় যে পৰিস্থিতি ইমানেই বেয়া হৈ পৰিল যে একাংশ লোকে সহায়ৰ বাবে আনকি ধন বিচাৰিবলগীয়া হ’ল। পূজাৰীয়ে কয়, "কিছুমানে সহায়ৰ বাবে ধন বিচাৰিছিল, তাৰ পিছত মই তেওঁলোকক মুছলমান নেতা, বিএনপি নেতা, জামাত-ই-ইছলামী নেতাৰ সৈতে কথা পাতিবলৈ কলোঁ।"

ইস্কনৰ সাধাৰণ সম্পাদক চাৰু চন্দ্ৰ দাসে কয় যে এই আক্ৰমণত ইস্কনৰ এটা মন্দিৰহে ক্ষতিগ্ৰস্ত হৈছে। সেই মন্দিৰটো ৰাজহুৱা স্থানত আছিল ৷ যেতিয়া তেওঁক সোধা হ’ল যে মন্দিৰটো ক’ত আছে যিটোত জুই লগাই দিয়া হৈছিল? ইয়াৰ উত্তৰত পূজাৰীজনে ক’লে যে সেই মন্দিৰটো মেহেৰপুৰত আছে। অৱশ্যে বাকী মন্দিৰবোৰ নিৰাপদ। একাংশ হিন্দুৱেও মন্দিৰত আশ্ৰয় লৈছিল। এতিয়া ঘৰলৈ উভতি গৈছে। অৱশ্যে তেওঁলোকে এতিয়াও অনুভৱ কৰে যে তেওঁলোকৰ ঘৰখন সুৰক্ষিত নহয়। নতুন চৰকাৰে আমাক সুৰক্ষা দিব বুলি মই ভাবোঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক