--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলা দেশৰ শেহতীয়া পৰিস্থিতিয়ে সৃষ্টি কৰা অস্থিৰতাৰ বাবে অসমৰ ইণ্ডো-বাংলাদেশ সীমান্তত তৎপৰহৈ পৰিছে সীমান্ত সুৰক্ষা বাহিনী(বিএছএফ)। ৫ আগষ্টৰ পৰা বন্ধ হৈ আছে আই.চি.পি৷ মানুহ চলাচলৰ লগতে বন্ধ হৈ আছে আমদানি-ৰপ্তানি৷ শেহতী য়াকৈ বাংলাদেশ সীমান্তৰ আকাশত পৰিলক্ষিত হৈছে আচৰিত ৰশ্মী, ফলস্বৰুপে জনসাধাৰণৰ মাজত সৃষ্টি হৈছে অনাকাংক্ষিত পৰিস্থিতিৰ।বিশেষ ৰশ্মি যুক্ত যন্তৰ দ্বাৰা বাংলাদেশৰ ওপৰত দৃষ্টি ৰখা বুলি সন্দেহ প্ৰকাশ কৰিছে জনসাধাৰণে । এনে বিচিত্ৰ ঘটনা দেখি স্থানীয় লোক ভয়াৰ্ত হৈ পৰিছে। ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল নাদিয়াৰ কৃষ্ণগঞ্জত সংঘটিত হৈছে এই ঘটনা।

যি সময়ত মানুহে বাংলাদেশত অনুপ্ৰৱেশৰ বাবে চিন্তা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, তেনে সময়তে বাংলাদেশৰ আকাশত পোহৰৰ জিলিকনি দেখাত আতংকিত হৈ পৰিছে অঞ্চলবাসী। এয়া মিছাইল নে অন্য অস্ত্ৰ? নে আন কিবা? এই প্ৰশ্নই বাসিন্দাসকলৰ মনত বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । তেনে সময়তে মান্ত সুৰক্ষা বাহিনী (বি.এছ.এফ) অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতি শান্ত কৰে।

বি এছ এফৰ সূত্ৰ অনুসৰি অহা ১৫ আগষ্টত ভাৰতৰ স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত নিৰাপত্তা সু-নিশ্চিত কৰিবৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়িতুলা হৈছে। নিৰাপত্তা খাতিৰেত সীমান্তত অঞ্চলত দৃষ্টি ৰাখিবৰ বাবে বিশেষ লাইট ব্যৱহাৰ কৰিছিল বুলি জানিবলৈ দিয়ে বি.এছ.এফৰ সূত্ৰই। ৰাতি সেই অঞ্চলৰে এটা বাসগৃহত পাখিৰ দৰে অচিনাকি বস্তু এটা পৰি যায়।যাৰ বাবে আতংকৰ সৃষ্টি হয়।
খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলিত উপস্থিত হয় বি.এছ.এফৰ দল। এই ঘটনাক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি আশ্বাস প্ৰদান কৰে অঞ্চলবাসীক। বি.এছ.এফ. বিষয়াৰ আশ্বাস লাভ কৰি স্বস্তিৰ নিশ্বাস ত্যাগ কৰে অঞ্চলবাসীয়ে । বাংলাদেশৰ শেহতীয়া পৰিস্থিতিলৈ লক্ষ্য ৰাখি ভাৰত-বাংলাদেশ সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰা হৈছে। আৰক্ষীয়ে সীমান্তৰ অনুপ্ৰৱেশ বন্ধ কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কিছে বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক