--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলা দেশৰ শেহতীয়া পৰিস্থিতিয়ে সৃষ্টি কৰা অস্থিৰতাৰ বাবে অসমৰ ইণ্ডো-বাংলাদেশ সীমান্তত তৎপৰহৈ পৰিছে সীমান্ত সুৰক্ষা বাহিনী(বিএছএফ)। ৫ আগষ্টৰ পৰা বন্ধ হৈ আছে আই.চি.পি৷ মানুহ চলাচলৰ লগতে বন্ধ হৈ আছে আমদানি-ৰপ্তানি৷ শেহতী য়াকৈ বাংলাদেশ সীমান্তৰ আকাশত পৰিলক্ষিত হৈছে আচৰিত ৰশ্মী, ফলস্বৰুপে জনসাধাৰণৰ মাজত সৃষ্টি হৈছে অনাকাংক্ষিত পৰিস্থিতিৰ।বিশেষ ৰশ্মি যুক্ত যন্তৰ দ্বাৰা বাংলাদেশৰ ওপৰত দৃষ্টি ৰখা বুলি সন্দেহ প্ৰকাশ কৰিছে জনসাধাৰণে । এনে বিচিত্ৰ ঘটনা দেখি স্থানীয় লোক ভয়াৰ্ত হৈ পৰিছে। ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল নাদিয়াৰ কৃষ্ণগঞ্জত সংঘটিত হৈছে এই ঘটনা।

যি সময়ত মানুহে বাংলাদেশত অনুপ্ৰৱেশৰ বাবে চিন্তা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, তেনে সময়তে বাংলাদেশৰ আকাশত পোহৰৰ জিলিকনি দেখাত আতংকিত হৈ পৰিছে অঞ্চলবাসী। এয়া মিছাইল নে অন্য অস্ত্ৰ? নে আন কিবা? এই প্ৰশ্নই বাসিন্দাসকলৰ মনত বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । তেনে সময়তে মান্ত সুৰক্ষা বাহিনী (বি.এছ.এফ) অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতি শান্ত কৰে।

বি এছ এফৰ সূত্ৰ অনুসৰি অহা ১৫ আগষ্টত ভাৰতৰ স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত নিৰাপত্তা সু-নিশ্চিত কৰিবৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়িতুলা হৈছে। নিৰাপত্তা খাতিৰেত সীমান্তত অঞ্চলত দৃষ্টি ৰাখিবৰ বাবে বিশেষ লাইট ব্যৱহাৰ কৰিছিল বুলি জানিবলৈ দিয়ে বি.এছ.এফৰ সূত্ৰই। ৰাতি সেই অঞ্চলৰে এটা বাসগৃহত পাখিৰ দৰে অচিনাকি বস্তু এটা পৰি যায়।যাৰ বাবে আতংকৰ সৃষ্টি হয়।
খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলিত উপস্থিত হয় বি.এছ.এফৰ দল। এই ঘটনাক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি আশ্বাস প্ৰদান কৰে অঞ্চলবাসীক। বি.এছ.এফ. বিষয়াৰ আশ্বাস লাভ কৰি স্বস্তিৰ নিশ্বাস ত্যাগ কৰে অঞ্চলবাসীয়ে । বাংলাদেশৰ শেহতীয়া পৰিস্থিতিলৈ লক্ষ্য ৰাখি ভাৰত-বাংলাদেশ সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰা হৈছে। আৰক্ষীয়ে সীমান্তৰ অনুপ্ৰৱেশ বন্ধ কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কিছে বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?