--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ পৰিস্থিতি উত্তাল হৈ থকা সময়তে কৰ্ণাটকত নাগৰিকত্ব সংশোধনী আইন(CAA)ৰ অধীনত পাঁচজন বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে। এই লোকসকল ৰাইচুৰ জিলাৰ সিন্ধনুৰ অঞ্চলৰ সাহায্য শিবিৰত আশ্ৰয় লৈ আছিল। এই শিবিৰত ২৫ হাজাৰ লোকে আশ্ৰয় লৈ আছে, ইয়াৰে ২০ হাজাৰ বাংলাদেশী শৰণাৰ্থী আৰু পাঁচ হাজাৰ লোক ম্যানমাৰৰ পৰা অহা বুলি জানিব পৰা গৈছে।

এই পৰ্যন্ত নাগৰিকত্ব সংশোধনী আইন(CAA)ৰ অধীনত ১৪৬ জন লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছে বুলি জানিব পৰা গৈছে। ভাৰতৰ নাগৰিকত্ব লাভ কৰা আটাইকেইজন ব্যক্তিয়ে হিন্দু ধৰ্মাৱলম্বীৰ। ভাৰতীয় নাগৰিকত্ব লাভ কৰা পাঁচজন বাংলাদেশী নাগৰিক সকলৰ ভিতৰত আছে ৰামকৃষ্ণন অভিকাৰী, অদৱৈত, সুকুমাৰ, বিপৰদাস গোল্ডাৰ আৰু জয়ন্ত মণ্ডল। 

১৯৭১ চনত পাকিস্তানৰ পৰা বাংলাদেশ বিচ্ছিন্ন হোৱাৰ সময়ত কৰ্ণাটকত সাহায্য শিবিৰ নিৰ্মাণ কৰা হৈছিল। তাৰ পিছৰ পৰাই পূব পাকিস্তানৰ পৰা বৃহৎ সংখ্যক লোক ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আছে। 

নাগৰিকত্ব সংশোধনী আইনৰ অধীনত চুবুৰীয়া দেশ যেনে আফগানিস্তান, পাকিস্তান, বাংলাদেশত প্ৰতাৰিত হোৱা সংখ্যালঘু  যিসকল হিন্দু, শিখ, বৌদ্ধ, জৈন, খ্ৰীষ্টান ধৰ্মৰ সেই লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হয়। নাগৰিকত্ব প্ৰদান প্ৰক্ৰিয়াটো সহজ কৰি তোলাৰ বাবে চৰকাৰে আবেদনকাৰীজনৰ পিতৃ-মাতৃ, ককা-আইতা বা আজো ককা-আইতাসকলৰ যিকোনো এজন নাগৰিক এই তিনিখন দেশৰ যিকোনো এখনৰ বুলি প্ৰমাণিত কৰা কেন্দ্ৰীয়, ৰাজ্যিক বা অৰ্ধ-ন্যায়িক সংস্থাসমূহে জাৰি কৰা যিকোনো নথি-পত্ৰ গ্ৰহণ কৰিছে।

২০১৯ চনত CAA কাৰ্যকৰী কৰা হৈছিল যদিও ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা নিয়ম চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা হে জাৰি কৰা হৈছে। চাৰি বছৰ পূৰ্বে CAA কাৰ্যকৰী হোৱাকলৈ প্ৰতিবাদমুখৰ হৈ পৰিছিল সমগ্ৰ দেশ। 
 
সাম্প্ৰতিক বাংলা্দেশৰ পৰিস্থিতিয়ে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত অধিক বাংলাদেশী নাগৰিকে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে। যদি তেনে হয় ভাৰতৰ সামাজিক,অৰ্থনৈতিক,ৰাজনৈতিক ক্ষেত্ৰত যে বিৰূপ প্ৰভাৱ পৰিব সেয়া নিশ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?