--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ পৰিস্থিতি উত্তাল হৈ থকা সময়তে কৰ্ণাটকত নাগৰিকত্ব সংশোধনী আইন(CAA)ৰ অধীনত পাঁচজন বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে। এই লোকসকল ৰাইচুৰ জিলাৰ সিন্ধনুৰ অঞ্চলৰ সাহায্য শিবিৰত আশ্ৰয় লৈ আছিল। এই শিবিৰত ২৫ হাজাৰ লোকে আশ্ৰয় লৈ আছে, ইয়াৰে ২০ হাজাৰ বাংলাদেশী শৰণাৰ্থী আৰু পাঁচ হাজাৰ লোক ম্যানমাৰৰ পৰা অহা বুলি জানিব পৰা গৈছে।

এই পৰ্যন্ত নাগৰিকত্ব সংশোধনী আইন(CAA)ৰ অধীনত ১৪৬ জন লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছে বুলি জানিব পৰা গৈছে। ভাৰতৰ নাগৰিকত্ব লাভ কৰা আটাইকেইজন ব্যক্তিয়ে হিন্দু ধৰ্মাৱলম্বীৰ। ভাৰতীয় নাগৰিকত্ব লাভ কৰা পাঁচজন বাংলাদেশী নাগৰিক সকলৰ ভিতৰত আছে ৰামকৃষ্ণন অভিকাৰী, অদৱৈত, সুকুমাৰ, বিপৰদাস গোল্ডাৰ আৰু জয়ন্ত মণ্ডল। 

১৯৭১ চনত পাকিস্তানৰ পৰা বাংলাদেশ বিচ্ছিন্ন হোৱাৰ সময়ত কৰ্ণাটকত সাহায্য শিবিৰ নিৰ্মাণ কৰা হৈছিল। তাৰ পিছৰ পৰাই পূব পাকিস্তানৰ পৰা বৃহৎ সংখ্যক লোক ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আছে। 

নাগৰিকত্ব সংশোধনী আইনৰ অধীনত চুবুৰীয়া দেশ যেনে আফগানিস্তান, পাকিস্তান, বাংলাদেশত প্ৰতাৰিত হোৱা সংখ্যালঘু  যিসকল হিন্দু, শিখ, বৌদ্ধ, জৈন, খ্ৰীষ্টান ধৰ্মৰ সেই লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হয়। নাগৰিকত্ব প্ৰদান প্ৰক্ৰিয়াটো সহজ কৰি তোলাৰ বাবে চৰকাৰে আবেদনকাৰীজনৰ পিতৃ-মাতৃ, ককা-আইতা বা আজো ককা-আইতাসকলৰ যিকোনো এজন নাগৰিক এই তিনিখন দেশৰ যিকোনো এখনৰ বুলি প্ৰমাণিত কৰা কেন্দ্ৰীয়, ৰাজ্যিক বা অৰ্ধ-ন্যায়িক সংস্থাসমূহে জাৰি কৰা যিকোনো নথি-পত্ৰ গ্ৰহণ কৰিছে।

২০১৯ চনত CAA কাৰ্যকৰী কৰা হৈছিল যদিও ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা নিয়ম চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা হে জাৰি কৰা হৈছে। চাৰি বছৰ পূৰ্বে CAA কাৰ্যকৰী হোৱাকলৈ প্ৰতিবাদমুখৰ হৈ পৰিছিল সমগ্ৰ দেশ। 
 
সাম্প্ৰতিক বাংলা্দেশৰ পৰিস্থিতিয়ে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত অধিক বাংলাদেশী নাগৰিকে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে। যদি তেনে হয় ভাৰতৰ সামাজিক,অৰ্থনৈতিক,ৰাজনৈতিক ক্ষেত্ৰত যে বিৰূপ প্ৰভাৱ পৰিব সেয়া নিশ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক