--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড শ্বেহেনশ্বাহ অমিতাভ বচ্চনৰ পৰিয়ালত দন-খৰিয়াল! এইবাৰ লিংগভেদক কেন্দ্ৰ কৰি পৰিয়াটোৰ মাজত হৈছে চৰ্চা। লিংগভেদৰ বিষয়ে ক’বলৈ গৈ অমিতাভ বচ্চনৰ নাতিনী নভ্যা নভেলী নন্দাই এক সাক্ষাৎকাৰত তেওঁৰ পৰিয়ালৰ গোপন ৰহস্য ভেদ কৰিছে। তাৰপাছতে নন্দা পৰিয়ালৰ মাজৰ বিবাদ পোহৰলৈ আহিছিল। সমাজৰ আন একাংশৰ দৰে তেওঁৰ ঘৰতো লিংগভেদৰ পাৰ্থক্য স্পষ্ট বুলি সাক্ষাৎকাৰটোত নন্দাই সদৰী কৰিছে। তেওঁ কয়, ‘যেতিয়া আমাৰ ঘৰলৈ এজন অতিথিৰ আগমন ঘটে তেতিয়া ঘৰৰ ইটো-সিটো কাম মায়ে মোকে কৰিবলৈ কয়। অতিথি আপ্যায়নৰ সমস্ত গুৰুদায়িত্ব মোৰ কান্ধৰ ওপৰতে দিয়া হয়। সেই একেখিনি কাম কিন্তু মোৰ ভাইটিকো কৰিবলৈ ক’ব পাৰে কিন্তু নকয়।‘ BFC_ নভ্যাৰ মতে ঘৰৰ ছোৱালীবোৰক সৰুৰে পৰা এনেদৰে গৃহৰক্ষণৰ কাম দিয়া হয়। ঘৰৰ গুৰুদায়িত্ব ঘৰখনৰে ল'ৰাজনক দিয়া নহয় বুলিয়েই অনুভৱ কৰে অমিতাভ নাতিনীয়ে। জীয়ৰীৰ এনে মন্তব্যৰ পাছতে মুখ খুলিছে অমিতাভ কন্যা শ্বেতাই। তেওঁৰ মতে, নভ্যাই তেওঁৰ মাক আৰু ভায়েকৰ সৈতে বাদানুবাদত লিপ্ত হৈছে।নহ’লে এনে ধৰণৰ মন্তব্য তেওঁ কিদৰে কৰিব পাৰে তাকো ৰাজহুৱাকৈ। জীয়ৰীলৈ এয়া শ্বেতাৰ প্ৰশ্ন। শ্বেতাৰ মতে,নভ্যাই যি প্ৰসংগ উত্থাপন কৰিছে সেয়া সমূলি মিছা। শ্বেতাৰ দাবী,নভ্যাই সকলো কাম নিজে কৰিব বিচাৰে। তেওঁৰ পুত্ৰ অগস্ত্যইয়ো ঘৰৰ চুকত বহিব থাকিবলৈ ভাল নাপায়। তেওঁৰ দুই সন্তানেই তেওঁলোকৰ নিজৰ কাম নিজে কৰে। সেয়েহে, নভ্যাৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে অভিষেক-সহোদৰসকলে। অৱশ্য, এই প্ৰসংগত কোনো ধৰণৰ মন্তব্য কৰা নাই বিগ-বি অমিতাভ বচ্চনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু