--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড শ্বেহেনশ্বাহ অমিতাভ বচ্চনৰ পৰিয়ালত দন-খৰিয়াল! এইবাৰ লিংগভেদক কেন্দ্ৰ কৰি পৰিয়াটোৰ মাজত হৈছে চৰ্চা। লিংগভেদৰ বিষয়ে ক’বলৈ গৈ অমিতাভ বচ্চনৰ নাতিনী নভ্যা নভেলী নন্দাই এক সাক্ষাৎকাৰত তেওঁৰ পৰিয়ালৰ গোপন ৰহস্য ভেদ কৰিছে। তাৰপাছতে নন্দা পৰিয়ালৰ মাজৰ বিবাদ পোহৰলৈ আহিছিল। সমাজৰ আন একাংশৰ দৰে তেওঁৰ ঘৰতো লিংগভেদৰ পাৰ্থক্য স্পষ্ট বুলি সাক্ষাৎকাৰটোত নন্দাই সদৰী কৰিছে। তেওঁ কয়, ‘যেতিয়া আমাৰ ঘৰলৈ এজন অতিথিৰ আগমন ঘটে তেতিয়া ঘৰৰ ইটো-সিটো কাম মায়ে মোকে কৰিবলৈ কয়। অতিথি আপ্যায়নৰ সমস্ত গুৰুদায়িত্ব মোৰ কান্ধৰ ওপৰতে দিয়া হয়। সেই একেখিনি কাম কিন্তু মোৰ ভাইটিকো কৰিবলৈ ক’ব পাৰে কিন্তু নকয়।‘ BFC_ নভ্যাৰ মতে ঘৰৰ ছোৱালীবোৰক সৰুৰে পৰা এনেদৰে গৃহৰক্ষণৰ কাম দিয়া হয়। ঘৰৰ গুৰুদায়িত্ব ঘৰখনৰে ল'ৰাজনক দিয়া নহয় বুলিয়েই অনুভৱ কৰে অমিতাভ নাতিনীয়ে। জীয়ৰীৰ এনে মন্তব্যৰ পাছতে মুখ খুলিছে অমিতাভ কন্যা শ্বেতাই। তেওঁৰ মতে, নভ্যাই তেওঁৰ মাক আৰু ভায়েকৰ সৈতে বাদানুবাদত লিপ্ত হৈছে।নহ’লে এনে ধৰণৰ মন্তব্য তেওঁ কিদৰে কৰিব পাৰে তাকো ৰাজহুৱাকৈ। জীয়ৰীলৈ এয়া শ্বেতাৰ প্ৰশ্ন। শ্বেতাৰ মতে,নভ্যাই যি প্ৰসংগ উত্থাপন কৰিছে সেয়া সমূলি মিছা। শ্বেতাৰ দাবী,নভ্যাই সকলো কাম নিজে কৰিব বিচাৰে। তেওঁৰ পুত্ৰ অগস্ত্যইয়ো ঘৰৰ চুকত বহিব থাকিবলৈ ভাল নাপায়। তেওঁৰ দুই সন্তানেই তেওঁলোকৰ নিজৰ কাম নিজে কৰে। সেয়েহে, নভ্যাৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে অভিষেক-সহোদৰসকলে। অৱশ্য, এই প্ৰসংগত কোনো ধৰণৰ মন্তব্য কৰা নাই বিগ-বি অমিতাভ বচ্চনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু