--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মোষ্ট এলিজিবল ব্যাচেলৰ তেওঁ। ছলমান খানে কেতিয়া বিয়া কৰাইছে? বিগত দুটা দশকধৰি অনুৰাগীৰ মনত এয়া লাখটকীয়া প্ৰশ্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে। ইফালে ভাইজানৰ বয়স পঞ্চাশৰ ওচৰ। এতিয়ালৈকে কেইবাজনো বলীউড সুন্দৰীৰ সৈতে প্ৰেমৰ সম্পৰ্কত সাঙোৰ খাইছে ভাইজানে। পাছে ভাইজানৰ এই প্ৰেমে আজিলৈকে ৰভাতলী দেখি নাপালে। BFC_ ইফালে,ছলমানৰ পৰিয়ালৰ জোৱাই আয়ুষ শৰ্মাই কৰিছিল স্পৰ্শকাতৰ মন্তব্য। ছলমানৰ বিয়া কৰাৰ সময় নাই বুলিয়েই স্পষ্টকৈ কৈছিল তেওঁ। কিন্তু সকলো জল্পনা-কল্পনাৰ অন্তত বাইজানে এইবাৰ নিজৰ বিয়াৰ কথা মুকলিকৈ প্ৰকাশ কৰিছে। ছলমানে কয়,’মই বিবাহিত।‘ কথাটোনো কি? দৰাচলতে, শেহতীয়াকৈ ছলমানে সোণাক্ষী সিনহাৰ সৈতে আঙুঠি পিন্ধোৱা এখন ফটো ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত। ফটোশ্বপ কৰা ছবিবোৰ দেখি,সামাজিক মাধ্যম কেইদিনমানৰ পৰা গৰম হৈ আছে। আনকি এইপ্ৰসংগত,অভিনেত্ৰীগৰাকীয়ে অলপতে এটা হাস্যকৰ উত্তৰ দিছিল। সোণাক্ষীয়ে মন্তব্য কৰিছিল যে,’আপোনালোক ইমান মূৰ্খ নেকি যে এখন প্ৰকৃত ছবি আৰু নানা কাৰচাজিৰে বিয়পাই দিয়া ছবিৰ মাজৰ পাৰ্থক্যও বুজি নাপায়?’ পাছ পৰি ৰোৱা নাই ভাইজানো। ছলমানে অৱশ্যে সোণাক্ষীৰ মন্তব্যৰ কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। শেহতীয়াকৈ তেওঁ এটা ভিডিঅ' পোষ্ট কৰিছে। অৱশ্যে, এয়া তেওঁৰ নতুন বিজ্ঞাপনৰ এক আভাস। ছলমান ডাবল ৰোলত। ‘হাম আপকে হ্যে কৌন’ছবিখনৰ প্ৰেম এফালে আনফালে ছলমান নিজেই। তাতেই ছলমানক প্ৰশ্ন কৰা হয় - আপুনি কেতিয়া বিয়া পাতিব? উত্তৰত ভাইজানে কয়-মই বিবাহিত। শেহতীয়াকৈ, 'টাইগাৰ-৩'ছবিখনৰ মুক্তিৰ তাৰিখ প্ৰকাশ পাইছে। বহু প্ৰতীক্ষিত ছলমান-কেটৰিনা অভিনীত ছবিখন আগন্তুক বৰ্ষৰ ২১ এপ্ৰিলত ঈদ উপলক্ষে মুক্তি দিয়া হ'ব। আনহাতে, ছলমানৰ 'কভী ঈদ কভী দেৱালী' ছবিখন চলিত বৰ্ষৰ ৩০ ডিচেম্বৰত মুক্তি পাব। ছবিখনত ছলমানৰ সৈতে অভিনয় কৰিছে অভিনেত্ৰী পূজা হেজে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু