--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মোষ্ট এলিজিবল ব্যাচেলৰ তেওঁ। ছলমান খানে কেতিয়া বিয়া কৰাইছে? বিগত দুটা দশকধৰি অনুৰাগীৰ মনত এয়া লাখটকীয়া প্ৰশ্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে। ইফালে ভাইজানৰ বয়স পঞ্চাশৰ ওচৰ। এতিয়ালৈকে কেইবাজনো বলীউড সুন্দৰীৰ সৈতে প্ৰেমৰ সম্পৰ্কত সাঙোৰ খাইছে ভাইজানে। পাছে ভাইজানৰ এই প্ৰেমে আজিলৈকে ৰভাতলী দেখি নাপালে। BFC_ ইফালে,ছলমানৰ পৰিয়ালৰ জোৱাই আয়ুষ শৰ্মাই কৰিছিল স্পৰ্শকাতৰ মন্তব্য। ছলমানৰ বিয়া কৰাৰ সময় নাই বুলিয়েই স্পষ্টকৈ কৈছিল তেওঁ। কিন্তু সকলো জল্পনা-কল্পনাৰ অন্তত বাইজানে এইবাৰ নিজৰ বিয়াৰ কথা মুকলিকৈ প্ৰকাশ কৰিছে। ছলমানে কয়,’মই বিবাহিত।‘ কথাটোনো কি? দৰাচলতে, শেহতীয়াকৈ ছলমানে সোণাক্ষী সিনহাৰ সৈতে আঙুঠি পিন্ধোৱা এখন ফটো ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত। ফটোশ্বপ কৰা ছবিবোৰ দেখি,সামাজিক মাধ্যম কেইদিনমানৰ পৰা গৰম হৈ আছে। আনকি এইপ্ৰসংগত,অভিনেত্ৰীগৰাকীয়ে অলপতে এটা হাস্যকৰ উত্তৰ দিছিল। সোণাক্ষীয়ে মন্তব্য কৰিছিল যে,’আপোনালোক ইমান মূৰ্খ নেকি যে এখন প্ৰকৃত ছবি আৰু নানা কাৰচাজিৰে বিয়পাই দিয়া ছবিৰ মাজৰ পাৰ্থক্যও বুজি নাপায়?’ পাছ পৰি ৰোৱা নাই ভাইজানো। ছলমানে অৱশ্যে সোণাক্ষীৰ মন্তব্যৰ কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। শেহতীয়াকৈ তেওঁ এটা ভিডিঅ' পোষ্ট কৰিছে। অৱশ্যে, এয়া তেওঁৰ নতুন বিজ্ঞাপনৰ এক আভাস। ছলমান ডাবল ৰোলত। ‘হাম আপকে হ্যে কৌন’ছবিখনৰ প্ৰেম এফালে আনফালে ছলমান নিজেই। তাতেই ছলমানক প্ৰশ্ন কৰা হয় - আপুনি কেতিয়া বিয়া পাতিব? উত্তৰত ভাইজানে কয়-মই বিবাহিত। শেহতীয়াকৈ, 'টাইগাৰ-৩'ছবিখনৰ মুক্তিৰ তাৰিখ প্ৰকাশ পাইছে। বহু প্ৰতীক্ষিত ছলমান-কেটৰিনা অভিনীত ছবিখন আগন্তুক বৰ্ষৰ ২১ এপ্ৰিলত ঈদ উপলক্ষে মুক্তি দিয়া হ'ব। আনহাতে, ছলমানৰ 'কভী ঈদ কভী দেৱালী' ছবিখন চলিত বৰ্ষৰ ৩০ ডিচেম্বৰত মুক্তি পাব। ছবিখনত ছলমানৰ সৈতে অভিনয় কৰিছে অভিনেত্ৰী পূজা হেজে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু