--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰক্ষীৰ জিম্মাৰ পৰা মুকলি হোৱাৰ পাছতে পুনৰ যন্তৰ মন্তৰত সত্যাগ্ৰহ আৰম্ভ কৰাৰ হুংকাৰ দিলে মল্লযোদ্ধা সাক্ষী মালিকে। এটা টুইটযোগে তেওঁ কয়- ''আমাৰ প্ৰতিবাদ শেষ হোৱা নাই। এই দেশত একনায়কত্ববাদ নহয়, মহিলা মল্লযুঁজাৰুৰ সত্যাগ্ৰহ হ’ব।’’

উল্লেখ্য যে  তাৰকা মল্লযুঁজাৰুসকলে আজি নতুন সংসদ ভৱন অভিমুখে এক শান্তিপূৰ্ণ প্ৰতিবাদী সমদল বাহিৰ কৰে যদিও কেইবাগৰাকীও খেলুৱৈক আটক কৰে আৰক্ষীয়ে। অলিম্পিক পদক বিজয়ী তাৰকা মল্লযুঁজাৰু বজৰং পুনিয়া, সাক্ষী মালিক আৰু ভিনেশ ফ’গাটকো সংসদ ভৱনৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে আটক কৰে। ৰাজপথলৈ ওলাই অহাটো মল্লযুঁজাৰুসকলৰ অধিকাৰ বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে এই প্ৰতিবাদক শান্তিপূৰ্ণ পদযাত্ৰা বুলি অভিহিত কৰিছিল।

আজিৰ এই অভাৱনীয় পৰিস্থিতিৰ পাছতে অলিম্পিক পদক বিজয়ী দেশৰ তাৰকা মল্লযুঁজাৰু সাক্ষী মালিকে পুনৰ প্ৰতিবাদ আৰম্ভ কৰাৰ হুংকাৰ দিছে। দিল্লী আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছতে মালিকে কয় যে মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ এতিয়াও শেষ হোৱা নাই আৰু অতি সোনকালে তেওঁলোক যন্তৰ মন্তৰলৈ উভতি আহিব।

সাক্ষী মালিকৰ লগতে আন এগৰাকী অলিম্পিক পদক বিজয়ী বজৰংগ পুনিয়াই প্ৰতিবাদী সমদলৰ সময়ত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। আজি নতুন সংসদ ভৱন উদ্বোধনৰ সময়তে দেশত গণতন্ত্ৰক হত্যা কৰা হৈছে বুলি মন্তব্য কৰিছিল পুনিয়াই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে