--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰক্ষীৰ জিম্মাৰ পৰা মুকলি হোৱাৰ পাছতে পুনৰ যন্তৰ মন্তৰত সত্যাগ্ৰহ আৰম্ভ কৰাৰ হুংকাৰ দিলে মল্লযোদ্ধা সাক্ষী মালিকে। এটা টুইটযোগে তেওঁ কয়- ''আমাৰ প্ৰতিবাদ শেষ হোৱা নাই। এই দেশত একনায়কত্ববাদ নহয়, মহিলা মল্লযুঁজাৰুৰ সত্যাগ্ৰহ হ’ব।’’

উল্লেখ্য যে  তাৰকা মল্লযুঁজাৰুসকলে আজি নতুন সংসদ ভৱন অভিমুখে এক শান্তিপূৰ্ণ প্ৰতিবাদী সমদল বাহিৰ কৰে যদিও কেইবাগৰাকীও খেলুৱৈক আটক কৰে আৰক্ষীয়ে। অলিম্পিক পদক বিজয়ী তাৰকা মল্লযুঁজাৰু বজৰং পুনিয়া, সাক্ষী মালিক আৰু ভিনেশ ফ’গাটকো সংসদ ভৱনৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে আটক কৰে। ৰাজপথলৈ ওলাই অহাটো মল্লযুঁজাৰুসকলৰ অধিকাৰ বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে এই প্ৰতিবাদক শান্তিপূৰ্ণ পদযাত্ৰা বুলি অভিহিত কৰিছিল।

আজিৰ এই অভাৱনীয় পৰিস্থিতিৰ পাছতে অলিম্পিক পদক বিজয়ী দেশৰ তাৰকা মল্লযুঁজাৰু সাক্ষী মালিকে পুনৰ প্ৰতিবাদ আৰম্ভ কৰাৰ হুংকাৰ দিছে। দিল্লী আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছতে মালিকে কয় যে মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ এতিয়াও শেষ হোৱা নাই আৰু অতি সোনকালে তেওঁলোক যন্তৰ মন্তৰলৈ উভতি আহিব।

সাক্ষী মালিকৰ লগতে আন এগৰাকী অলিম্পিক পদক বিজয়ী বজৰংগ পুনিয়াই প্ৰতিবাদী সমদলৰ সময়ত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। আজি নতুন সংসদ ভৱন উদ্বোধনৰ সময়তে দেশত গণতন্ত্ৰক হত্যা কৰা হৈছে বুলি মন্তব্য কৰিছিল পুনিয়াই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু