--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত বহু উৎসৱ আছে যি সমূহ ঠাই ভেদে,জাতি ভেদে,ধৰ্ম ভেদে পৃথকে উদযাপন কৰা হয়৷কিন্তু তাৰে ভিতৰত এনে এটা উৎসৱ আছে যি উৎসৱে সকলোকে একগোট কৰি ৰাখিছে,সেই উৎসৱ হৈছে ক্ৰিকেট৷আজি ভাৰতৰ ক্ৰিকেট উৎসৱৰ অন্যতম অংশ আই পি এলৰ ফাইনেল৷ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৩ৰ আৰম্ভণি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছৰ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত খেলা হৈছিল আৰু ইয়াৰ অন্তও একে ধৰণেৰে হ’ব, কিয়নো ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফাইনেলত দুয়োটা দলৰ মাজত চূড়ান্ত প্ৰতিদ্বন্দ্বীতা হ’ব। অনুৰাগীয়ে এম এছ ধোনীয়ে অধিনায়ক হিচাপে পঞ্চমটো খিতাপ দখল কৰি অৱশেষত ৰোহিত শৰ্মাৰ অভিলেখৰ সমান হ’ব পাৰিবনে, হাৰ্দিক পাণ্ডিয়াই একেৰাহে দুবছৰত কাপ তুলি লোৱা তৃতীয়জন অধিনায়ক হ’বনে সেই সন্দৰ্ভত উৎসুক হৈ আছে৷ইয়াৰ উত্তৰ দিয়াটো অধিক কঠিন কাৰণ দুয়োটা দলৰ খেলুৱৈসকল এই মুহূৰ্তত ভয়ংকৰ ফৰ্মত আছে।

কোৱালিফায়াৰ ২ত জিটিৰ অ’পেনাৰ শুভমন গিলে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে মাত্ৰ ৬০টা ডেলিভাৰীত ১২৯ ৰান সংগ্ৰহ কৰি বিধ্বংসী ৰূপ ধাৰণ কৰে আৰু তাৰ লগে লগে ২৩ বছৰীয়া গিলে যোৱা চাৰিখন মেচত তৃতীয় শতক অৰ্জন কৰিবলৈ সক্ষম হয়। ইপিনে বলৰ সৈতে মহম্মদ ছামীয়ে দুটা উইকেট দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে মোহিত শৰ্মাই পুনৰবাৰ উজ্জ্বল প্ৰদৰ্শনেৰে আইপিএলৰ এই ছিজনত প্ৰথমবাৰৰ বাবে পাঁচটা উইকেট দখল কৰে।

চেন্নাইৰ যদি কথা আলোচনা কৰোঁ তেন্তে ডেভন কনৱে আৰু ঋতুৰাজ গাইকৱাড গুজৰাটৰ বাবে এক বৃহৎ ভাবুকি হ’ব।পূৰ্বৰ কোৱালিফায়াৰ ১ত গুজৰাট টাইটানছক চেন্নাইয়ে পৰাস্ত কৰিবলৈ সক্ষম হয়৷তাৰ ওপৰত ভিত্তি কৰি চেন্নাইৰো ফৰ্ম একেই আছে বুলি ঠাৱৰ কৰিব পাৰি৷আইপিএলৰ সফল অধিনায়ক হিচাপে এম এছ ধোনীৰ বহু প্ৰয়োজনীয় অভিজ্ঞতা আছে আৰু সেয়াই চূড়ান্ত মেচখনত এক বৃহৎ পাৰ্থক্য সৃষ্টি হ’ব পাৰে বুলি প্ৰমাণিত হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক