--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত বহু উৎসৱ আছে যি সমূহ ঠাই ভেদে,জাতি ভেদে,ধৰ্ম ভেদে পৃথকে উদযাপন কৰা হয়৷কিন্তু তাৰে ভিতৰত এনে এটা উৎসৱ আছে যি উৎসৱে সকলোকে একগোট কৰি ৰাখিছে,সেই উৎসৱ হৈছে ক্ৰিকেট৷আজি ভাৰতৰ ক্ৰিকেট উৎসৱৰ অন্যতম অংশ আই পি এলৰ ফাইনেল৷ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৩ৰ আৰম্ভণি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছৰ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত খেলা হৈছিল আৰু ইয়াৰ অন্তও একে ধৰণেৰে হ’ব, কিয়নো ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফাইনেলত দুয়োটা দলৰ মাজত চূড়ান্ত প্ৰতিদ্বন্দ্বীতা হ’ব। অনুৰাগীয়ে এম এছ ধোনীয়ে অধিনায়ক হিচাপে পঞ্চমটো খিতাপ দখল কৰি অৱশেষত ৰোহিত শৰ্মাৰ অভিলেখৰ সমান হ’ব পাৰিবনে, হাৰ্দিক পাণ্ডিয়াই একেৰাহে দুবছৰত কাপ তুলি লোৱা তৃতীয়জন অধিনায়ক হ’বনে সেই সন্দৰ্ভত উৎসুক হৈ আছে৷ইয়াৰ উত্তৰ দিয়াটো অধিক কঠিন কাৰণ দুয়োটা দলৰ খেলুৱৈসকল এই মুহূৰ্তত ভয়ংকৰ ফৰ্মত আছে।

কোৱালিফায়াৰ ২ত জিটিৰ অ’পেনাৰ শুভমন গিলে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে মাত্ৰ ৬০টা ডেলিভাৰীত ১২৯ ৰান সংগ্ৰহ কৰি বিধ্বংসী ৰূপ ধাৰণ কৰে আৰু তাৰ লগে লগে ২৩ বছৰীয়া গিলে যোৱা চাৰিখন মেচত তৃতীয় শতক অৰ্জন কৰিবলৈ সক্ষম হয়। ইপিনে বলৰ সৈতে মহম্মদ ছামীয়ে দুটা উইকেট দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে মোহিত শৰ্মাই পুনৰবাৰ উজ্জ্বল প্ৰদৰ্শনেৰে আইপিএলৰ এই ছিজনত প্ৰথমবাৰৰ বাবে পাঁচটা উইকেট দখল কৰে।

চেন্নাইৰ যদি কথা আলোচনা কৰোঁ তেন্তে ডেভন কনৱে আৰু ঋতুৰাজ গাইকৱাড গুজৰাটৰ বাবে এক বৃহৎ ভাবুকি হ’ব।পূৰ্বৰ কোৱালিফায়াৰ ১ত গুজৰাট টাইটানছক চেন্নাইয়ে পৰাস্ত কৰিবলৈ সক্ষম হয়৷তাৰ ওপৰত ভিত্তি কৰি চেন্নাইৰো ফৰ্ম একেই আছে বুলি ঠাৱৰ কৰিব পাৰি৷আইপিএলৰ সফল অধিনায়ক হিচাপে এম এছ ধোনীৰ বহু প্ৰয়োজনীয় অভিজ্ঞতা আছে আৰু সেয়াই চূড়ান্ত মেচখনত এক বৃহৎ পাৰ্থক্য সৃষ্টি হ’ব পাৰে বুলি প্ৰমাণিত হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে