--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃখাদ্যই আমাৰ যকৃতৰ ওপৰত পোনপটীয়াকৈ প্ৰভাৱ পেলায়।  আমাৰ দৈনন্দিন খাদ্য তালিকাতেই এনে বহু খাদ্য  থাকে যিবোৰে  চৰ্বিযুক্ত যকৃতৰ সমস্যা সৃষ্টি কৰিব পাৰে।ভেজাল খাদ্য, অত্যধিক তেলযুক্ত খাদ্য, সুৰাপান আদিৰ ফলত ফেটি লিভাৰৰ সমস্যাই দেখা দিব পাৰে৷ 

যদি সময়মতে সতৰ্ক হোৱা নাযায় তেন্তে  ফেটি লিভাৰৰ সমস্যাই মাৰাত্মক যকৃতৰ চিৰোচিছ সৃষ্টি কৰাৰ  আশংকা থাকে। এই ক্ষেত্ৰত যদি চৰ্বিযুক্ত যকৃত থাকে, তেন্তে ভজা বস্তু,  মিঠাই, ডালদা আদিৰ পৰা যিমান পাৰি দূৰৈত থাকিব লাগে। চৰ্বিযুক্ত যকৃত এক অধিক জটিল ৰোগ। বহুতো লোক এই ৰোগত আক্ৰান্ত হৈ আহিছে। লক্ষ্যণীয় কথাটো হ’ল বহুলোকে নাজানে যে তেওঁলোক ফেটি লিভাৰৰ সমস্যাত ভুগি আছে৷

 সেয়েহে প্ৰতিজন ব্যক্তিয়ে এই ৰোগৰ বিষয়ে সাৱধান হ'ব লাগিব।  চৰ্বিযুক্ত যকৃত হৈছে যকৃতত  চৰ্বি সঞ্চিত হোৱা এক অৱস্থা।ফেটি লিভাৰৰ ফলত  আন কিছুমান ৰোগো হ'ব পাৰে। এই ক্ষেত্ৰত, দেখা গৈছে যে চৰ্বিযুক্ত যকৃতত ভুগি থকা ৰোগী যকৃতৰ চিৰোচিছৰ পৰা যকৃতৰ কৰ্কট ৰোগ আদিতো আক্ৰান্ত হ’ব পাৰে।  ফেটি লিভাৰৰ সমস্যা সন্দৰ্ভত কলকাতাৰ বিশিষ্ট চিকিৎসা বিশেষজ্ঞ ডাঃ ৰুদ্ৰজিৎ পালে কয় যে প্ৰকৃততে শৰীৰৰ বহু ঠাইত চৰ্বি জমা হ'ব পাৰে। শৰীৰৰ আন অংগৰ দৰেই আমাৰ যকৃততো চৰ্বি জমা হ’ব পাৰে। এই ক্ষেত্ৰত, যকৃতত ট্ৰাইগ্লিচাৰাইড বা কলেষ্টেৰল চৰ্বি হিচাপে জমা হয়। 

সেয়েহে, প্ৰতিজন ব্যক্তিয়ে ইয়াৰ বিষয়ে সাৱধান হ'ব লাগিব। এই ৰোগৰ মূলতঃ দুটা ভাগ আছে। প্ৰথমটো হ'ল এলকহলৰ বাবে হোৱা চৰ্বিযুক্ত যকৃতৰ ৰোগ। সুৰাপান হৈছে এই ৰোগৰ মুখ্য কাৰণ। আনহাতে, সুৰা গ্ৰহণ নকৰা লোকৰো  চৰ্বিযুক্ত যকৃতৰ ৰোগ হোৱাৰ আশংকা থাকে । এইক্ষেত্ৰত  ৰোগৰ কাৰণ  সম্পূৰ্ণ পৃথক। এনে সুৰাপান নকৰা লোকৰ যকৃতত চৰ্বি জমা হোৱাৰ কাৰণ সুৰা নহয়। তেওঁলোকৰ সমস্যাটো জীৱনশৈলী আৰু আহাৰৰ ওপৰত নিৰ্ভৰ কৰে। 

কেইবিধমান বিশেষ খাদ্যই চৰ্বিযুক্ত যকৃতৰ আশংকা বৃদ্ধি কৰে। গতিকে আপুনি যকৃত সুস্থ ৰাখিবলৈ সেই খাদ্যসমূহ পৰিহাৰ কৰিব লাগিব। আহক চাওঁ কেনে খাদ্যই যকৃতৰ চৰ্বি বৃদ্ধি কৰিব পাৰে-

১. ঘিউ, মাখন, ডালডা

আমাৰ বিভিন্ন ৰন্ধন প্ৰকৰণত ঘিউ আৰু মাখন ব্যৱহাৰ কৰা হয়। কিন্তু এনেবোৰ খাদ্য যকৃতৰ বাবে  ভাল নহয়। কিয়নো এই খাদ্যত সংপৃক্ত চৰ্বি থাকে।  এই সংপৃক্ত চৰ্বি যকৃতত জমা হ'ব পাৰে। গতিকে প্ৰতিজন ব্যক্তিয়ে ঘিউ, মাখন পৰিহাৰ অথবা যিমান পাৰি কমকৈ খাব লাগে৷
 বিশেষকৈ চৰ্বিযুক্ত যকৃতত ভুগি থকা ৰোগীসকলৰ বাবে এই খাদ্য স্পৰ্শ কৰাটোও পাপ বুলি  ডাঃ পালে কয়।

প্ৰায়ে দেখা যায় যে মানুহে খাদ্যত সোৱাদৰ বাবে ডালডা মিহলি কৰে।  ইয়াৰ ফলতো যকৃতত চৰ্বি জমা হ’ব পাৰে। 
২. শীতল পানীয়

গ্ৰীষ্মৰ দিনত শীতল পানীয় খোৱাটো আমাৰ বহুতৰে অভ্যাস৷।কিন্তু শীতল পানীয় খোৱাটো প্ৰকৃততে শৰীৰৰ বাবে ক্ষতিকাৰক। শীতল পানীয়ত যথেষ্ট পৰিমাণে চেনি থাকে। সেই চেনিয়েই শৰীৰত জমা হয় চৰ্বি হিচাপে। গতিকে ডাঃ পালে শীতল পানীয়ৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে৷

৩. ভজা মিঠাই

বহুতেই মিঠাই খাই ভালপায়। মিঠাইত যথেষ্ট মাত্ৰাত চেনী আছে। যেতিয়া মিঠাইটো পুনৰ ভজা হয়, তেতিয়া ই তেলৰ সংস্পৰ্শলৈ আহে৷ ফলত ভজা মিঠাই যেনে লালমোহন আজিয়ে যকৃতৰ চৰ্বিৰ সমস্যাৰ কাৰণ হৈ উঠিব পাৰে। চমনি আৰু তেল,এই দুয়োটাৰ সংমিশ্ৰণে জটিলতাৰ সৃষ্টি কৰিব পাৰে। গতিকে ভজা মিঠাইৰ পৰা আঁতৰি থাকিব পাৰিলে ভাল৷

৪. সুৰাপান

ডাঃ পালে কয়, ’মই আগতে কোৱাৰ দৰে, এক প্ৰকাৰৰ চৰ্বিযুক্ত যকৃত আছে যি সুৰাপানৰ বাবে হয়। এই ক্ষেত্ৰত, যদি কোনোৱাই অত্যাধিক সুৰা পান কৰে, শৰীৰত যথেষ্ট কেলৰি প্ৰৱেশ কৰে। তাৰ পিছত এই অতিৰিক্ত কেলৰিবোৰ যকৃতলৈ যায় আৰু সমস্যাৰ সৃষ্টি কৰে। এনে কেলৰি আনকি যকৃতত জমা হ'ব পাৰে। সেয়ে  সুৰাৰ পৰা আঁতৰি থাকিব পাৰিলে ফেটি লিভাৰৰ সমস্যাৰ পৰাও ভালে খিনি আঁতৰি থাকিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান