--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগৰ দিনত মধ্যবয়সীয়া বা বৃদ্ধ বয়সৰ লোকৰ হাৰ্ট এটেকৰ আশংকা বেছি আছিল যদিও আজিকালি যৌৱন কালত বহু লোক হাৰ্ট এটেকৰ বলি হৈছে। হাৰ্ট এটেকৰ বাবে বহু যুৱকৰ মৃত্যু হৈছে, যাৰ বাবে আপুনিও হয়তো মনতে অলপ হলেও ভয় খায়। 

আচলতে যেতিয়া অত্যধিক বেয়া কলেষ্টেৰল শিৰাত জমা হয় তেতিয়া ধমনীবোৰ সংকীৰ্ণ হৈ পৰে। এনে পৰিস্থিতিত তেজে হৃদযন্ত্ৰলৈ যাবলৈ যথেষ্ট শক্তি প্ৰয়োগ কৰিবলগীয়া হয়, যাৰ বাবে প্ৰথমে ৰক্তচাপ বৃদ্ধি পায় আৰু তাৰ পিছত হাৰ্ট এটেক হয়। ইয়াৰ পৰা হাত সাৰিবলৈ কিছুমান অভ্যাস সলনি কৰিব লাগে।

হাৰ্ট এটেকৰ পৰা হাত সাৰিবলৈ উপায়

১) স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰকঃ আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য আমাৰ খাদ্যাভ্যাসৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। যদি আপুনি হাৰ্ট এটেকৰ সন্মুখীন হ’ব নিবিচাৰে, তেন্তে পেকেটত ভৰোৱা খাদ্য, প্ৰচেছড খাদ্য, চেনি, ৰঙা মাংস আৰু ভজা বস্তু এৰি দিয়ক। তাৰ পৰিৱৰ্তে সামগ্ৰিক শস্য, সতেজ ফলমূল, শাক-পাচলি আৰু মাছ আদি স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিব লাগে।




২) ধূমপান আৰু মদ্যপান বন্ধ কৰকঃ আজিকালি যুৱক-যুৱতীসকলৰ মাজত চিগাৰেট আৰু মদ্যপানৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাইছে, যাৰ বাবে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটে। যিমান সোনকালে ধূমপান আৰু মদ্যপান বন্ধ কৰিব পাৰিব সিমানেই ভাল। অন্যথা আপুনি হৃদৰোগৰ বলি হ’ব পাৰে।

৩) শাৰীৰিক ক্ৰিয়া-কলাপ বৃদ্ধি কৰাঃ  যদি আপুনি অফিচত বহি ৮ৰ পৰা ১০ ঘণ্টা কাম কৰে, তেন্তে হাৰ্ট এটেকৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। বহু সময়ত আমি জিমলৈ যাবলৈ সময় নাপাওঁ। আমি যিমানেই ব্যস্ত নহওঁ কিয়, আমি দিনটোত এঘণ্টা ব্যায়ামৰ বাবে সময় বিচাৰি উলিয়াব লাগিব। ইচ্ছা কৰিলে চিৰি বগাই খোজ কাঢ়িবও পাৰে। যিমানেই শাৰীৰিক ক্ৰিয়া-কলাপ বৃদ্ধি কৰিব সিমানেই হৃদৰোগৰ সম্ভাৱনা কম হ’ব।

৪) টেনচন ল’ব নালাগেঃ পঢ়া-শুনাৰ পৰা কামলৈকে মানসিক চাপৰ বাবে এজন ব্যক্তিৰ বোজা বাঢ়ে, কেতিয়াবা সম্পৰ্ক বিফলতাইও আপোনাক টেনচনত পেলাব পাৰে। যদি আপুনি হাৰ্ট এটেকৰ আশংকা ৰোধ কৰিব বিচাৰে তেন্তে সদায় সুখী হোৱাৰ অভ্যাস গঢ়ি তোলক আৰু অপ্ৰয়োজনীয় অতিমাত্ৰা চিন্তা কৰাৰ পৰা বিৰত থাকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ