--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগৰ দিনত মধ্যবয়সীয়া বা বৃদ্ধ বয়সৰ লোকৰ হাৰ্ট এটেকৰ আশংকা বেছি আছিল যদিও আজিকালি যৌৱন কালত বহু লোক হাৰ্ট এটেকৰ বলি হৈছে। হাৰ্ট এটেকৰ বাবে বহু যুৱকৰ মৃত্যু হৈছে, যাৰ বাবে আপুনিও হয়তো মনতে অলপ হলেও ভয় খায়। 

আচলতে যেতিয়া অত্যধিক বেয়া কলেষ্টেৰল শিৰাত জমা হয় তেতিয়া ধমনীবোৰ সংকীৰ্ণ হৈ পৰে। এনে পৰিস্থিতিত তেজে হৃদযন্ত্ৰলৈ যাবলৈ যথেষ্ট শক্তি প্ৰয়োগ কৰিবলগীয়া হয়, যাৰ বাবে প্ৰথমে ৰক্তচাপ বৃদ্ধি পায় আৰু তাৰ পিছত হাৰ্ট এটেক হয়। ইয়াৰ পৰা হাত সাৰিবলৈ কিছুমান অভ্যাস সলনি কৰিব লাগে।

হাৰ্ট এটেকৰ পৰা হাত সাৰিবলৈ উপায়

১) স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰকঃ আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য আমাৰ খাদ্যাভ্যাসৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। যদি আপুনি হাৰ্ট এটেকৰ সন্মুখীন হ’ব নিবিচাৰে, তেন্তে পেকেটত ভৰোৱা খাদ্য, প্ৰচেছড খাদ্য, চেনি, ৰঙা মাংস আৰু ভজা বস্তু এৰি দিয়ক। তাৰ পৰিৱৰ্তে সামগ্ৰিক শস্য, সতেজ ফলমূল, শাক-পাচলি আৰু মাছ আদি স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিব লাগে।




২) ধূমপান আৰু মদ্যপান বন্ধ কৰকঃ আজিকালি যুৱক-যুৱতীসকলৰ মাজত চিগাৰেট আৰু মদ্যপানৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাইছে, যাৰ বাবে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটে। যিমান সোনকালে ধূমপান আৰু মদ্যপান বন্ধ কৰিব পাৰিব সিমানেই ভাল। অন্যথা আপুনি হৃদৰোগৰ বলি হ’ব পাৰে।

৩) শাৰীৰিক ক্ৰিয়া-কলাপ বৃদ্ধি কৰাঃ  যদি আপুনি অফিচত বহি ৮ৰ পৰা ১০ ঘণ্টা কাম কৰে, তেন্তে হাৰ্ট এটেকৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। বহু সময়ত আমি জিমলৈ যাবলৈ সময় নাপাওঁ। আমি যিমানেই ব্যস্ত নহওঁ কিয়, আমি দিনটোত এঘণ্টা ব্যায়ামৰ বাবে সময় বিচাৰি উলিয়াব লাগিব। ইচ্ছা কৰিলে চিৰি বগাই খোজ কাঢ়িবও পাৰে। যিমানেই শাৰীৰিক ক্ৰিয়া-কলাপ বৃদ্ধি কৰিব সিমানেই হৃদৰোগৰ সম্ভাৱনা কম হ’ব।

৪) টেনচন ল’ব নালাগেঃ পঢ়া-শুনাৰ পৰা কামলৈকে মানসিক চাপৰ বাবে এজন ব্যক্তিৰ বোজা বাঢ়ে, কেতিয়াবা সম্পৰ্ক বিফলতাইও আপোনাক টেনচনত পেলাব পাৰে। যদি আপুনি হাৰ্ট এটেকৰ আশংকা ৰোধ কৰিব বিচাৰে তেন্তে সদায় সুখী হোৱাৰ অভ্যাস গঢ়ি তোলক আৰু অপ্ৰয়োজনীয় অতিমাত্ৰা চিন্তা কৰাৰ পৰা বিৰত থাকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু