ডিজিটেল ডেস্ক: ৰাজনেতাৰ ক্ষমতালিপ্সা আৰু অৰ্থলোভে কেনেদৰে এখন ৰাষ্ট্ৰক বিপদসংকুল পথলৈ দলিয়াই দিব পাৰে, তাৰ এক জলন্ত উদাহৰণ হিচাপে শেহতীয়াকৈ দেখা দিছে শ্ৰীলংকাই। দেশখনৰ ৰাষ্ট্ৰনেতাৰ অবিবেচক কৰ্মকাণ্ড আৰু জনমতক উপেক্ষা কৰাৰ স্বৈৰতন্ত্ৰী নীতিৰ বিৰুদ্ধে জনসাধাৰণৰ পুঞ্জীভূত ক্ষোভৰ বহিৰ্প্ৰকাশৰ ফলশ্ৰুতিত এতিয়া দেশ এৰি পলাইছে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই। প্ৰতিবাদকাৰী ক্ষোভিত জনতাই দখল কৰিছে ৰাষ্ট্ৰপতিগৰাকীৰ চৰকাৰী বাসভৱন। ইতিপূৰ্বে গোটাবায়া ৰাজপাক্ষেৰ জেষ্ঠ ভাতৃ তথা শ্ৰীলংকাৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী মহিন্দ্ৰা ৰাজপাক্ষেইও গণবিদ্ৰোহৰ প্ৰথমটো ঢৌৰ সময়ত ক্ষমতাচ্যুত হৈ দেশ এৰি পলায়ন কৰিছিল। শ্ৰীলংকাৰ এই অৰ্থনৈতিক সংকটৰ আঁৰৰ দুই প্ৰধান খলনায়ক হিচাপে এই ৰাজপাক্ষে ভাতৃদ্বয়ৰ নামেই স্পষ্টৰূপত প্ৰমাণিত হৈছে। পিছে কিদৰে এই ৰাজপাক্ষে ভাতৃদ্বয়ে শ্ৰীলংকাক এনে ভয়াৱহ পৰিস্থিতিৰ ফালে ঠেলি দিলে এইয়া চৰ্চাৰ প্ৰয়োজন আছে।
পূৰ্বে চাৰিবাৰ শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী আৰু এবাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা মহিন্দ্ৰা ৰাজপাক্ষেই ২০২০ চনত পুনৰ দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। তাৰ পূৰ্বে ২০১৯ চনত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল কনিষ্ঠ ভাতৃ গোটাবায়া। শাসনৰ বাঘজৰী হাতলৈ অনাৰ পিছতে দুই ভাতৃয়ে স্বেচ্ছামূলকভাৱে গ্ৰহণ কৰিছিল কিছুমান অবিবেচক সিদ্ধান্ত। অৰ্থলোভৰ নগ্ন দৌৰত নামি দুই ভাতৃয়ে দেশখনৰ ২.২ কোটি জনসাধাৰণৰ মূৰত এৰি দিছে ১৪ লাখ টকাকৈ ঋণৰ বোজা। শ্ৰীলংকাক নতুন ছিংগাপুৰ বনোৱাৰ কালান্তক স্বপ্ন দেখুৱাই ৰাজপাক্ষে ভাতৃদ্বয়ে শ্ৰীলংকাবাসীক মোহিত কৰি তাৰ আঁৰত ৰচিলে পাহাৰসম সম্পত্তি গঢ়াৰ অভিনৱ কায়দা।
এই কায়দাৰে অংশ হিচাপে ৰাজপাক্ষেই ক’ভিদিঅ মহামাৰীৰ কেইমাহমান পূৰ্বে হ্ৰাস কৰিছিল কৰৰ হাৰ, যাৰ স্পষ্ট প্ৰভাৱ পৰিলক্ষিত হৈছিল ক’ভিদৰ পাছৰ সময়ত। ইয়াৰ পিছতে ৰাজপাক্ষে চৰকাৰে ২০২১ চনত জৈৱিক কৃষিৰ ধাৰণাৰ প্ৰচলনৰ স্বাৰ্থত সকলো ৰাসায়নিক সাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছিল। ওপৰে ওপৰে চাব গ’লে চৰকাৰৰ এই সিদ্ধান্ত সঠিক যেনেই লাগে। কিন্তু ইয়াৰ আঁৰতেই আছিল শাসকপক্ষ প্ৰধানকৈ ৰাজপাক্ষে ভাতৃদ্বয়ৰ প্ৰকৃত পৰিকল্পনা। কৰৰ বোজা হ্ৰাস কৰাৰ পিছত স্বাভাৱিকতেই অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি হৈছিল দেশখনত। তাৰ পিছতেই ব্যয়বহুল জৈৱিক কৃষিৰ অপৰিকল্পিত সিধান্ত। আৰু ইয়াৰ মোকাবিলা কৰিবলৈ লোৱা হয় হাজাৰ হাজাৰ কোটি টকাৰ বিদেশী ঋণ। কিন্তু এই ঋণৰ আঁৰত নাছিল শ্ৰীলংকা উদ্ধাৰৰ উদ্দেশ্য, আছিল বৃহৎ কমিছনৰ অংক। এই কমিছনৰ লোভত লোৱা হাজাৰ হাজাৰ কোটি টকাৰ লোণৰ ফলত দেশখনত দহ বছৰত লোৱা বিদেশী লোণৰ পৰিমাণ হয়গৈ ৫১ বিলিয়ন ডলাৰৰো অধিক।
কিন্তু এই সকলো কাৰচাজি লুকুৱাবলৈ জনসাধাৰণৰ সন্মুখত এৰি দিয়া হ’ল তামিল বিদ্বেষ আৰু মুছলমানৰ বিৰুদ্ধে সাম্প্ৰদায়িক ঘৃণা। জনসাধাৰণৰ সন্মুখত তুলি ধৰা হ’ল নতুন ছিংগাপুৰ নিৰ্মাণৰ অভূতপূৰ্ব দিবাস্বপ্ন। আৰু এই স্বপ্ন পূৰণৰ প্ৰাথমিক পদক্ষেপ হিচাপে জনসাধাৰণক দেখাবলৈ গ্ৰহণ কৰা হ’ল অভিলাষী প্ৰকল্প। ল’টাছ টাৱাৰ (১০৩.৪ নিযুত ডলাৰ), মাট্টালা ৰাজপাক্ষে ইণ্টাৰনেচনেল বিমানবন্দৰ (২০১০ নিযুত ডলাৰ), হেমবুণ্টুটা বন্দৰ (১৩২০ নিযুত ডলাৰ), সুৰিয়াৱেবা ষ্টেডিয়াম (৫০০ নিযুত ডলাৰ), মাটাৰা-মাট্টালা এক্সপ্ৰেছ ৱে’ (২৪২ বিলিয়ন), চেণ্ট্ৰেল এক্সপ্ৰেছ ৱে’(১৬০.৮ বিলিয়ন), কাইটুডুৱা-পেলামাডুল্লা এক্সপ্ৰেছ ৱে’(২৭৫ বিলিয়ন)— এই সাতটা বৃহৎ প্ৰকল্প নিৰ্মাণৰ দ্বাৰা জনসাধাৰণক দেখাব বিচৰা হ’ল নতুন ছিংগাপুৰৰ প্ৰাথমিক দৃশ্য।
কিন্তু এই বৃহৎ লোণৰ ভৰত অৰ্থনৈতিক সংকটে জুৰুলা কৰি তুলিলে শ্ৰীলংকাৰ বাস্তৱ পৰিস্থিতি। অভুতপূৰ্ব মূল্যবৃদ্ধি আৰু ইন্ধনজাত সামগ্ৰীৰ নাটনিয়ে চকু মেল খোৱালে শ্ৰীলংকান নাগৰিকৰ আৰু ইয়াৰ পৰিণতিতে সূচনা হ’ল গণবিদ্ৰোহৰ, যাৰ ফলশ্ৰুতিত শাসনৰ গাদী এৰি পলাবলৈ বাধ্য হ’ল ৰাজপাক্ষে ভাতৃদ্বয়। ইফালে প্ৰতিবাদকাৰী জনতাই ৰাষ্ট্ৰপতিৰ বাসভৱন দখল কৰাৰ পিছতে বাসভৱনৰ এটা সুৰক্ষিত ভ’ল্টৰ ভিতৰত উদ্ধাৰ কৰিছে প্ৰায় ১৭.৮ নিযুত ডলাৰ নগদ ধন, বিলাসী সম্পদ। বাসভৱনৰ ভিতৰত উদ্ধাৰ হৈছে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত সুৰক্ষিত বাঙ্কাৰ। দেশখনৰ ২.২ কোটি জনতাৰ মূৰত টাঙোন সোধাই এইদৰেই অৰ্থলোভী ৰাজপাক্ষেই নিজৰ বাবে মজুত ৰাখিছিল এনে বিয়াগোম পৰিমাণৰ সম্পত্তি। দুই ভাতৃৰ এনে অৰ্থলোভৰ নিকৃষ্ট লালসাই ভয়াৱহ দুৰ্যোগলৈ ঠেলি দিয়া ক্ষুদ্ৰ দ্বীপৰাষ্ট্ৰখনে কেতিয়া এই বিপদৰ পৰা মূৰ দাঙি উঠিব পাৰিব, সেয়া সময়েহে নিৰ্ধাৰণ কৰিব।
কেৱল শ্ৰীলংকাই নহয়, শেহতীয়া দহটা মাহৰ ভিতৰত পতন ঘটিছে আৰু দুখন এছিয়ান ৰাষ্ট্ৰ ক্ৰমে আফগানিস্তান আৰু পাকিস্তানৰ। ২০২১ চনৰ মাজভাগত কট্টৰ ইছলামিক সন্ত্ৰাসবাদী গোট তালিবানে কাৰ্যবাহী চৰকাৰক উৎখাত কৰি আফগানিস্তানৰ শাসনভাৰ দখল কৰে। তালিবানৰ দ্বাৰা শাসনৰ গাদীৰ পৰা উচ্ছেদ হোৱাৰ পাছতে দেশ এৰি পলায়ন কৰে ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে। তালিবানে দেশখনৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছতে ওলাই পৰে আফগানিস্তানৰ অৰ্থনীতিৰ পয়ালগা স্বৰূপ। ঋণত ডুব গৈ থকা আফগানিস্তানক গ্ৰাস কৰে ভয়াৱহ অৰ্থনৈতিক সংকটে।
খাদ্য, জীৱিকা আৰু স্বাস্থ্য সেৱাৰ অভাৱে আফগান নাগৰিকসকলৰ জীৱন দুৰ্বিসহ কৰি তুলিছে। পতন ঘটিছে দেশখনৰ বেংকিং খণ্ডৰ। বিদেশী সাহায্যৰ ভৰসাত উন্নয়নৰ মিছা আশ্বাসেৰে জনসাধাৰণক ভুৱা সপোন দেখুওৱা ঘানিৰ সকলো কৰ্ম বুমেৰাং হৈ পৰে তালিবানৰ ক্ষমতা দখলৰ পাছতে। হাজাৰ হাজাৰ কোটি টকাৰ ঋণত দুব গৈ থকা আফগানিস্তানৰ যোৱা বছৰকেইটাত বিদেশী ঋণৰ পৰিমাণ আছিল ক্ৰমে ২০১৯ চনত ২,৬৬১,৬৮৫,৯৫৭ মাৰ্কিন ডলাৰ, ২০১৮ চনত ২,৬৭৮,৭৬০,৪২৪ মাৰ্কিন ডলাৰ, ২০১৭ চনত ২,৭৫১,৯৮৬,৬৩৯ মাৰ্কিন ডলাৰ, ২০১৬ চনত ২,৫৯৬,০৫০,০৮৬ মাৰ্কিন ডলাৰ।
এনে বৃহৎ পৰিমাণৰ বিদেশী লোণৰ পাছতো আফগানিস্তানত সাম্প্ৰতিক সময়ত দেখা দিয়া অৰ্থনৈতিক সংকটে প্ৰাক্তন ৰাষ্ট্ৰপতি ঘানিৰ বৃহৎ কেলেংকাৰীৰ প্ৰশ্ন সমুখলৈ আনিছিল। যোৱা বৰ্ষত ‘অৰ্গেনাইজড্ ক্ৰাইম এণ্ড কৰাপচন ৰিপৰ্টিং প্ৰজেক্ট’- ৰ এক প্ৰতিবেদনত ঘানিক বিশ্বৰ অন্যতম শীৰ্ষ দুৰ্নীতিগ্ৰস্ত নেতা হিচাপে প্ৰতিপন্ন কৰা হৈছিল। আনকি আফগানিস্তান এৰি পলায়ন কৰাৰ সময়তো ঘানিয়ে বিশাল পৰিমাণৰ নগদ ধন কঢ়িয়াই নিয়া বুলি অভিযোগ উঠিছিল।
ইফালে যোৱা এপ্ৰিলত পতন হৈছিল পাকিস্তানৰ ইমৰান খান চৰকাৰৰ। মূলত: দুৰ্নীতিৰ অভিযোগতে ইমৰান খানৰ চৰকাৰে পতনৰ মুখ দেখিবলগীয়া হৈছিল। তীব্ৰ বিত্তীয় সংকটে দেখা দিয়া দেশখনত ইমৰান খানৰ দল তেহৰিক-ই-ইনচাফৰ কেইবাগৰাকীও নেতাৰ বিৰুদ্ধে উঠিছিল কেলেংকাৰীৰ অভিযোগ। দুৰ্নীতিৰ বিৰুদ্ধেই নীতিবচন আওৰাই শাসনৰ গাদীত বহা ইমৰান খানে শ্ৰীলংকাৰ ৰাজপাক্ষে ভাতৃদ্বয়ৰ ‘নতুন ছিংগাপুৰ’ সপোনৰ দৰেই ‘নতুন পাকিস্তান’ নিৰ্মাণৰ শ্ল’গান আওৰাই পাকিস্তানবাসীৰ মন জয় কৰিছিল।
কিন্তু কাৰ্যত: এই সকলো ফুটুকাৰ ফেন। অৰ্থনৈতিক মন্দাৱস্থাই দেখা দিয়াৰ পাছত পাকিস্তানৰ বিত্তীয় পৰিস্থিতি সম্পূৰ্ণ বিদেশী ঋণৰ ওপৰতে যে নিৰ্ভৰশীল সেইয়া গোমৰ ফাঁক হৈ পৰে। শেহতীয়া তথ্য অনুসৰি সৰ্বমুঠ ৯০ বিলিয়ন আমেৰিকান ডলাৰৰ অধিক বিদেশী ঋণৰ বোজাত ডুব গৈ আছে দেশখন। বৰ্দ্ধিত নিবনুৱা সমস্যা, ইন্ধনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সমস্যাই ৰামটাঙোন শোধাইছে দেশখনৰ সাধাৰণ জনতাক। কিন্তু ইয়াৰ পিছতো শাসনত থকাৰ সময়ত জাক-জমক শৈলীৰে জীৱন কটোৱাত কোনো কৃপণালী কৰা নাছিল ইমৰান খানে। ক্ষমতালিপ্সা আৰু ভোগৰ সমাহাৰেৰে দেশক ভয়াৱহ অৰ্থনৈতিক দুৰ্যোগৰ সমুখত এৰি দিয়া ইমৰান খান চৰকাৰৰ চমকৰ ৰাজনীতি আৰু তাৰ আঁৰত থকা দুৰ্নীতিৰ কুফলৰ বোজা এতিয়া কঢ়িয়াব লগা হৈছে দেশখনৰ জনসাধাৰণে।
এইদৰে মাত্ৰ ১০-১১ মাহৰ ভিতৰতে পতন হোৱা তিনি এছিয়ান ৰাষ্ট্ৰৰ শাসকীয় নেতাৰ অবিবেচকী সিদ্ধান্ত আৰু অৰ্থলোভে দেশকেইখনক এক ভয়াৱহ ভৱিষ্যতৰ ফালে পথ পোনাই থৈ গ'ল। অৰ্থনৈতিক সংকটৰ এই বক্ৰ পথৰ পৰা দেশকেইখনে উদ্ধাৰ পাবলৈ অতিক্ৰম কৰিব লাগিব হয়তো দুই-তিনিটা দশক। তেতিয়ালৈকে এই বোজা বহন কৰিব লাগিব দেশকেইখনৰ সাধাৰণ জনতাই। এনে ভয়াৱহ অৰ্থনৈতিক দুৰ্যোগৰ সমুখীন যে ভাৰত নহ'ব, তাৰ কোনো নিশ্চয়তা নাই। ইতিমধ্যেই ভাৰতীয় অৰ্থনীতিৰ দুবন্ত নাৱৰ এক পূৰ্ব ইঙ্গিত পোৱা গৈছে।