--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰটোক সুস্থ-সৱল আৰু কাৰ্যক্ষম কৰি ৰাখিবলৈ  নানান ধৰণৰ ভিটামিনৰ প্ৰয়োজন হয়৷ ভিটামিনৰ অভাৱত  দেহত নানান ৰোগে  দেখা দিব পাৰে৷ ভিটামিন ইৰ অভাৱতো নানান লক্ষণে দেখা দিয়ে৷ দৰাচলতে ভিটামিন ই-য়ে ছালৰ কোলাজেনৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে। সেইকাৰণে বৃদ্ধ বয়সৰ লক্ষণবোৰ বহু দিনৰ পিছত আহে। ভিটামিন ই-য়ে মূৰৰ ছাললৈ ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু চুলিৰ পুষ্টি প্ৰদান কৰে। একে সময়তে, চুলিবোৰ গুৰিৰ পৰা শক্তিশালী হয়।যদি ভিটামিন ই-ৰ অভাৱ হয়, কিন্তু হাড়, দাঁত ভঙ্গুৰ হৈ পৰিব পাৰে। ই ভিটামিনৰ অভাৱ হ’লে শৰীৰে পৰ্যাপ্ত পুষ্টি নাপায়।

ৰোগ প্ৰতিৰোধ  ক্ষমতাও হ্ৰাস হয়। সেয়েহে, প্ৰথমে, দৈনিক আহাৰৰ ওপৰত এবাৰ চকু দিয়ক।বিভিন্ন খাদ্য যেনে চিনাবাদাম, আখৰোট, বাদাম, বনস্পতি তেল, কণীৰ কুহুম, ঘেঁহু, চয়াবীন আৰু সূৰ্যমুখী তেল আদি হৈছে ভিটামিন ই-ৰ প্ৰাকৃতিক উৎস। ইয়াৰ লগতে, সেউজীয়া শাক-পাচলি আদিতো ভিটামিন ই পোৱা যায়।

যিসকলে দীৰ্ঘদিন ধৰি কম চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰি আহিছে, তেওঁলোকে একেবাৰে চৰ্বি নাখায়, তেওঁলোকৰ দেহতো ই ভিটামিনৰ অভাৱ ঘটিব পাৰে। বহুলোকে  প্ৰয়োজনতকৈ কম তেল খায়। আৰু তেওঁলোকৰ ক্ষেত্ৰত, এই ভিটামিন ই-ৰ অভাৱৰ ঘটাৰ আশংকা থাকে। উদ্ভিদৰ পৰা পোৱা তেল হৈছে এই ভিটামিন ই-ৰ সৰ্বশ্ৰেষ্ঠ উৎস। 

পেশীৰ দুৰ্বলতা, পেশীৰ সংকোচন, পেশীৰ মাজত কোনো  এংশত ভাৰসাম্য নোহোৱা যেন হোৱা, সঠিকভাৱে খোজ কাঢ়িব নোৱাৰা আদি হৈছে ভিটামিন ই-ৰ অভাৱত দেখা দিব পৰা সাধাৰণ লক্ষণ। 
ইয়াৰ বাহিৰেও, যদি চৰ্দি, কাহ, জ্বৰ আদিৰ দৰে সঘনাই হোৱা  সমস্যা, শৰীৰৰ বিভিন্ন অংশত বিষ হোৱা আদিও  ভিটামিন ই-ৰ অভাৱত হ’ব পাৰে ।
বহুলোকৰ স্নায়ুৰ বিভিন্ন সমস্যা যেনে ডিঙিত, পেশীত বিষ হ’ব পাৰে ।  সেয়েহে যদি আপোনাৰ এনে  সমস্যাই দেখা  দিয়ে , তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ  কৰক। 

ভিটামিন ই-য়ে আমাৰ শৰীৰক পুষ্টি প্ৰদান কৰে। সেয়েহে আপোনাৰ দৈনন্দিন আহাৰত ভিটামিন সমৃদ্ধ খাদ্য ৰাখিব। বিভিন্ন বীজ, বাদাম, সেউজীয়া পাচলি অধিক খাব।

ভিটামিন ই-ৰ অভাৱ পূৰণ কৰিবলৈ ভিটামিন ই-ৰ ব্যৱহাৰ হয়। এইটো অতি অসাধাৰণ যদিও সংক্ৰমণৰ সম্ভাৱনা থকা লোকৰ লগতে অতি কম ওজনৰ শিশুৰ ক্ষেত্ৰত এইটো ঘটে।ভিটামিন-ই হৈছে চৰ্বি-সংম্পৃক্ত ভিটামিন যি এন্টি অক্সিডেন্ট হিচাপে কাম কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক