--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: ৰিলায়েন্স গ্ৰুপৰ স্বত্বাধিকাৰী তথা দেশৰ ধৰ্নাঢ্য ব্যক্তি মুকেশ আম্বানীৰ নতুন ঠিকনাক লৈ তীব্ৰ কৌতুহলৰ সৃষ্টি হৈছে৷ শেহতীয়াকৈ লণ্ডনত এটা নতুন ঘৰ লোৱাৰ কথা সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে শুকুৰবাৰে এয়া ভিত্তিহীন তথ্য বুলি গণ্য কৰিছে আম্বানীয়ে।

শেহতীয়াকৈ বহুকেইটা সংবাদ মাধ্যমে মুম্বাইৰ ‘এণ্টিলিয়া’ নামৰ বাসভৱনটো থকাৰ উপৰি আম্বানীয়ে লণ্ডনত ৩০০ একৰ মাটিৰে আগুৰা এটা ঘৰ ক্ৰয় কৰি দেশ এৰিব এক বাতৰি প্ৰচাৰ কৰিছিল৷ ইয়াৰ পাছতে এক বিবৃতিযোগে জানিবলৈ দিয়ে যে আম্বানীৰ পৰিয়ালে লণ্ডন বা অন্য কোনো স্থানত স্থায়ীভাৱে বাস কৰিবলৈ যোৱাৰ কোনো পৰিকল্পনা নাই৷

কেৱল সেয়াই নহয় বাকিংহামশ্বায়াৰ মেনছনত আছে এখন সৰু চিকিৎসালয়ো। এগৰাকী ব্ৰিটিছ টিকিৎসকৰ নেতৃত্বত পৰিচালিত হয় এই চিকিৎসালয়খন। আম্বানী পৰিয়ালৰ বেমাৰ-আজাৰ হ’লে প্ৰথমে এই চিকিৎসালয়খনতে জৰুৰীকালীন চিকিৎসা গ্ৰহণ কৰিব পাৰিব।

বাকিংহামশ্বায়াৰ মেনছন যি স্থানত অৱস্থিত সেই স্থানক ষ্টক পাৰ্ক বুলিও জনা যায়। ষ্টক পাৰ্ক বিতোপন প্ৰাকৃতিক দৃশ্যৰে পৰিপূৰ্ণ। আম্বানীয়ে ৫৯২ কোটি টকাৰ বিনিময়ত এই ভৱনটো ক্ৰয় কৰে। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত বাকিংহামশ্বায়াৰ মেনছনত আছে ৪৯টা শোৱনী কোঠাও।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক