--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: ৰিলায়েন্স গ্ৰুপৰ স্বত্বাধিকাৰী তথা দেশৰ ধৰ্নাঢ্য ব্যক্তি মুকেশ আম্বানীৰ নতুন ঠিকনাক লৈ তীব্ৰ কৌতুহলৰ সৃষ্টি হৈছে৷ শেহতীয়াকৈ লণ্ডনত এটা নতুন ঘৰ লোৱাৰ কথা সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে শুকুৰবাৰে এয়া ভিত্তিহীন তথ্য বুলি গণ্য কৰিছে আম্বানীয়ে।

শেহতীয়াকৈ বহুকেইটা সংবাদ মাধ্যমে মুম্বাইৰ ‘এণ্টিলিয়া’ নামৰ বাসভৱনটো থকাৰ উপৰি আম্বানীয়ে লণ্ডনত ৩০০ একৰ মাটিৰে আগুৰা এটা ঘৰ ক্ৰয় কৰি দেশ এৰিব এক বাতৰি প্ৰচাৰ কৰিছিল৷ ইয়াৰ পাছতে এক বিবৃতিযোগে জানিবলৈ দিয়ে যে আম্বানীৰ পৰিয়ালে লণ্ডন বা অন্য কোনো স্থানত স্থায়ীভাৱে বাস কৰিবলৈ যোৱাৰ কোনো পৰিকল্পনা নাই৷

কেৱল সেয়াই নহয় বাকিংহামশ্বায়াৰ মেনছনত আছে এখন সৰু চিকিৎসালয়ো। এগৰাকী ব্ৰিটিছ টিকিৎসকৰ নেতৃত্বত পৰিচালিত হয় এই চিকিৎসালয়খন। আম্বানী পৰিয়ালৰ বেমাৰ-আজাৰ হ’লে প্ৰথমে এই চিকিৎসালয়খনতে জৰুৰীকালীন চিকিৎসা গ্ৰহণ কৰিব পাৰিব।

বাকিংহামশ্বায়াৰ মেনছন যি স্থানত অৱস্থিত সেই স্থানক ষ্টক পাৰ্ক বুলিও জনা যায়। ষ্টক পাৰ্ক বিতোপন প্ৰাকৃতিক দৃশ্যৰে পৰিপূৰ্ণ। আম্বানীয়ে ৫৯২ কোটি টকাৰ বিনিময়ত এই ভৱনটো ক্ৰয় কৰে। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত বাকিংহামশ্বায়াৰ মেনছনত আছে ৪৯টা শোৱনী কোঠাও।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন